ডিজিটেল সংবাদ, লামডিংঃ লামডিং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ জয় যাত্ৰা অব্যাহত ৰাখিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ৷ বিগত ২০১৫ চনৰ পৰাই লামডিং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাত জয়ী হয় আহিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৷
এইবাৰো আগৰ জয় যাত্ৰা অক্ষুন্ন ৰাখি চলিত বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সভাপতি, সম্পাদককে ধৰি ১৯ টা পদতে বিনা প্ৰতিদন্দিতাৰে জয়ী হৈছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাৰ্থীসকল ৷ ২০২৩-২৪ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সভাপতি পদত সাহিল ঘোষ আৰু সম্পাদক পদত সুভঙ্কৰ আচাৰ্জী জয়ী হৈছে ৷
লামডিং মহাবিদ্যালয়ৰ এই বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ বাবে কোনো এটা বিৰুধী দলেই প্ৰতিদন্দিততা আগনবঢ়োৱাত বিনা প্ৰতিদ্বন্দিতাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষতে সকলো পদতে জয় লাভ কৰে৷ তাৰ পিছতে সকলো জয়ী প্ৰাৰ্থীক লগত লৈ এনেদৰেই লামডিং মহাবিদ্যায়ৰ পৰা এক বিশাল সমদল উলিওৱাই আনন্দ উল্লাস কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷