আমগুৰিৰ গৌৰৱ আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো ৰেফাৰী যুৱতীৰ নামত দুষ্ট চক্ৰ‌ৰ ষড়যন্ত্ৰ...

আমগুৰিৰ গৌৰৱ আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো ৰেফাৰী যুৱতীৰ নামত দুষ্ট চক্ৰ‌ৰ ষড়যন্ত্ৰ...
Published on
Updated on

ডিজিটেল সংবাদ, নামতিঃ আমগুৰি নগৰৰ পৰা পৃথিৱীৰ সৰ্বকনিষ্ঠ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱা আন্তঃৰাষ্টীয় টাইকোৱাণ্ডো ৰেফাৰী তনয়া কোঁ‌ৱৰ।

বৰ্তমান তেওঁৰ লগতে সমগ্ৰ পৰিয়ালটোৱে অস্বস্তিত দিন কটাবলগীয়া হৈছে ॥ এটা দুষ্ট চক্ৰ‌ই আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰেফাৰী গৰাকীৰ আত্মসন্মান আৰু চৰিত্ৰত আঘাত হনাৰ অপচেষ্টাত লিপ্ত হৈছে ।অজ্ঞাত দুষ্ট চক্ৰটোৱে পৰ্ণ চাইটৰ এটা অশ্লীল ভিডিঅ তনয়া কোঁৱৰৰ বুলি সামাজিক মাধ্যমত ভাইৰেল কৰি তনয়া কোঁ‌ৱৰৰ সন্মান লাঘৱ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে।

ভাইৰেল অশ্লীল ভিডিঅ'ৰ নায়িকাৰ সৈতে আকাৰ আকৃতি তনয়া কোঁ‌ৱৰৰ সৈতে একোৰেই মিল নাই তথাপি একাংশ ধুৰন্ধৰ প্ৰকৃতিৰ লোকে হুৱাটচাপৰ জৰিয়তে সেয়া তনয়াই হয় বুলি মোবাইলে মোবাইলে বিয়পাইছে বুলি তনয়া কোঁৱৰে অভিযোগ উত্থাপন কৰিছে। ভিডিঅ'টি ভাইৰেল হোৱাৰ পিছৰপৰাই তনয়ালৈ বিভিন্নজনে কল কৰি ভিডিঅ'ৰ সম্পৰ্কে প্ৰশ্নৰ অৱতাৰনা কৰা বুলিও তনয়াই জানিবলৈ দিয়ে।

ফলত বিশ্ব ৰেকৰ্ডৰ অধিকাৰী আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো ৰেফাৰী তনয়া কোঁ‌ৱৰ মানসিক ভাৱে ভাগি পৰাই নহয় হতাশাত ভুগিছে। ভুক্তভোগী তনয়া কোঁ‌ৱৰে এই ষড়যন্ত্ৰৰ এক উচিত তদন্তৰ দাবী জনাইছে।

তেখেতে ইতিমধ্যে ন্যায় বিচাৰি আমগুৰি আৰক্ষী আৰু শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে।এইক্ষেত্ৰত টাইকোৱাণ্ডো একাডেমী ইণ্ডিয়ায়ো বিষয়টিৰ সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছে।

নাৰীৰ সন্মান লাঘৱ কৰিবলৈ চেষ্টা কৰা এনে জঘন্য ঘটনাৰ সন্দৰ্ভত আৰক্ষী প্ৰশাসনে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰে বা প্ৰকৃত দোষীক কৰায়ত্ত কৰি কি শাস্তি প্ৰদান কৰে পৰৱৰ্তী সময়ত সেয়া লক্ষ্যনীয় হব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in