ডিজিটেল সংবাদ, নগাঁও : পাঁচ বছৰ পূৰ্বে কাৰ্বিআংলঙত সংঘটিত অভিজিত নাথ আৰু নিলোৎপল দাসৰ নৃশংস হত্যাকাণ্ডৰ গোচৰৰ সোমবাৰে শুনানি গ্ৰহণ কৰা হয়।গোচৰটোৰ তদন্তকাৰী বিষয়াৰ সাক্ষ্যগ্ৰহণ কৰে জিলা ও সত্ৰ ন্যায়ধীশৰ আদালতে।
গোচৰটোৰ মুঠ সাক্ষী আছিল ৭১ গৰাকী। ইয়াৰে ৭০ গৰাকী সাক্ষীৰ সাক্ষ্যগ্ৰহণ নগাঁও জিলা আৰু সত্ৰ ন্যায়ধীশৰ আদালতত ইতিমধ্যে সম্পন্ন হৈছে। সোমবাৰে ৭১ সংখ্যকৰ সাক্ষ্যগ্ৰহণ সুকলমে সম্পন্ন হয়। গোচৰটোৰ শুনানিৰ নিৰ্ধাৰিত তাৰিখ উপলক্ষে ৪৭ গৰাকী অভিযুক্তকে অতি কটকটীয়া নিৰাপত্তাৰ মাজেৰে আদালতত হাজিৰ কৰোৱা হয়।
শুনানিত ভাগ ল'বলৈ ভুক্তভোগী পৰিয়াল দুটাৰ পৰা ক্ৰমে নিলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাস আৰু অভিজিৎ নাথৰ পিতৃ অজিত নাথে অধিবক্তাসহ পুৱাতে আদালতৰ চৌহদত উপস্থিত হয়।আদালতে পৰৱৰ্তী শুনানিৰ তাৰিখ অহা ২৬ আৰু ২৭ জুন ধাৰ্য কৰে। নিলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাসে সাংবাদিকৰ আগত কয় যে, "গোচৰটো ভালেই চলি আছে। সাক্ষী সকলে সম্পূৰ্ণ সহযোগ কৰিছে। চৰকাৰী উকীলৰ পক্ষৰ পৰাও সম্পূৰ্ণ কৰণীয় খিনি কৰিছে।" লগতে কয়,"আমি আজি গোচৰটোৰ শুনানিৰ অগ্ৰগতিত সুখী। আমি সোনকালেই ন্যায় পাম।"
আনহাতে, অভিজিত নাথৰ পিতৃ অজিত নাথে সাংবাদিকৰ আগত কয়,"আমি বিচাৰ প্ৰক্ৰিয়াটো কিছু খৰতকীয়া কৰি ন্যায় প্ৰাপ্তিৰ ব্যৱস্থা কৰিব লাগে বুলি কৈ আহিছো।আমি আশা কৰিছো অতি সোনকালে ন্যায় পাম।"
স্মৰ্তব্য যে,বিগত ২০১৮ চনৰ ৮ জুনৰ দিনটোতে সংঘটিত হৈছিল অভি-নীল হত্যাকাণ্ডৰ। সমগ্ৰ দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ইতিমধ্যে পাঁচ বছৰ সম্পূৰ্ণ হৈছে।
Also Read: কলিয়াবৰ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ...