ডিজিটেল সংবাদ, তামুলপুৰঃ ৰাজ্যত অব্যাহত আছে ভয়াবহ বানৰ তাণ্ডৱ । এনে পৰিস্থিতিৰ মাজতে তামুলপুৰ মহকুমাৰ পশ্চিম দিশেৰে ভূটানৰ পৰা বৈ অহা পাাগলাদিয়া নদীৰ বাঢ়নি পানীৰ তাণ্ডৱ ৷ তামুলপুৰ মহকুমাৰ কান্দুলিমাৰা ঘোৰামাৰা চুবুৰীত সোঁত সলনি কৰিলে পাগলাদিয়াই ৷ বাঢ়নি পানীৰ সোঁতে তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে ৷ ফলত উছন হ’ল পাঁছটাকৈ পৰিয়াল ৷
মৌলি দাস শৰণীয়া, ব্ৰজেন দাস শৰণীয়া, কনক দাস শৰণীয়া, অমৃত দাস শৰণীয়া, কস্তম দাস শৰণীয়া ঘৰ-দুৱাৰ ভাঙি যোৱাত সম্প্ৰতি বান শিবিৰত আশ্ৰয় লৈ আছে ৷ আনহাতে বিপদ মাতিছে ৰাজেন দাস শৰণীয়া, পবিন দাস শৰণীয়া, চবিন দাস শৰণীয়া, প্ৰবীন দাস শৰণীয়া, জয়ন্ত দাস শৰণীয়া, মোহন দাস শৰণীয়া, বানেশ্বৰ দাস শৰণীয়া , মুনুবালা দাস শৰণীয়া, মহেন্দ্ৰ দাস শৰণীয়া, দুখ দাস শৰণীয়া, দীপাংকৰ দাস শৰণীয়া ধনেশ্বৰ দাস শৰণীয়াৰ ঘৰবাৰীলৈ ৷
নদীৰ গৰাখহনীয়াত ভেটি-মাটি উটি যোৱাৰ লগতে খেতি-মাটিও নৈ বুকুত যাহ গ’ল ৷যদিহে পাগলাদিয়াৰ পানীৰ সোঁত সলনি কৰি নিদিয়ে তেতিয়াহ’লে অচিৰে ই কান্দুলিমাৰা গাঁও খন যেন তামুলপুৰৰ মানচিত্ৰৰ পৰাই হেৰাই যোৱাৰ সম্ভাৱনাই প্ৰকট হৈ পৰিছে । সময় থাকোতে নদীক ভেটা দি প্ৰতিৰোধ কৰিবলে দাবী ৰাইজৰ ৷
Also Read: মাজনিশা মঙলদৈত অগ্নিকাণ্ড