হাটশিঙিমাৰীত আছুৰ বিক্ষোভ কাৰ্যসূচী, বিদ্যুত মাচুল বৃদ্ধিৰ বিৰুদ্ধে আৰু নিয়মীয়া বিদ্যুত যোগানৰ দাবীত উপায়ুক্তৰ কাৰ্যলয়ৰ সম্মুখত উত্তাল প্ৰতিবাদ...

author-image
Asomiya Pratidin
New Update
হাটশিঙিমাৰীত আছুৰ বিক্ষোভ কাৰ্যসূচী, বিদ্যুত মাচুল বৃদ্ধিৰ বিৰুদ্ধে আৰু নিয়মীয়া বিদ্যুত যোগানৰ দাবীত উপায়ুক্তৰ কাৰ্যলয়ৰ সম্মুখত উত্তাল প্ৰতিবাদ...

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদ আৰু অনমীয়া বিদ্যুত যোগান নিয়মীয়া কৰাৰ দাবীত আজি হাটশিঙিমাৰীত আছুয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।

উল্লেখযোগ্য যে সদৌ দক্ষিণ শালমাৰা-মানকাচৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি দিনৰ ১২ বজাত হাটশিঙিমাৰীত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়। জিলা আছুৰ সভাপতি শ্বৰিফুল ইচলাম প্ৰধানীৰ নেতৃত্বত অৰ্ধ শতাধিক আছু কৰ্মীয়ে হাটশিঙিমাৰী মহাবিদ্যালয় খেল পথাৰৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যলয়লৈ এক প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্থ কৰে।

দিনৰ প্ৰায় ১২.৩০ বজাত প্ৰতিবাদী সমদলটো উপায়ুক্তৰ কাৰ্যলয়ৰ সম্মুখত উপস্থিত হৈ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা মুৰ্দাবাদ, অসম চৰকাৰ মুৰ্দাবাদ, বিদ্যুত বিভাগ হায় হায়, বিদ্যুত মাচুল বৃদ্ধি আমি মানি নলও, বিদ্যুত যোগান নিয়মীয়া কৰক আদি শ্লোগানেৰে উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ আকাশ-বতাহ কপাই তোলে।

প্ৰতিবাদৰ নেতৃত্ব দিয়া জিলা আছুৰ সভাপতি গৰাকীয়ে কয় যে বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদ আৰু নিয়মীয়া বিদ্যুত যোগানৰ দাবীত আজি ৰাজ্যজুৰি আছুয়ে বিক্ষোভ কাৰ্যসূচী গ্ৰহন কৰিছে।

এই কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক বিদ্যুতৰ সমস্যা সমাধান কৰিবলৈ আছুয়ে দাবী তুলি বিদ্যুত মাছুল বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবী উত্থাপন কৰে। চৰকাৰে আছুৰ দাবী মানি নললে অনাগত দিনত ৰাজ্যজুৰি ধাৰাবাহিক আন্দোলন কাৰ্যসূচী গ্ৰহন কৰিব বুলি জিলা আছুৰ সভাপতি শ্বৰিফুল ইছলাম প্ৰধানীয়ে চৰকাৰক এক প্ৰকাৰে ভাবুকি প্ৰদান কৰে।

আৰু পঢ়ক : চন্দ্ৰলৈ উদ্ধাৰ অভিযান চলাবলৈ হেনো অপাৰগ মুম্বাই আৰক্ষী, জনালে টুইটযোগে...

ALL ASSAM STUDENT UNION Assam State Electricity Board