একাংশই ‘গো’ক পূজা কৰে, ঈদত ‘গো’ কুৰবাণী নিদিবলৈ আহ্বান আজমলৰ

একাংশই ‘গো’ক পূজা কৰে, ঈদত ‘গো’ কুৰবাণী নিদিবলৈ আহ্বান আজমলৰ

author-image
asomiyapratidin
New Update
পৌৰসভা নিৰ্বাচনৰ বিজেপিৰ সফলতাত সুখী আজমল..

ডিজিটেল ডেস্ক: ঈদত গো কুৰবাণী নিদিবলৈ আহ্বান সাংসদ বদৰুদ্দিন আজমলৰ। ৰবিবাৰে সংবাদ মাধ্য়মৰ সৈতে হোৱা কথা বতৰাত এই মন্তব্য কৰে আজমলে।

তেওঁ কয় যে ঈদ আনন্দৰ উৎসৱ। এই সময়ত আমি কোনোৱে এনেকুৱা কাম কৰিব নালাগে যে যিয়ে আমাৰ দেশৰ অন্য ধৰ্মৰ ভাই সকলৰ আৱেগ অনুভূতিত আঘাত হানে। গো কোৰবাণী দিয়াৰ কোনো বাধ্য বাধকতা নাই।

তেওঁ কয় যে গোৰ বাহিৰে অন্য বহু জন্তু আছে। সেয়া কুৰবাণী দিম আৰু সকলোকে এয়াই আহ্বান জনাইছো। তেওঁ কয় যে মানুহৰ মনত কষ্ট দিয়াটো ডাঙৰ পাপ। ইয়াৰ বাবে প্ৰতিবাৰৰ বাবে মই গো কুৰবাণী নিদিবলৈ আহ্বান জনাইছো।

আজমলে কয় যে আমাৰ ধৰ্মত কোনো মানুহ অথবা জন্তুক আঘাত দিব নালাগে। তেনে কৰিলে তেওঁ স্বৰ্গত স্থান নাপায়। আমাৰ ইয়াত একাংশ লোকেই সনাতন ধৰ্মৰ। তেওঁলোকে গৰুক পূজা কৰে গতিকে কিহৰ প্ৰয়োজন আছে গৰুক কুৰবাণী দিয়াৰ।

আৰু পঢ়ক:  অসমত এতিয়া অবৈধ বাংলাদেশীৰ দপদপনি বাঢ়িছে, NRC ত ৮০ লাখ বাংলাদেশী সোমাইছে: শিলাদিত্য

badaruddin ajmal eid