আপৰ অভিযোগ ASTC ক ব্যক্তিগতকৰণৰ চক্ৰান্ত চৰকাৰৰ...

আপৰ অভিযোগ ASTC ক ব্যক্তিগতকৰণৰ চক্ৰান্ত চৰকাৰৰ...

author-image
Asomiya Pratidin
New Update
আপৰ অভিযোগ ASTC ক ব্যক্তিগতকৰণৰ চক্ৰান্ত চৰকাৰৰ...

ডিজিটেল সংবাদ গুৱাহাটীঃ অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৭৭১গৰাকী কৰ্মচাৰীক হঠাতে কামৰ পৰা চাটাই কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে আম আদমি পার্টিয়ে। দলটোৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদ মেলত 'আপ' অসমৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাই কয় যে, অসম ৰাজ্যিক পৰিবহণ নিগমত কৰ্মৰত ৭৭১গৰাকী কৰ্মঠ অসমীয়াক কামৰ পৰা চাটাই কৰাটো হিমন্তবিশ্ব শৰ্মা চৰকাৰৰ এক হঠকাৰী সিদ্ধান্ত।

মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এইসকল ব্যক্তি অযোগ্য নহয়। আই টি আই কম্পিউটাৰ শিক্ষা, ইঞ্জিনীয়াৰিংৰ ডিগ্ৰী থকা বহু দক্ষ ব্যক্তি ইয়াৰ মাজত আছে। এই দক্ষ লোকসকলে বছৰ বছৰ ধৰি পৰিবহণ নিগমক সামান্য পাৰিতোষিকৰ বিনিময়ত সেৱা আগবঢ়াই আহিছে।

যাৰ বাবে এতিয়া ৰাজপথত নিগমৰ বাছসমূহ চলি থাকিব পাৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে এই নিযুক্তি অবৈধ, নতুনকৈ বিজ্ঞাপন দি পুনৰ এই নিযুক্তি দিয়া হ'ব। কিন্তু ১০-১২ বছৰ কাম কৰা এই ব্যক্তিসকলৰ আৰু নিযুক্তিৰ বাবে পৰীক্ষা দিয়াৰ বয়স নাই।

৪০ উৰ্ধৰ ব্যক্তিসকলে কেনেকৈ এই নিযুক্তি প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰিব পাৰিব। গতিকে মুখ্যমন্ত্ৰীয়ে এই ৭৭১টা পৰিয়ালক ভাতে মৰাৰ চেষ্টা কৰিছে। এই কৰ্মচাৰীসকলক চাটাই কৰাৰ আঁৰত পৰিবহণ নিগমটোক ব্যক্তিগতকৰণ কৰাৰ চক্ৰান্ত থকা বুলি আপ, অসমে সন্দেহ প্ৰকাশ কৰে।

কিয়নো বছৰ বছৰ ধৰি পৰিবহণ নিগমত স্থায়ী নিযুক্তি নোহোৱাৰ বাবে আগন্তুক ২০২৫ চনলৈ মাত্ৰ কেইজনমানৰ বাহিৰে প্ৰায় সংখ্যকেই অৱসৰ লোৱাৰ সময় হ'ব। আনহাতে পৰিবহণ নিগমৰ ৭০০ বিঘাতকৈও অধিক নিজা মাটি আছে। এই মাটি বহু মূল্যবান সম্পত্তি ।

গতিকে পৰিবহণ নিগমক ব্যক্তিকৰণ কৰি এই মাটি আদানীৰ দৰে কোনো ব্যৱসায়ীক গতাই দিয়াৰ চক্ৰান্ত হ'ব পাৰে বুলি আপে সন্দেহ কৰিছে । মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যদি ৭৭১ গৰাকী লোকৰ নিযুক্তি অবৈধ তেন্তে ইয়াৰ বাবে জগৰীয়া বিজেপি চৰকাৰ।

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী যোৱা বিজেপিৰ চৰকাৰৰ পৰিবহণ মন্ত্ৰী আছিল আৰু পূৰ্বৰ বিজেপি চৰকাৰেই আই পি এছ বিষয়া আনন্দ প্রকাশ তিৱাৰীক নিগমৰ পৰিচালন সঞ্চালক পাতিছিল। গতিকে এই নিযুক্তি যদি অবৈধ তেন্তে প্রথমে আনন্দ প্রকাশ তিৱাৰী আৰু চন্দ্ৰমোহন পাটোৱাৰীক গ্ৰেপ্তাৰ কৰি দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা লৈ দেখুৱাওক।

মুখ্যমন্ত্ৰীয়ে যদি অবৈধ নিযুক্তিৰ বিৰুদ্ধে ইমান কঠোৰ তেন্তে এ পি এছ চি নিযুক্তি সন্দৰ্ভত ন্যায়াধীশ বি কে শৰ্মাই দুৰ্নীতিৰে চাকৰি লোৱাসকলৰ নাম প্ৰতিবেদনত উল্লেখ কৰাৰ পিছতো কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? মুখ্যমন্ত্রীয়ে নিজকে দক্ষ আৰু চৰকাৰখন বিকাশৰ চৰকাৰ বুলি জাহিৰ কৰিব বিচাৰে। কিন্তু চকুৰ আগতেই তিল তিলকৈ ধ্বংস হ'ব ধৰা পৰিবহন নিগমটো ৰক্ষা কৰিবলৈ ব্যৱস্থা ল'ব নোৱাৰা মুখ্যমন্ত্ৰীক কি দৰে দক্ষ বুলি কম?

চলি থকা এটা কার্যালয় ভাঙি আন ঠাইলৈ নিয়া আৰু কেইখনমান উৰণীয়া সেতু নিৰ্মাণ কৰাটোৱেই বিকাশ নহয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন কেৱল চমক সৃষ্টি কৰা চৰকাৰ। সেই কথা শেহতীয়াকৈ কেবাখনো চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা কাৰ্যই ৰাইজক দেখুৱাই দিছে বুলি সংবাদ মেলত মন্তব্য কৰে। আজিৰ সংবাদ মেলত জয়ন্ত শ‍ইকীয়া, বল্লভ পাত্ৰ অনুৰূপা ডেকাৰজা আৰু হেপী গগৈও উপস্থিত থাকে।

Also Read: প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ প্ৰভাৱ: উঁয়ে খোৱা মথাউৰীৰ পকীপথ পৰিদর্শন বিভাগীয় সচিবৰ...

পৰিবহণ বিভাগ আপ অসম