উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে এআইইউডিএফে

উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে এআইইউডিএফে
Published on
Updated on

ডিজিটেল ডেস্কঃ আগন্তুক বিধানসভা উপনিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে এআইইউডিএফে। ৫ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব লগা উপ নিৰ্বাচনত কোনো এটাতে প্ৰাৰ্থী প্ৰক্ষেপ নকৰা কথা ঘোষণা কৰিলে দলটোৱে।

চামগুৰিত এআইইউডিএফে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰে বুলি চৰ্চা হৈছিল যদিও সেই সম্ভাৱনা নাকচ কৰিলে দলটোৱে। উপ নিৰ্বাচনৰ পৰিৱৰ্তে ৰাজ্যৰ অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচনত হে অধিক মনোনিৱেশ কৰিছে বুলি এআইইউডিএফে মন্তব্য কৰিছে।

ইফালে বিহালী সমষ্টিত প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিবলৈ অসম সন্মিলিত মঞ্চই এক সৰ্বদলীয় বৈঠক আয়োজন কৰিছে। হোটেল লিলিত আবেলি ৪ বজাত অনুষ্ঠিত হব এই বৈঠক। জৰুৰী এই বৈঠকখনত প্ৰতিটো দলৰ দুজনকৈ প্ৰতিনিধি উপস্থিত থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in