যৌন কেলেংকাৰীৰ অভিযুক্ত এ ডি পি কলেজৰ অধ্যক্ষক চাকৰিৰ পৰা নিলম্বন

যৌন কেলেংকাৰীৰ অভিযুক্ত এ ডি পি কলেজৰ অধ্যক্ষক চাকৰিৰ পৰা নিলম্বন

author-image
asomiyapratidin
New Update
অৱশেষত গ্ৰেপ্তাৰ হ’ল এ ডি পি কলেজৰ অধ্যক্ষ সুৰজিৎ কুমাৰ ভাগৱতী

ডিজিটেল সংবাদ , নগাঁও : নগাঁৱৰ আনন্দৰাম ঢ়েকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীক চাকৰিৰ পৰা নিলম্বন কৰা হয়। ৷ ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে বুধবাৰে তৎকালে বলবৎ হোৱাকৈ অধ্যক্ষ পদৰ পৰা ড° সুৰজিৎ কুমাৰ ভাগৱতীক নিলম্বন কৰে ৷

অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীৰ বিৰুদ্ধে এ ডি পি কলেজৰে দুগৰাকী সহকাৰী অধ্যাপিকাই যৌন নিৰ্যাতন চলাব বিচৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷ অভিযোগ উত্থাপন কৰাৰ লগতে অধ্যক্ষ ড° ভাগৱতীৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছিল ৷ আৰক্ষীয়ে জামিনবিহীন ধাৰাত অধ্যক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৷

অধ্যক্ষজনৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলাব বিচৰাৰ অভিযোগ উঠাৰ পিছত নগাঁৱৰ শৈক্ষিক মহলত চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ একেমুখে শৈক্ষিক মহলে গৰিহনা দিছিল সমগ্ৰ ঘটনাক ৷ ঐতিহ্যমণ্ডিত এ ডি পি কলেজৰ সুৰক্ষা আৰু শৈক্ষিক উত্তৰণৰ স্বাৰ্থত যৌন কেলেংকাৰীৰ সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছিল ৷

তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে অধ্যক্ষ ড° ভাগৱতীক কৈফিয়ত তলব কৰি ২৪ ঘন্টাৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে ৷ কৈফিয়তৰ সময় সীমা পাৰ হোৱাৰ পিছত বুধবাৰে উচ্চ শিক্ষা সঞ্চালক ডি কে মিলিয়ে নিলম্বনৰ নিৰ্দেশ জাৰি কৰে ৷ লগতে নিলম্বিতকৰণৰ প্ৰতিলিপি এডিপি কলেজৰ পৰিচালনা সমিতি , নগাঁও কোষাগাৰলৈ প্ৰেৰণ কৰে ৷ নিলম্বিত কৰনৰ সময়চোৱাত ড° সুৰজিৎ কুমাৰ ভাগৱতীক সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি নোহোৱাকৈ নগাঁও এৰি নাযাবলৈ নিৰ্দেশ দিয়া হৈছে ৷

চাঞ্চল্যকৰ বিষয় এই যে নগাঁও সদৰ থানাত ৰুজু হোৱা যৌন নিৰ্যাতনৰ গোচৰটোৰ সন্দৰ্ভত আৰক্ষীয়ে গাফিলতি কৰাৰ অভিযোগ উঠিছে ৷ আৰক্ষীয়ে জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰি দায়িত্ব সামৰিছে ৷ ড° ভাগৱতীয়ে মুক্ত বিচৰন কৰা স্থানৰ খবৰ দিয়া লোকক নগাঁও আৰক্ষীয়ে সময় নাই বুলি বিষটোৰ পৰা ৰহস্যজনক ভাবে আতৰি আছে ৷

আৰু পঢ়ক: চৰকাৰী সাহায্যৰ বিহুত ডিঙিৰ বিহুৱান পেটত বান্ধি নাচিব অসমীয়াই…

assam nagaon adp college