বৃদ্ধি পাইছে ৰাজ্যৰ জনমূৰি আয়, বৃদ্ধি পাইছে ৰাজ্যৰ জনমূৰি ঋণৰ পৰিমাণো

author-image
Asomiya Pratidin
New Update
বৃদ্ধি পাইছে ৰাজ্যৰ জনমূৰি আয়, বৃদ্ধি পাইছে ৰাজ্যৰ জনমূৰি ঋণৰ পৰিমাণো

ডিজিটেল ডেস্ক : ৰাজ্যৰ বিধানসভাত ১৬ মাৰ্চ, বৃহস্পতিবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট । এই বাজেট উত্থাপন কৰাৰ পূৰ্বে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক প্ৰশংসাৰে ওপচাই পেলাই বিত্তমন্ত্ৰী গৰাকীয়ে ।বিত্তমন্ত্ৰী গৰাকীৰ ভাষ্য অনুসৰি ৰাজ্যত বৃদ্ধি পাইছে জনমূৰি আয় । বৰ্তমান ৰাজ্যৰ জমা আৰু ঋণৰ অনুপাত ৫৭.৫ শতাংশলৈ বৃদ্ধি হোৱা বুলিও উল্লেখ কৰে বিত্তমন্ত্ৰী গৰাকীয়ে ।

কিন্তু এই সকলোৰে মাজত বিত্তমন্ত্ৰী গৰাকীয়ে উল্লেখ নকৰা বিষয়টি হ'ল ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পায় অহা জনমূৰি ঋণৰ পৰিমাণ । ৰাজ্যৰ প্ৰতিজন লোকৰ মূৰত আছে ৩৮ হেজাৰ টকাৰ ঋণ । ১৪ মাৰ্চ, ২০২৩ লৈ ৰাজ্য চৰকাৰে লোৱা ঋণৰ পৰিমাণ হ'ল ১ লাখ ৩১ হাজাৰ ২৭৩ কোটি টকা ।

বিত্তমন্ত্ৰী গৰাকীৰ পূৰ্বৰ ভাষ্য অনুসৰিয়েই, ২০২২ বৰ্ষৰ মে' মাহৰ পৰা নৱেম্বৰ মাহলৈ কেৱল ৮ মাহতেই ৰাজ্য চৰকাৰে ১৯ হাজাৰ ৩৫৩ কোটি টকা ঋণ লৈছিল ।

এতিয়া এই ঋণ সন্দৰ্ভত চৰকাৰক প্ৰশ্ন কৰিব কোনে ?

Also Read: অজন্তা নেওগে দাখিল কৰিলে বাজেটঃ পলকতে চাওঁক ৫ টা মূল বিষয়...

ajanta neog budget