আছুৰ জৰুৰী কাৰ্যনিৰ্বাহক সম্পন্নঃ বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ ৰূপায়ণৰ কাৰ্যপন্থা সন্দৰ্ভত আলোচনা...

বিৰোধীৰ সমালোচনাক কটাক্ষ আছু নেতৃত্বৰ
আছুৰ জৰুৰী কাৰ্যনিৰ্বাহক সম্পন্নঃ বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ ৰূপায়ণৰ কাৰ্যপন্থা সন্দৰ্ভত আলোচনা...
আছুৰ জৰুৰী কাৰ্যনিৰ্বাহক সম্পন্নঃ বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ ৰূপায়ণৰ কাৰ্যপন্থা সন্দৰ্ভত আলোচনা...
Published on
Updated on

ডিজিটেল ডেস্কঃ আজি গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ অতি গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক বৈঠক। এই বৈঠকত অসম চুক্তিৰ ছয় নং দফাৰ কাৰ্যকৰীকৰণৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপৰ সন্দৰ্ভত বহু কেইটা বিষয় আলোচনা কৰা হয়।

যোৱা ২৫ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰে সদৌ অসম ছাত্ৰ সন্থাৰ আলোচনাৰ পাছত পৰৱৰ্তী কাৰ্যপন্থা সন্দৰ্ভত আজিৰ এই বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। সন্থাই চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰীকৰণৰ বাবে হেঁচা প্ৰয়োগ কৰি যাব বুলি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটীয়ে যিসমূহ পৰামৰ্শ আগবঢ়াইছিল সেই পৰামৰ্শসমূহৰ ভিতৰত ৰাজ্য চৰকাৰ অধীনৰ পৰামৰ্শসমূহ কাৰ্যকৰীকৰণৰ বাবে আগবঢ়া প্ৰচেষ্টাক আগন্তক সময়ত কিদৰে আগুৱাই নিব সেই সন্দৰ্ভত এই জৰুৰী কাৰ্য নিৰ্বাহকত আলোচনা কৰা হয়। উল্লেখ্য যে, অসম চুক্তিৰ বিষয়সমূহ কাৰ্যকৰী কৰাৰ লক্ষ্যৰে কাৰ্যসূচী প্ৰস্তত কৰিবলৈ অহা ২৫ অক্টোবৰত অসম চৰকাৰে নিমন্ত্ৰণ জনাইছে সদৌ অসম ছাত্ৰ সন্থাক।

সেয়ে কৰ্মপন্থা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যাতে বিসংগতি ৰৈ নাযায় তাৰ ওপৰত চোকা নজৰ ৰাখিব সদৌ অসম ছাত্ৰ সন্থাই। সভাৰ অন্তত সভাপতি উৎপল শৰ্মাই কয়, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত গঠিত সমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ প্ৰতিটো দফা প্ৰাসংগিক। প্ৰতিটো দফাই কাৰ্যকৰী হোৱাতো বিচাৰে সদৌ অসম ছাত্ৰ সন্থাই। তাৰে ৰাজ্য চৰকাৰৰ অধীন যিসমূহ বিষয় আছে সেইবোৰ যদি ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিবলৈ বিচাৰে তাত ছাত্ৰ সন্থাই ইতিবাচক সহাৰি আগবঢ়াব।

তেওঁ কয়, প্ৰতিবেদনত আসন সংৰক্ষণৰ কথা আছে, ৰাজনৈতিক সংৰক্ষণৰ কথা আছে, অসমত উচ্চ সদন স্থাপনৰ কথা আছে, অসমত ইনাৰ লাইন পাৰ্মিটৰ কথা আছে সেই বিষয় সমূহত আমাৰ হেঁচা অব্যাহত থাকিব। ইতিবাচক কথাটো হৈছে অসম সদৌ অসম ছাত্ৰ সন্থা, অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ মাজত ত্ৰিপাক্ষিক বৈঠকৰ বাবে অসম চৰকাৰে অনুৰোধ জনাম বুলি কৈছে। তেওঁ ৰাজ্যিক কাৰ্যনিৰ্বাহকত আমি কৰ্মপন্থা বা কৰ্মসূচী নিৰূপণৰ সম্পৰ্কত আলোচনা কৰা হয় বুলিও কয়।

সংগঠনটোৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, সংবিধানৰ সংশোধন কৰি হলেও অসমৰ খিলঞ্জীয়া মানুহক বিপ্লৱ শৰ্মা কমিটীয়ে কোৱাৰ ধৰণে সাংবিধানিক ৰক্ষা কৱচ দিব লাগিব। বিপ্লৱ শৰ্মা সমিতিৰ পৰামৰ্শ ৰূপায়ণৰ বাবে আলোচনা লৈ মাতিলে আমি আলোচনালৈ ফলাফল বিচাৰি যাম। ফলাফল নোপোৱা লৈকে আমি শান্ত নাথাকো।

ইফালে বিৰোধী ৰাজনৈতিক দলসমূহে ছয় নং দফা কাৰ্যকৰীকৰণ তথা বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ কাৰ্যকৰীকৰণ সন্দৰ্ভত কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া দিয়ে সংগঠনটোৱে। সভাপতি উৎপল শৰ্মাই কয়, তেওঁলোকে অসম চুক্তি কাৰ্যকৰী হোৱাটো নিবিচাৰে। তেওঁলোকে অসম চুক্তিৰ ছয় নং দফাৰ জৰিয়তে অসমৰ খিলঞ্জীয়া মানুহে সাংবিধানিক ৰক্ষা কৱচ পোৱাটো নিবিচাৰে সেই কথা তেওঁলোকৰ বক্তব্যত প্ৰতিয়মান হৈছে।

ড০ ভট্টাচাৰ্যই বিৰোধীৰ বক্তব্যৰ প্ৰত্যুত্তৰত কয়, চৰকাৰে আলোচনা কৰোঁতে এইবাৰ আকৌ কয় যে, বিজেপিৰ সহায় কৰিব বিচাৰিছে নেকি? চৰকাৰ আহিছে গৈছে। চৰকাৰ আহিব, যাব। কোন দলৰ চৰকাৰ আহিছে, কোন দলৰ চৰকাৰ গৈছে, কোন দলৰ চৰকাৰে কি কৰিছে অসমৰ ৰাইজে ভালকৈ দেখিছে। ছাত্ৰ সন্থাক ফলাফল লাগে। ফলাফলৰ লক্ষ্যৰে হে আমি আগবাঢ়ি আহিছো। উল্লেখ্য, এই কাৰ্যনিৰ্বাহক বৈঠকৰ পাছতে ৰাজ্যৰ প্ৰতিখন জিলাৰ আছুৰ প্ৰতিনিধিৰ সৈতে এক বিশেষ প্ৰতিনিধি সভাও অনুষ্ঠিত হয়।

আছুৰ জৰুৰী কাৰ্যনিৰ্বাহক সম্পন্নঃ বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ ৰূপায়ণৰ কাৰ্যপন্থা সন্দৰ্ভত আলোচনা...
অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক সতীশ চন্দ্ৰ চৌধুৰী আৰু নাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in