ডিজিটেল সংবাদ বৰপেটাঃ ৰাজ্যত ভুৱা শিক্ষা মডেল চলি আছে বুলি অভিযোগ উত্থাপন কৰি আজি আম আদমি পাৰ্টীয়ে বৰপেটাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ কৰা প্ৰতিবাদীসকলে একত্ৰীকৰণৰ নামত বিদ্যালয় বিলুপ্তিকৰণ বন্ধ কৰক , বিদ্যালয়সমুহত পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়ক , বিদ্যালয় সমূহত কম্পিউটাৰ শিক্ষাৰ প্ৰচলন কৰক , বিদ্যালয় সমুহৰ আন্ত:গাঁথনিৰ উন্নয়ন কৰক আদি বিভিন্ন শ্লোগান দিয়ে ৷
বৰপেটা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আম আদমি পাৰ্টিৰ কৰ্মীসকলে কয় যে, ৰাজ্য চৰকাৰে অসমত শিক্ষা ব্যৱস্থাৰ আমূল পৰিবৰ্তন অনা বুলি কৈ আহিলেও ৰাজ্যখনত এক ভুৱা শিক্ষা মডেল হে চলি আছে ৷ প্ৰতিবাদীসকলে গোটেই অসমত নিজাববীয়াকৈ ছাৰ্ভে কৰা বুলি মন্তব্য কৰি কয় যে , অসমত ৬০ শতাংশ বিদ্যালয়ত খোৱা পানীৰ ব্যৱস্থা নাই ৷ ৭০ শতাংশ বিদ্যালয়ৰ খেল পথাৰ নাই বুলি উল্লেখ কৰি প্ৰতিবাদীসকলে কয় যে, ৮৪ শতাংশ বিদ্যালয়ত পুথিভঁড়াল নাই ৷
ৰাজ্যৰ ৯৫ শতাংশ বিদ্যালয়ত বৰ্তমানো কম্পিউটাৰৰ ব্যৱস্থা কৰা নাই বুলি মন্তব্য কৰে প্ৰতিবাদীসকলে ৷ প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ইণ্ডিয়াৰ কথা কৈ থাকে যদিও বিদ্যালয়ত যদি কম্পিউটাৰৰ শিক্ষা দিয়া নহয় তেনেহ’লে কেনেকৈ ডিজিটেল ইণ্ডিয়া হ’ব বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদী সকলে ৷
প্ৰতিবাদীসকলে কয় যে , চৰকাৰখনে কথাৰেহে চমক সৃষ্টি কৰিব বিচাৰে। ৰাজ্যখনৰ বহু বিদ্যালয়ত আন্ত:গাঁথনিৰ অৱস্থা একেবাৰে শোচনীয় ৷ বহু বিদ্যালয়ত শিক্ষকৰ অভাৱ আছে বুলি উল্লেখ কৰি প্ৰতিবাদীসকলে কয় যে, শিক্ষকৰ অভাৱৰ বাবেই বহু ছাত্ৰ-ছাত্ৰী নিয়মীয়া পাঠ গ্ৰহণৰ পৰা বঞ্চিত হ'বলগা হৈছে ৷
ইপিনে, বিদ্যালয় একত্ৰীকৰণৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰতিবাদীসকলে কয় যে , একত্ৰীকৰণৰ বিপৰীতে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰহে প্ৰয়োজন ৷
চৰকাৰখনে অসমত চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰাৰ বিপৰীতে ব্যক্তিগত বিদ্যালয়ৰ নিৰ্মাণেৰে শিক্ষা ব্যৱস্থাক ব্যৱসায়লৈ পৰিৱৰ্তন কৰা বুলি অভিযোগ তোলে আম আদমি পাৰ্টীৰ প্ৰতিবাদীসকলে ৷ ইপিনে, অনুমতি নোলোৱাকৈ প্ৰতিবাদ কৰাৰ বাবে বৰপেটা আৰক্ষীয়ে আম আদমি পাৰ্টীৰ প্ৰতিবাদকাৰীসকলক আটক কৰি বৰপেটা সদৰ থানালৈ লৈ যায়৷