কামপুৰ আৰক্ষী থানাত ৰহস্যজনক ঘটনা।
আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে মৃত্যু এজন কয়দীৰ।
মৃত কয়দীজন কামপুৰ ৰে’লৱে কলনিৰ মতি প্রসাদ বৰা।
পত্নীক আক্রমণ কৰাৰ অভিযোগত আটক কৰিছিল মতি প্রসাদ বৰাক।
বুধবাৰে নিশা থানাৰ ভিতৰতে ঢলি পৰিছিল মতি প্রসাদ বৰা।
ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হৈছিল কয়দীজনক।
কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে কয়দী মতি প্রসাদ বৰাক।