ডিজিটেল সংবাদ,গুৱাহাটী : এতিয়া যেন আপৰ মূল লক্ষ্য হৈ পৰিছে, শাসনাধিষ্ঠিত চৰকাৰখনক গাদীচ্যুত কৰা ! লোকসভা নির্বাচনৰ প্রাক্ক্ষণত বিভিন্ন ৰাজনৈতিক দলৰ লগতে আম আদমি পার্টীয়েও নির্বাচনী প্রচাৰৰ কুচকাৱাজ আৰম্ভ কৰিছে। আৰম্ভ কৰিছে ৰণকৌশলো। ইতিমধ্যে কিছুদিন পূৰ্বে আপ,অসমে দিল্লীত অৰবিন্দ কেজৰিৱালৰে বৈঠক পাতি ৰণকৌশল প্ৰস্তুত কৰাৰ কথা জানিবলৈ দিছে।
মঙলবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তর্গত দুধনৈ (জনজাতি) বিধানসভা সমষ্টিৰ ৰংজুলি গৰাইমাৰী খেলপথাৰত অঞ্চলটোৰ দুই শতাধিক ৰাইজৰ উপস্থিতিত আম আদমি পাটীৰ এখন জনসভা অনুষ্ঠিত হৈ যায়। সভাত উপস্থিত থাকি 'আপ'ৰ সভাপতি তথা গুৱাহাটী লোকসভা সমষ্টিৰ প্রার্থী ডাঃ ভবেন চৌধুৰীয়ে গণতন্ত্র বিৰোধী, সংবিধান বিৰোধী, কৃষক-শ্রমিককে ধৰি সৰ্বসাধাৰণ লোকৰ জনস্বার্থ বিৰোধী বিজেপিক উৎখাত কৰাটোৱে হৈছে বর্তমান সময়ৰ কৰ্তব্য বুলি ভাষণত উল্লেখ কৰে।
সভাপতি চৌধুৰীয়ে আগন্তুক লোকসভাৰ নির্বাচনত বিজেপিক গাদীচ্যুত কৰাৰ বাবে সকলো ঐক্যবদ্ধ হ'বলৈ আহ্বান জনায়। সভাত উপস্থিত থকা আপৰ ৰাষ্ট্রীয় তত্ত্বাৱধায়ক ৰাজেশ শর্মাই কয় যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কোৱা শান্তিৰ অসমত আজি নিজৰ প্রাপ্য বিচাৰি লাখ লাখ লোকে চৰকাৰখনৰ বিৰুদ্ধে আন্দোলনত নামি পৰিছে।
হিমন্ত বিশ্ব শর্মাই কোৱাৰ দৰে এইখন অসম শান্তিৰ অসম নহয় বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। সভা সমাপ্তিৰ পিছত দলটোৰ কর্মকর্তাসকলে অঞ্চলটোৰ জনসাধাৰণৰ লগত মত বিনিময় কৰি তেওঁলোকৰ বিভিন্ন সমস্যাৰ বুজ লয়।
Also Read: দিন-দুপৰতে চোৰৰ অতপালি : গাড়ীৰ আইনা ভাঙি লুটি নিলে ৩লক্ষাধিক টকা