টেঙাখাতত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান

টেঙাখাতত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান
Published on
Updated on

ডিজিটেল সংবাদ,টেঙাখাত : কিছুদিন পূৰ্বে ঘোষিত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বিশেষ সম্বৰ্ধনা অনুষ্ঠান। বুধবাৰে টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাই টেঙাখাত মহাবিদ্যালয়ত এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে।

উক্ত অনুষ্ঠানত টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিত শইকীয়াই সভাপতিত্ব কৰে। সম্বৰ্ধনা সভাখনৰ আঁত ধৰে সন্থাৰ সম্পাদক প্ৰকাশ শইকীয়াই। উক্ত অনুষ্ঠানত উপস্থিত থাকে ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী, অভিভাৱক, বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী তথা সাংবাদিকসকল।

সভাত অতিথিৰ ভাষণ প্ৰদান কৰে টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ লক্ষীনাথ শৰ্মা,সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য অনিল কুমাৰ গগৈ, বিদ্যালয়খনৰ অধ্যক্ষ একলব্য সোনোৱাল,অসম উন্নতি সভা ডিব্ৰুগড় জিলাৰ প্ৰচাৰ সম্পাদক ৰাজীৱ কোঁৱৰ,উপদেষ্টা তৈলেন বৰুৱা,ডিৰিয়াল চাহ বাগিছা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ পলাশজ্যোতি শৰ্মা, টেঙাখাত মহাবিদ্যালয়ৰ প্ৰবক্তা মৃদুল বনিয়া আদিয়ে।

এইসকল বক্তাই সম্বৰ্ধিত ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে অনাগত দিনৰ বাবে বিভিন্ন পৰামৰ্শ প্ৰদান কৰে। উল্লেখযোগ্য যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৪টা বিষয়ত লেটাৰ নম্বৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ নৰোত্তম সোনোৱালৰ আগন্তুক ৩বছৰৰ পঢ়াৰ খৰচ পলাশজ্যোতি শৰ্মাই বহন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

ইফালে বিশেষ অভিনন্দন অনুষ্ঠানৰ সামৰণি পৰ্বত বৃহত্তৰ টেঙাখাত অঞ্চলৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ২৭ গৰাকী আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ১১১ গৰাকী সৰ্বমুঠ ১৩৮ গৰাকী কৃতি শিক্ষাৰ্থীক অভিনন্দন পত্ৰ আৰু গ্ৰন্থৰ টোপোলাৰে অভিনন্দন জনায়। আনহাতে উক্ত অনুষ্ঠানটি পৰিচালনা কৰে প্ৰকাশ শইকীয়াৰ লগতে উপদেষ্টা অৰ্জুন চেত্ৰীয়ে । অসম সঙ্গীতেৰে উক্ত অনুষ্ঠানৰ কাৰ্যসূচী সমাপ্ত কৰা হয়।

টেঙাখাতত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান
ডিমৌ জুনিয়ৰ কলেজৰ শিক্ষক দীপক শইকীয়াৰ বিয়োগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in