বিশ্বনাথত আমছুৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী

বিশ্বনাথত আমছুৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী
Published on
Updated on

ডিজিটেল সংবাদ,বিশ্বনাথ : বিশ্বনাথ নগৰত সোমবাৰে আমছুই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে বিশ্বনাথ নগৰৰ মাজমজিয়াত বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিভিন্ন শ্লগান প্ৰদৰ্শন কৰি বিশ্বনাথৰ আকাশ বতাহ কপাই তোলে।

উল্লেখ্য যে লাওখোৱা অভয়াৰণ্যত বনকৰ্মীৰ গুলিত দুই মাছমৰীয়া নিৰীহ ভাতৃক নিহত কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বিশ্বনাথতো আমছুয়ে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে এই ঘটনাৰ তীব্র গৰিহণা দিয়ে।

আমছুৰ কেন্দ্ৰীয় সমিতিৰ নেতা কুদ্দুছ আলি সৰকাৰে উক্ত ঘটনাৰ তীব্র ভাষাৰে গৰিহণা দি অসমৰ মুখ্যমন্ত্ৰীৰ হাতত থকা গৃহ বিভাগ সম্পূৰ্ণৰূপে বিফল হৈছে বুলি দাবী কৰে। লগতে ঘটনাৰ উচিত তদন্তৰ দাবী জনায়।

ইয়াৰোপৰি বন বিভাগৰ বনকৰ্মীয়ে কাৰ নিৰ্দেশত কাৰ নেতৃত্বত এইদৰে নিৰীহ মাছমৰীয়া দুই ভাতৃক গুলিয়াই হত্যা কৰিলে তাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰে।নহ'লে আমছুয়ে আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in