উপ নিৰ্বাচনঃ এইবাৰ ৰণত নামিল আপ- বিহালী, চামগুৰিত দিব প্ৰাৰ্থী...

আপ, অসমে দুটা সমষ্টিত প্ৰাৰ্থী দিয়াৰ কথা কৰিলে ঘোষণা
উপ নিৰ্বাচনঃ এইবাৰ ৰণত নামিল আপ- বিহালী, চামগুৰিত দিব প্ৰাৰ্থী...
উপ নিৰ্বাচনঃ এইবাৰ ৰণত নামিল আপ- বিহালী, চামগুৰিত দিব প্ৰাৰ্থী...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজ্যত গৰম হৈ পৰিছে উপ-নিৰ্বাচনৰ বতাহ। বিজেপিয়ে ইতিমধ্যে পাঁচ সমষ্টিত মাৰাথন প্ৰচাৰ আৰম্ভ কৰাৰ বিপৰীতে বিৰোধী প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতত বিধ্বস্ত হৈছে। তাৰ মাজতেই এইবাৰ ৰণক্ষেত্ৰত জপিয়াই পৰিছে আম আদমি পাৰ্টি।

শেষ মুহূৰ্তত দলটোৱে উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দলটোৰ পৰা উপ নিৰ্বাচনত প্ৰাৰ্থিত্ব বিচাৰি একাধিক নেতাই আবেদন কৰাৰ পাছত আপে উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সেই অনুসৰিয়েই চামগুৰি সমষ্টিত আপৰ প্ৰাৰ্থী হ'ব নুৰুল আমিন চৌধুৰী আৰু বিহালী সমষ্টিত আপৰ প্ৰাৰ্থী হ'ব অনন্ত গগৈ। এই দুই প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ অসমলৈ আগিব আপৰ কেন্দ্ৰীয় নেতৃত্ব।

আপ, অসমে জনোৱা অনুসৰি অসমৰ উপ- নিৰ্বাচনৰ প্ৰচাৰত ভাগ ল'ব দিল্লীৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় সভাপতি অৰবিন্দ কেজৰিৱাল। তাৰোপৰি আহিব দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙো।

উপ নিৰ্বাচনঃ এইবাৰ ৰণত নামিল আপ- বিহালী, চামগুৰিত দিব প্ৰাৰ্থী...
অসন্মান সহ্য নকৰে অসম জাতীয় পৰিষদেঃ নাথাকে বিৰোধী ঐক্যত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in