ADRE 2024: পৰীক্ষা কেন্দ্ৰলৈ কি নিব, কেনেকৈ OMR ত লিখিব চাওঁক সকলো

অসৎ উপায় ল'ল নূন্যতম তিনি বছৰৰ পৰা ১০ বৰ পৰ্যন্ত হ'ব জেইল, ভৰিব লাগিব ১ কোটি পৰ্যন্ত ক্ষতিপূৰণ
ADRE 2024: পৰীক্ষা কেন্দ্ৰলৈ কি নিব, কেনেকৈ OMR ত লিখিব চাওঁক সকলো
ADRE 2024: পৰীক্ষা কেন্দ্ৰলৈ কি নিব, কেনেকৈ OMR ত লিখিব চাওঁক সকলো
Published on
Updated on

ডিজিটেল ডেস্কঃ মাজত মাত্ৰ কেইটামান ঘণ্টা। ১৫ ছেপ্টেম্বৰ, দেওবাৰে পুৱা ১০-৩০ বজাৰ পৰা আৰম্ভ হ'ব ADRE-2024 ৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণৰ তৃতীয় বৰ্গৰ পৰীক্ষা। ৩০০০ ৰো অধিক পদৰ বাবে অনুষ্ঠিত হ'বলগীয়া এই পৰীক্ষাত মুঠ প্ৰাৰ্থী ১১,২৩,২০৪ গৰাকী।

পৰীক্ষাৰ প্ৰবেশ পত্ৰত পৰীক্ষা সন্দৰ্ভত বিভিন্ন নীতি, নিয়ম উল্লেখ কৰাৰ উপৰিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarma), সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষই পৰীক্ষা সংক্ৰান্তিয় বিভিন্ন নীতি, নিয়ম ইতিমধ্যে ঘোষণা কৰিছে। পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰৰ লগতে জিলা প্ৰশাসনেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

উল্লেখ্য যে, ৰাজ্যৰ মুঠ ২৮ খন জিলাৰ ২,৩০৫ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা। ইয়াৰে ৪২৯ টা পৰীক্ষা কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিহ্নীত কৰা হৈছে। এই কেন্দ্ৰসমূহত অতিৰিক্ত আৰক্ষী আৰু গৃহৰক্ষী জোৱান নিয়োগৰ ব্যৱস্থা কৰা হৈছে।

মনত ৰাখিব স্বচ্ছতাৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে কঠোৰ পদক্ষেপ

এইবাৰ পৰীক্ষা স্বচ্ছতাৰে সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰে নকল বা তেনেধৰণৰ অপকৰ্ম ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। পৰীক্ষাৰ সময়ত নকলকে ধৰি অসৎ কাৰ্যত কোনো পৰীক্ষাৰ্থী বা তেওঁলোকৰ অভিভাৱক জড়িত থাকিলে তিনি বছৰৰ পৰা ১০ বছৰ পৰ্যন্ত কাৰাগাৰৰ শাস্তি হোৱাৰ উপৰিও এক লাখৰ পৰা এক কোটিলৈ জৰিমণাৰো শাস্তিৰ সন্মুখীন হ'ব লাগিব।

এই সংক্ৰান্তিতে ইতিমধ্যে অসম বিধানসভাত নিযুক্তি প্ৰক্ৰিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন-২০২৪ গৃহীত কৰি ৰূপায়ণ কৰা হৈছে। এই কথা মনত ৰাখি পৰীক্ষাৰ্থীসকলে স্বচ্ছতাৰে পৰীক্ষাত বহিব লাগিব। অভিভাৱকসকলেও মনত ৰাখিব লাগিব তেওঁলোকে পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধত কোনো অভিভাৱক থাকিব নোৱাৰিব।

পৰীক্ষাৰ্থীয়ে লগত কি কি নিব পাৰিব

পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ সকলো পৰীক্ষাৰ্থীয়ে লগত এডমিট কাৰ্ড নিবই লাগিব। তাৰোপৰি পৰীক্ষাৰ্থীসকলে লিখিবলৈ নীলা বা ক'লা চিঁয়াহীৰ কলম নিব পাৰিব। পেঞ্চিল,ৰবৰ, স্কেল নিয়াৰ ক্ষেত্ৰত বাধা নাথাকিব।

সকলো পৰীক্ষাৰ্থীয়ে নিজৰ লগত এখন ফটোযুক্ত পৰিচয়পত্ৰ নিয়াটো বাধ্যতামূলক। ইয়াৰ বাবে পৰীক্ষাৰ্থীসকলে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ নিব পাৰিব। ইয়াৰে যিকোনো এখন হ'লেই হ'ব।

মনত ৰাখিব কোনেও লগত পাৰ্ছ নিব নোৱাৰিব। কেৱল টকাহে লগত ৰাখিব পাৰিব। যিকোনো ধৰণৰ ইলেক্ট্ৰনিক ডিভাইছ লগত নিয়াটো সম্পূৰ্ণৰূপে নিষেধ। মনত ৰাখিব মোবাইল ফোন, স্মাৰ্ট ঘড়ী, ব্লুটুথ ডিভাইছ, ইয়াৰফোন, মাইক্ৰ'ফোন এনেধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰা দূৰৰে কথা পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈকে নিব নোৱাৰিব।

কিদৰে লিখিব লাগিব পৰীক্ষাত

সকলো পৰীক্ষাৰ্থীকে একোখনকৈ অ' এম আৰ শ্বিট দিয়া হ'ব। মনত ৰাখিব এই অ' এম আৰ শ্বিটখনেই আপোনাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। ইয়াত লিখাৰ সময়ত যাতে কোনোধৰণৰ ভুল নকৰে। কোনো কাৰণতে অ' এম আৰ শ্বিটখনত কটাকটি বা লেতেৰা নকৰিব। এজন পৰীক্ষাৰ্থীৰ বিপৰীতে বাবে এখনেই অ' এম আৰ শ্বিট থাকিব।

অ' এম আৰ শ্বিটখনত আপোনাৰ ফটো, ৰোল নম্বৰ, চহী আদি প্ৰীণ্ট কৰা থাকিব। সেয়েহে অ' এম আৰ শ্বিটখনত লিখিবলৈ আৰম্ভ কৰাৰ পূৰ্বে এইসমূহ দিশ ভালকৈ চাই ল'ব।

আপোনাক যিখন প্ৰশ্ন কাকত দিব সেই প্ৰশ্নকাকত বা বুকলেটৰ নম্বৰ, কোড আপুনি অ' এম আৰ শ্বিটত লিখিব লাগিব। সেয়ে এই ক্ষেত্ৰত সাৱধান হ'ব। যদিহে আপোনাৰ অ' এম আৰ শ্বিট ভুলকৈ অথবা নষ্ট হৈ আহিছে তেন্তে লগে লগে আপুনি পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষক অৱগত কৰিব।

আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল এটা প্ৰশ্নৰ বিপৰীতে থাকিব চাৰিটা বিকল্প। তাৰে যিকোনো এটা বিকল্পহে শুদ্ধ হ'ব। সেই নিৰ্দিষ্ট শুদ্ধ উত্তৰটোতহে আপুনি নিৰ্দেশনা অনুসৰি চিহ্ন দিব লাগিব। এটাতকৈ অধিক বিকল্প যদি আপুনি নিৰ্বাচন কৰি চিহ্নীত কৰে তেন্তে সেই প্ৰশ্নৰ বিপৰীতে থকা নম্বৰ আপুনি লাভ নকৰিব। তাৰোপৰি সেই উত্তৰ ভুল বুলি বিবেচনা হ'ব। নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা থকাৰ বাবে আপুনি লাভ কৰা শুদ্ধ উত্তৰ নম্বৰৰ পৰাও নম্বৰ হেৰুৱাবহে।

ADRE 2024: পৰীক্ষা কেন্দ্ৰলৈ কি নিব, কেনেকৈ OMR ত লিখিব চাওঁক সকলো
RG Kar Protest: প্ৰতিবাদী কনিষ্ঠ চিকিৎসকৰ সন্মুখত হঠাৎ উপস্থিত মমতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in