তামুলপুৰতো অভিৰুচি ক্ৰীড়া দিৱস পালন

তামুলপুৰ জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু তামুলপুৰ ক্ৰিকেট একাডেমীৰ সহযোগত অভিৰুচি ক্ৰীড়া দিৱস পালন...
তামুলপুৰতো অভিৰুচি ক্ৰীড়া দিৱস পালন
Published on
Updated on

ডিজিটেল সংবাদ, তামুলপুৰঃ ৩ ছেপ্টেম্বৰ, অসম তথা অসমীয়াৰ বাবে এক গৌৰৱৰ দিন। ৩ ছেপ্টেম্বৰৰ দিনটোত প্ৰথম অসমীয়া অৰ্জুন বঁটা প্ৰাপক ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি প্ৰত্যেক বছৰেই এই দিনটোত সমগ্র অসমত “অভিৰুচি ক্ৰীড়া দিৱস” পালন কৰা হয়। ১৯৮৪ চনৰ পৰা সমগ্ৰ অসমজুৰি ৩ ছেপ্টেম্বৰৰ দিনটোত “অভিৰুচি ক্ৰীড়া দিৱস” হিচাপে পালন কৰি অহা হৈছে।

তামুলপুৰ জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু তামুলপুৰ ক্ৰিকেট একাডেমীৰ সহযোগত অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে দেওবাৰে পুৱা ৫ বজাত তামুলপুৰৰ মটঙাচ'কৰ পৰা ডোঙপাৰ হৈ প্ৰায় ১০ কিলোমিটাৰ সমূহীয়া দৌৰ অনুষ্ঠিত কৰে। এই সমূহীয়া দৌৰৰ সামৰণি পৰে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত।

বিটিআৰৰ মনোনীত এমচিএলএ তথা তামুলপুৰ জিলা ক্ৰিকেট সন্থাৰ সভাপতি হেমন্ত কুমাৰ ৰাভা আৰু কাৰ্যকৰী সভাপতি দেৱেন দাসে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰা উক্ত অনুষ্ঠানটোত তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি ঠাকুৰীয়া, তামুলপুৰ ক্ৰিকেট একাডেমীৰ সাধাৰণ সম্পাদক ৰুপম মহন্ত, প্ৰশিক্ষক পৰাগ বৰ্মণসহ প্ৰায় অৰ্ধ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

তামুলপুৰতো অভিৰুচি ক্ৰীড়া দিৱস পালন
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ পূৰ্বাঞ্চলীয় সাংস্কৃতিক সমাৰোহৰ লাই খুঁটা স্থাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in