ডিজিটেল সংবাদ, বোকাজান: অসম,নগালেণ্ড আৰু মণিপুৰৰ পাৰ্শ্বৱৰ্তী কাৰ্বি আংলঙত আৰক্ষীৰ বিভিন্ন তালাচী আৰু অভিযানত জব্দ হৈ আহিছে অবৈধ সামগ্ৰী । তাৰ সমান্তৰালভাৱে আটক হৈ আহিছে সৰবৰাহকাৰী ৷
বিশষকৈ অৰুণাচলী সুৰা আৰু বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহ কৰা চোৰাং ব্যৱসায়ী সকলে বিভিন্ন কৌশলেৰে কৰি আহিছে ৷ দেওবাৰে এই সংক্ৰান্তত কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কংকন নাথে এক সংবাদমেল যোগে ঘোষনা কৰে যে অৰুণাচলী অবৈধ সুৰা ব্যৱসায়ৰ মাষ্টাৰমাইণ্ড অজয় মহাৰাজক অৰুণাচলৰ নাহৰ লগুণৰ পৰা কাৰ্বি আংলং আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ৷
অৰুণাচলী সুৰাৰ অবৈধ সৰবৰাহ মহাৰাজৰ নেতৃত্বত নাহৰলগুণৰ পৰাই নিয়ন্ত্ৰিত হয় বুলি অতিৰিক্ত আৰক্ষী অধীক্ষকজনে সংবাদমেলত সদৰি কৰে ৷ সংবাদ মাধ্যমত অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে যোৱা ২৯ জানুৱাৰীত বৰপথাৰ আৰক্ষীয়ে এহেজাৰ কাৰ্টুন অৰুণাচলী বিয়েৰৰ কাৰ্টুন এখন ট্ৰাকৰ পৰা জব্দ কৰাৰ পাছতেই অবৈধ সুৰাৰ সৰবৰাহৰ চক্ৰটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে ৷
কাৰ্বি আংলং আৰক্ষীয়ে অৰুণাচলৰ নাহৰলগুণত বাহৰ পাতি অৱেশষত আটক কৰিবলৈ সক্ষম হয় কেইবাখনো সুৰাৰ দোকান আৰু বণ্ড পৰিচালনা কৰা অজয় মহাৰাজক ৷ আনহাতে মেঘালয়ৰ এনে এটা সুৰাৰ অবৈধ চক্ৰৰ বিৰুদ্ধেও আৰক্ষীয়ে শীঘ্ৰে অভিযান আৰম্ভ কৰিব ৷
জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত আৰক্ষীৰ তালাচীত উদ্ধাৰ হোৱা বাৰ্মিজ চুপাৰি সম্পৰ্কত অতিৰিক্ত অধীক্ষক গৰাকীয়ে কয় যে এই সৰবৰাহত বিয়াগোম ব্যৱসায়ীৰ পৰা স্থানীয় লোক জড়িত থকাৰ ইংগিত পোৱা গৈছে আৰু সোনকালেই সকলোকে আটক কৰিব পৰা যাব ৷
উল্লেখযোগ্য যে বিশষকৈ সীমান্তৱৰ্তী ৰাজ্য কেইখনৰ লগত সংযোগ হৈ থকা ৩৬ নং আৰু ৩৯ ৰাষ্ট্ৰীয় ঘাইপথ দুটা কাৰ্বি আংলংৰ মাজেৰে পাৰ হৈ যোৱাৰ বাবে এনে অবৈধ সামগ্ৰী জব্দ আৰু সৰৱৰাহকাৰী আটক হৈ আহিছে কাৰ্বি আংলং আৰক্ষীৰ হাতত ৷
আৰু পঢ়ক: আচৰিত! ভূমিকম্পৰ ১২৮ ঘন্টা পাছত ধ্বংসস্তূপৰ মাজৰ পৰা জীৱন্তে ২ মহীয়া শিশু উদ্ধাৰ