ADRE 2024: নিযুক্তি পৰীক্ষাৰ সময়ত ৰাজ্যজুৰি কৰ্তন কৰা হ'ব ইণ্টাৰনেট

স্বচ্ছতাৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ পদক্ষেপৰ অংশ হিচাপে এই সিদ্ধান্ত
ADRE 2024: নিযুক্তি পৰীক্ষাৰ সময়ত ৰাজ্যজুৰি কৰ্তন কৰা হ'ব ইণ্টাৰনেট
ADRE 2024: নিযুক্তি পৰীক্ষাৰ সময়ত ৰাজ্যজুৰি কৰ্তন কৰা হ'ব ইণ্টাৰনেট
Published on
Updated on

ডিজিটেল ডেস্কঃ ১৫ ছেপ্টেম্বৰ, দেওবাৰে অনুষ্ঠিত হ'বলগীয়া ADRE-2024 ৰ উচ্চতৰ মাধ্যমিকৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ স্বচ্ছতাৰে অনুষ্ঠিত কৰিবলৈ অসম চৰকাৰে বহু কেইটা পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ অংশ হিচাপেই দেওবাৰে পুৱা ১০ বজাৰ পৰা দিনৰ ১-৩০ বজালৈ সমগ্ৰ ৰাজ্যতে মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰা হ'ব।

এক বিবৃতিৰ জৰিয়তে এই বিষয়ে উল্লেখ কৰা হৈছে। বিবৃতি অনুসৰি উল্লিখিত সময়ত মোবাইল ইণ্টাৰনেট, মোবাইল ডাটা, মোবাইল ৱাইফাই সেৱা সম্পূৰ্ণৰূপে বন্ধ থাকিব। স্মৰ্তব্য ইয়াৰ পূৰ্বৰ ADRE পৰীক্ষাতো ৰাজ্য চৰকাৰে মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰিছিল।

প্ৰশ্ন কাকত ফাদিলৰ দৰে ঘটনা ৰোধ কৰাৰ বাবেই চৰকাৰে এনে পদক্ষেপ গ্ৰহণ কৰিছে। তাৰোপৰি এতিয়াৰে পৰা পৰীক্ষাত যাতে কোনো পৰীক্ষাৰ্থী, অভিভাৱকে নকল কৰা নকল যোগান ধৰা অথবা আন অসৎ কাৰ্যত লিপ্ত হ'ব নোৱাৰে তাৰ বাবে ইতিমধ্যে অসম বিধানসভাত এক আইনো গৃহীত কৰিছে।

বিধানসভাত গৃহত হোৱাৰ লগতে কাৰ্যকৰী হোৱা 'অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন-২০২৪' অনুসৰি কোনো পৰীক্ষাৰ্থীয়ে উল্লেখিত অসৎ উপায় অৱলম্বন কৰে তেন্তে তেওঁলোকৰ ৩ বছৰৰ পৰা ১০ বছৰ পৰ্যন্ত জেইল হ'ব পাৰে। তাৰোপৰি ক্ষতিপূৰণ হিচাপে ১ লাখৰ পৰা ১ কোটি পৰ্যন্ত জৰিমণা ভৰিব লগীয়াও হ'ব পাৰে।

ADRE 2024: নিযুক্তি পৰীক্ষাৰ সময়ত ৰাজ্যজুৰি কৰ্তন কৰা হ'ব ইণ্টাৰনেট
ADRE 2024: পৰীক্ষা কেন্দ্ৰলৈ কি নিব, কেনেকৈ OMR ত লিখিব চাওঁক সকলো

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in