আঁহতগুৰিৰ ডেকা এজেন্সিৰ পৰা পুনৰ চুৰি অসমীয়া প্ৰতিদিন কাকতৰ টোপোলা

আঁহতগুৰিৰ ডেকা এজেন্সিৰ পৰা পুনৰ চুৰি অসমীয়া প্ৰতিদিন কাকতৰ টোপোলা
Published on
Updated on

ডিজিটেল ডেস্ক : পুনৰ চুৰি হৈছে অসমীয়া প্ৰতিদিন কাকতৰ টোপোলা। এইবাৰ মৰিগাঁও জিলাৰ অন্তৰ্গত আঁহতগুৰিস্থিত অতি পুৰণি বাতৰি কাকত বিতৰক প্ৰতিষ্ঠান চেনাৰাম ডেকা এজেন্সিৰ পৰা চুৰি হৈছে কাকতৰ টোপোলা।

শনিবাৰে পুৱা কোনো অচিনাক্ত দুৰ্বৃত্তই এজেন্সিটোৰ পৰা অসমীয়া প্ৰতিদিন কাকতৰ টোপোলা চুৰি কৰি লৈ যায়। পুৱা একে সময়তে প্ৰায় সকলোবোৰ বাতৰি কাকতৰ টোপোলা পৰিছিল যদিও বাচি বাচি চোৰে অসমীয়া প্ৰতিদিন কাকতৰ টোপোলাহে লৈ যায়।

এইখিনিতে উল্লেখ কৰিব পাৰি যে কিছুদিন পূৰ্বেও এই এজেন্সিটোৰ পৰা অসমীয়া প্ৰতিদিন কাকতৰ টোপোলা চোৰে চুৰি কৰি নিছিল। কেৱল আঁহতগুৰিতেই এই ঘটনা সংঘটিত হোৱা নাই। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অসমীয়া প্ৰতিদিন কাকতৰ টোপোলা চোৰে চুৰি কৰি নিয়া ঘটনা পূৰ্বেও সংঘটিত হৈছে।

 এনেদৰে সঘনাই চুৰি হৈ থকাটো কাকত কৰ্তৃপক্ষ তথা পঢ়ুৱৈ সমাজৰ বাবে এটা উদ্বেগৰ বিষয় হৈ পৰিছে। চোৰে কি উদ্দেশ্যত এনেদৰে কাকতৰ টোপোলা চুৰি নিয়ে, তাৰ ফলত তেঁওলোকৰ কি লাভ হয় সেয়া এতিয়াও ৰহস্য যদিও ধাৰণা কৰা মতে এই দুষ্কাৰ্য্যত কোনো অপশক্তিয়ে কাৰোবাক ব্যৱহাৰ কৰি কাকতখনৰ ক্ষতিসাধনৰ বাবে উঠি পৰি লাগিছে।

অসমীয়া প্ৰতিদিনৰ জনপ্ৰিয়তাত শংকিত কোনো শক্তিয়ে কাকতখনৰ ক্ষতি কৰিবলৈ এইধৰণৰ কাৰ্য সংঘটিত কৰি আহিছে।

আঁহতগুৰিৰ ডেকা এজেন্সিৰ পৰা পুনৰ চুৰি অসমীয়া প্ৰতিদিন কাকতৰ টোপোলা
বটদ্ৰৱাত নজিৰ বিহীন ঘটনা : ভকত-বৈষ্ণৱে আগবঢ়োৱা অৰিহণা ১৫ শতাংশ কমিছনত ক্ৰয় কৰা অভিযুক্তক ৰাইজে ধৰি বান্ধি ঘটালে আৰক্ষীক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in