হাটশিঙিমাৰীত অগপ-এ আই ইউ ডি এফ কৰ্মীৰ মাজত সংঘৰ্ষ

হাটশিঙিমাৰীত অগপ-এ আই ইউ ডি এফ কৰ্মীৰ মাজত সংঘৰ্ষ
Published on
Updated on

ডিজিটেল সংবাদ,হাটশিঙিমাৰীঃ দেওবাৰে হাটশিঙিমাৰীত অগপ-এআইইউডিএফ কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। উভয় দলৰে হোৱা সংঘৰ্ষত কেইবাজনো লোক আহত হয় বুলি জানিব পৰা গৈছে।

আহত লোকসকলক হাটশিঙিমাৰী জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰামতে এটা ব্যক্তিগত খণ্ডৰ টেলিভিছনৰ নিৰ্বাচনী অনুষ্ঠানত ৰাজনৈতিক দলৰ নেতা কৰ্মীসকলে অংশগ্ৰহণ কৰিছিল।

ইয়াৰ মাজতে এআইইউডিএফ আৰু (অগপ-বিজেপি) ৰ কৰ্মীৰ মাজত বাকযুদ্ধ আৰম্ভ হয়। পৰৱৰ্তী সময়ত পৰিবেশ উত্তপ্ত হোৱাত অনুষ্ঠানৰ বাবে অনা চকীৰে এজনে আনজনক দলিয়াই আক্ৰমণ কৰে।

ফলত দুয়োখন দলৰ প্ৰায় ১০/১২ জন লোক আহত হয়। ইতিমধ্যে সংবাদ গোষ্ঠীটোৱে আয়োজন কৰা অনুষ্ঠান বন্ধ কৰা বুলি জানিব পৰা গৈছে। আনহাতে উক্ত ঘটনাক লৈ হাটশিঙিমাৰীত চেপা উত্তেজনাই বিৰাজ কৰিছে।

হাটশিঙিমাৰীত অগপ-এ আই ইউ ডি এফ কৰ্মীৰ মাজত সংঘৰ্ষ
কোকৰাঝাৰত নাচি বাগি জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in