ডিজিটেল সংবাদ ছয়দুৱাৰ: চিত্ৰশিল্পত থকা অগাধ দখলৰ বাবে সৰ্বভাৰতীয় সংগীত তথা সাংস্কৃতিক পৰিষদ,কলকাতাৰ পৰা "চিত্ৰৰত্ন"(এম ফাইন) উপাধি লাভ কৰিলে গহপুৰৰ বিশিষ্ট চিত্ৰ শিল্পী, এম ডি আৰ্ট স্কুলৰ অধ্যক্ষ, বাটৰ কেনভাচ অসমৰ প্ৰধান সম্পাদক দ্বীপন দিহিঙীয়াই। চিত্ৰশিল্পীগৰাকীৰ এই সফলতাৰ বাবেই দেওবাৰে তেওঁক বিশ্বনাথ জিলা সাংবাদিক সন্থা(আজু)ই বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে।
জীৱনৰ অধিকাংশ সময় শিল্প সাধনাত ব্যস্ত থকা দ্বীপন দিহিঙীয়াক সৃষ্টিশীল কাম কাজৰ স্বীকৃতি স্বৰূপে বিশ্বনাথ জিলা সাংবাদিক সন্থাই গামোচা, চেলেং আৰু সম্বৰ্ধনা পত্ৰৰে পাভৈ মীন পামত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে। চিত্ৰ শিল্পৰ ক্ষেত্রখনৰ লগতে শেহতীয়াকৈ সাংবাদিকতাৰ সৈতে জড়িত হোৱা গহপুৰ মহকুমা সাংবাদিক সন্থাৰো উপ-সভাপতি পদত থকা দ্বীপন দিহিঙীয়াক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে তেওঁৰ শুভাকাংক্ষীসকলে।
উল্লেখ্য দ্বীপন দিহঙীয়াই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপৰিও গুৱাহাটীৰ ভিন্নস্থানৰ লগতে শিৱসাগৰ, লখিমপুৰ, ধেমাজি, তেজপুৰ, কাজিৰঙা, নগাঁও, কলিয়াবৰ, বঙাইগাঁও আদি বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চিত্ৰ কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। তাৰোপৰি নেপাল, গংগাসাগৰ,কলকাতা আদি বিভিন্ন ঠাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চিত্ৰ কৰ্মশালাতো অংশগ্ৰহণ কৰিছে।
তেওঁ চিত্ৰশিল্পৰ প্ৰাসংগিকতা নৱপ্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত আন্তৰিকতাৰে কাম কৰি আহিছে। চিত্ৰশিল্পৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতা আৰু এই শিল্পত থকা দক্ষতাৰ বাবেই তেওঁ ২০১৯ চনত বাটৰ কেনভাচ শিল্প সাধনা বঁটা আৰু ২০০২ চনত ড০ আম্বেদকাৰ ফেলশ্বিপ এৱাৰ্ড লাভ কৰিছিল।
Also Read: অন্ত পৰিল দ্বিতীয় ফৰাচী বিপ্লৱ...