ডিজিটেল ডেস্কঃ আছুত এতিয়াৰে পৰা নাথাকিব ৪০ উৰ্ধৰ কোনোলোক। দুলীয়াজান অধিৱেশনৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিব আছুয়ে।
৪ দিন পাছত মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ সন্থাৰ অষ্টাদশ মৰিগাঁও অধিৱেশন অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ছাত্ৰ সন্থাৰ ভিতৰচৰাত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। এই অধিৱেশনৰ পূৰ্বে সংগঠনটোৰ নেতা কৰ্মীসকলৰ বয়স বিতৰ্কই বাৰুকৈয়ে চৰ্চা লাভ কৰিছে।
২০২০ চনৰ নৱেম্বৰত দুলীয়াজানত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ কেন্দ্রীয় অধিবেশনৰ প্রতিনিধি সভাই বয়সৰ প্ৰসংগত এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই অনুসৰি বয়সৰ সীমা নিৰ্ধাৰণ কৰিছিল ৪০ বছৰ। অৰ্থাৎ ৪০ বছৰ বয়সলৈকেহে থাকিব পাৰিব ছাত্ৰ সংগঠনটোত। লগতে বিবাহ পাশত আৱদ্ধ হ'লে আছুৰ পদ ত্যাগ কৰিব লাগিব।
তদুপৰি এই সভাতেই শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰতো সিদ্ধান্ত লোৱা হৈছিল। সেই অনুসৰি আছুৰ কেন্দ্রীয় সমিতিৰ বিষয়ববীয়া হ'বলৈ সদস্যৰ নিম্নতম শিক্ষাগত অৰ্হতা স্নাতক আৰু কেন্দ্রীয় কাৰ্যনিৰ্বাহকৰ কাৰ্যকাল এবছৰৰ পৰিবৰ্তে তিনি বছৰ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ইয়াৰোপৰি আৰু কেইবালাগি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল এই সভাত।
কিন্তু বয়সকে ধৰি শিক্ষাগত অৰ্হতাৰ প্ৰস্তাৱ এতিয়ালৈকে কাৰ্যকৰী হোৱা নাছিল। ইয়াৰ বিৰুদ্ধে ছাত্ৰ নেতা দিব্যজ্য়োতি মেধীয়ে গুৱাহীট সত্ৰ ন্যায়াধীশ আদালতত ৰুজু কৰিছিল এক গোচৰ। এই গোচৰৰ শুকুৰবাৰৰ শুনানিৰ এনিশা পূৰ্বে সংগঠনটোৰ সভাপতি উৎপল শৰ্মা আৰু সম্পাদকে শংকৰজ্যোতি বৰুৱাই সকলো জিলা সমিতিলৈ এক পত্ৰ প্ৰেৰণ কৰে। য'ত লিখে যে দুলীয়াজান অধিৱেশনৰ গৃহীত প্ৰস্তাৱ সমূহ মৰিগাঁও অধিৱেশনৰ পৰা কাৰ্যকৰী হ'ব। লগতে ৪০ উৰ্ধৰ কোনো লোকক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিলৈ প্ৰতিনিধি হিচাপে নপঠিয়াবলৈ আহ্বান জনায়।
দুলীয়াজান অধিৱেশনৰ প্ৰস্তাৱ ৩ বছৰ পেলাই ৰাখি আদালতৰ শুনানিৰ পূৰ্বে কাৰ্যকৰী কৰিবলৈ লোৱা সিদ্ধান্তই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। আনহাতে এই নিয়ম প্ৰযোজ্য় নহয় আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ ক্ষেত্ৰত।
উল্লেখ্য যে, ২০২২ চনৰ নৱেম্বৰত লখিমপুৰত অনুষ্ঠিত হৈছিল আছু সাধাৰণ সভা। সেই সভাতেই আছুৰ সেই সময়ৰ সভাপতি দীপাকে কুমাৰ নাথে ২০২০ চনত দুলীয়াজনে অধিবেশনত গৃহীত সংবিধান সংশোধনীৰ প্ৰস্তাৱ উলংঘা কৰি এক বিশেষ ঘোষণা কৰিছিল। তেওঁ কৈছিল যে ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই নিজে যেতিয়ালৈকে বিচাৰে তেতিয়ালৈকে উপদেষ্টা হৈ থাকিব পাৰিব।
কিন্তু এই ঘোষণাআছিল ইতিপূর্বে সংশোধিত হোৱা সংবিধানৰ পৰিপন্থী। কাৰণ ড° ভট্টাচাৰ্যৰ বৰ্তমান প্রায় ৬৫ বছৰ। গতিকে আন ৪০ উৰ্ধৰ ব্যক্তিসকলক কেন্দ্ৰীয় নিৰ্বাহকৰ পৰা আঁতৰাই লখিমপুৰ সাধাৰণ সভাৰ প্ৰস্তাৱক শিখণ্ডী কৰি ৬৫ বছৰ গৰকা ভট্টাচাৰ্যক আজীৱন ছাত্র সংগঠনটোত বাহাল ৰখাৰ বাবে উৎপল শর্মা-শংকৰজ্যোতি বৰুৱাই কৌশল ৰচনা কৰা বুলি জানিব পৰা গৈছে।
তদুপৰি বৰ্তমানৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিখন ৫০ৰ উৰ্ধৰ ব্যক্তিৰে ভৰি আছে। কিন্তু এতিয়া ৬৫ বছৰীয়া সমুজ্জ্বল ভট্টাচাৰ্যক লখিমপুৰ সাধাৰণ সভাৰ বিতৰ্কিত প্ৰস্তাৱৰ ওপৰত ভিত্তি কৰি আজীৱন ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা বাহাল ৰাখি মৰিগাঁও অধিৱেশনত মৰিগাঁৱৰ প্ৰতিনিধি সভাত শেষ নিশা দুলীয়াজান অধিবেশনত তিনি বছৰ পূৰ্বে বয়সৰ ঊর্ধ্বসীমা আৰু নিম্নতম শিক্ষাগত অৰ্হতাক লৈ গ্ৰহণ কৰা সংবিধান সংশোধনীৰ প্ৰস্তাৱটোকেই সলাই পেলোৱাৰ ব্লু-প্রিন্ট ৰচা বুলি অভিযোগ উঠিছে। সেয়া হ'লে ভট্টাচাৰ্যসহ আন সকলো বৃদ্ধ ছাত্ৰ নেতা থাকিব কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত।
Also Read: মোডী-শ্বাহে উপভোগ কৰিব বিশ্বকাপৰ ফাইনেল, আহিব পাৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী