চিৰাঙত মুখ্যমন্ত্ৰী আৰু ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ আছাৰ

জনজাতিকৰণৰ নামত আদিবাসী সকলক চৰম প্ৰতাৰণা অসম চৰকাৰৰ...
চিৰাঙত মুখ্যমন্ত্ৰী আৰু ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ আছাৰ
Published on
Updated on

ডিজিটেল সংবাদ,চিৰাং: অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীয় লোক সকলৰ লগতে ৰাজ্যৰ অন্যান্য ৬জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত অসম চৰকাৰে প্ৰতাৰণা আৰু হেতালি কৰাৰ অভিযোগ উত্থাপন কৰিছে আছাই। চিৰাঙৰ গৰুভাষাত মুখ্যমন্ত্ৰী আৰু জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী ডঃ ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ আদিবাসী ছাত্ৰ এছোচিয়েচন চমুকৈ আছাই।

প্ৰতিবাদকাৰী সকলে জনজাতিকৰণৰ নামত আমাক প্ৰতাৰণা কৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, মন্ত্ৰী ৰণোজ পেগু মুৰ্দাবাদ, আদিবাসী সকলক জনজাতিকৰণ কৰিবই লাগিব, জনজাতিৰ মৰ্যাদা অবিহনে ক্ষান্ত নহও আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। অসম বিধানসভাৰ শৰৎকালীন অধিবেশনত আদিবাসী জনগোষ্ঠীৰ লগতে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পেগুৱে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত অসম চৰকাৰৰ স্থিতি স্পষ্ট কৰে।

ইয়াৰ পিছতেই অসমৰ বিভিন্ন প্ৰান্তত জনজাতিকৰণৰ দাবী উত্থাপন কৰি সংগ্ৰাম কৰি থকা জনগোষ্ঠীয় লোকসকলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয়। আজি চিদলী থানাৰ গৰুভাষাত আছাৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ উপস্থিতিত জিলা আছাই জনজাতিকৰণৰ নামত আদিবাসী লোক সকলৰ আৱেগ অনুভূতিক অপমান কৰাৰ লগতে আৰু চৰম প্ৰতাৰণা কৰা মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী ডঃ ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কৰে। লগতে অসম তথা কেন্দ্ৰীয় চৰকাৰৰ এই চৰম প্ৰতাৰণাৰ যোগ্য প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আমি সাজু হৈ আছো বুলি হুংকাৰ প্ৰদান কৰে উপস্থিত আছাৰ নেতৃত্ব সকলে ।

চিৰাঙত মুখ্যমন্ত্ৰী আৰু ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ আছাৰ
ষ্টক মাৰ্কেটত ধন বিনিয়োগৰ নামত শ শ কোটি টকা সংগ্ৰহ কৰা বিশাল ফুকনক আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in