দলৰ ক্ষমতা দখলৰ যুঁজত ভূপেন বৰা উফৰি গৈছে, গৌৰৱ গগৈ প্ৰতিষ্ঠিত হৈছে...

বিহালী সমষ্টিক কেন্দ্ৰ কৰি বিৰোধী ঐক্য়ত ভাঙোন
দলৰ ক্ষমতা দখলৰ যুঁজত ভূপেন বৰা উফৰি গৈছে, গৌৰৱ গগৈ প্ৰতিষ্ঠিত হৈছে...
Published on
Updated on

ডিজিটেল ডেস্কঃ ''গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত সংঘাত চলি আছে। দুয়োজনৰ মাজত ক্ষমতা দখলৰ প্ৰতিযোগিতাত ভূপেন বৰা উফৰি গৈছে আৰু গৌৰৱ গগৈ প্ৰতিষ্ঠিত হৈছে।''-বিহালী সমষ্টিক লৈ অসম সন্মিলিত মঞ্চত ফাঁত মেলাৰ পাছতে আজি সাংবাদিকৰ আগত এই মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

অসম সন্মিলিত মঞ্চৰ কংগ্ৰেছক বাদ দি আন ১৫ টা দলে বিহালী সমষ্টিত প্ৰাৰ্থী দিয়াৰ সকলো প্ৰস্তুতি চলোৱাৰ পাছতো, কংগ্ৰেছে এই সমষ্টি মিত্ৰদলক এৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ো বুধবাৰে সদ্য বিজেপি ত্যাগী জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলা। ইয়াৰ পাছতে ক্ষোভত ফাঁতি পৰিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ।

তেওঁ কংগ্ৰেছৰ এয়া ঐতিহাসিক বিশ্বাসঘাটকতা বুলি উল্লেখ কৰি কয় এনে বিশ্বাসঘাটকতা কংগ্ৰেছে পূৰ্বেও কৰিছে। আজি সাংবাদিকৰ আগত গগৈয়ে কয়- এয়া কংগ্ৰেছৰ ঐতিহাসিক বিশ্বাসঘাটকতা। কংগ্ৰেছ দলে পূৰ্বেও এনেধৰণৰ বিশ্বাসঘাটকতা কৰিছে আৰু এইবাৰো সেই ঐতিহাসিক বিশ্বাসঘাটকতা অসমৰ ৰাইজৰ লগত কৰিলে।

কংগ্ৰেছে ১৬ টা ৰাজনৈতিক দলৰ মঞ্চৰ সৈতে কথা পাতি প্ৰতিশ্ৰুতি দিছিল কংগ্ৰেছক বাদ দি বাকী ১৫ টা দলে যিগৰাকী প্ৰাৰ্থীক নিৰ্বাচিত কৰিব সেই প্ৰাৰ্থীজনেই হ'ব এইবাৰ বিহালীৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী। এই প্ৰতিশ্ৰুতি আছিল কংগ্ৰেছ দলৰ, অসম প্ৰদেশ কংগ্ৰেছ সভাপতি আৰু অসম প্ৰদেশ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত পৰ্যবেক্ষকৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ।

এই প্ৰতিশ্ৰুতি দিও ভংগ কৰাৰ কথা উল্লেখ কৰি কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়া জয়ন্ত বৰাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয়, কংগ্ৰেছে এনেকুৱা এজন মানুহক প্ৰাৰ্থিত্ব দিছে যিয়ে কংগ্ৰেছত যোগদানেই কৰা নাই। তেওঁলোকে এনেকুৱা এজন মানুহক প্ৰাৰ্থিত্ব দিছে যি এতিয়ালৈকে বিজেপিৰ সৈতে আছে।

আজিৰ পৰা ৩/৪ দিন আগত পদত্যাগ কৰা, বিজেপি দলৰ সৈতে থকা যাৰ আদৰ্শ সাম্প্ৰদায়িক দলটোৰ সৈতে আছে তেওঁক ৰাতিৰ ভিতৰত প্ৰাৰ্থিত্ব দিছে, তাৰ অৰ্থ কি? জিকাৰ পাছত তেওঁ আকৌ ৰাতিৰ ভিতৰতে বিজেপিলৈ গুছি যাব পাৰে। অৰ্থাৎ কংগ্ৰেছ দলৰ কোনো আদৰ্শ, নীতি নাই। যিকোনো প্ৰকাৰে তেওঁলোকক ক্ষমতা লাগে।

গগৈয়ে কংগ্ৰেছৰ এই বিশ্বাসঘাটকতাক দেশৰ জনতাৰ সৈতে কৰা বিশ্বাসঘাটকতা বুলিও আখ্যা দিছে। তেওঁ কয়, এয়া সামগ্ৰীক ভাৱে দেশৰ জনতাৰ সৈতে কৰা বিশ্বাসঘাটকতা। কেৱল অসম সন্মিলিত মৰ্চা বা ৰাইজৰ দল, অসম জাতীয় পৰিষদক কৰা বিশ্বাসঘাটকতা নহয়।

বিহালী উপ নিৰ্বাচনত কংগ্ৰেছে প্ৰতিশ্ৰুতি দি সেই প্ৰতিশ্ৰুতি ভংগ কৰি নিজা প্ৰাৰ্থিত্ব দিয়াৰ অন্তৰালত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ গৌৰৱ গগৈৰ মাজৰ ক্ষমতা কেন্দ্ৰীক যুঁজ বুলিও উল্লেখ কৰে। ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয়, গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত হোৱা কাজিয়াৰ ফলস্বৰূপে জয়ন্ত বৰাই টিকট লাভ কৰিছে। আমি দেখিছো ভূপেন বৰা ডাঙৰীয়াই আমাক স্পষ্টকৈ কৈ আছে সন্মিলিত মৰ্চাৰ ১৫ টা দলৰ বাবে এই টিকট সংৰক্ষিত। গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত সংঘাত চলি আছে। দুয়োজনৰ মাজত ক্ষমতা দখলৰ প্ৰতিযোগিতাত ভূপেন বৰা উফৰি গৈছে আৰু গৌৰৱ গগৈ প্ৰতিষ্ঠিত হৈছে।

ভূপেন বৰাই বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত বিৰোধী ঐক্যবদ্ধ হৈ থকাৰ পক্ষত আছিল বুলিও উল্লেখ কৰি তেওঁ পুনৰ কয়, ভূপেন বৰা ডাঙৰীয়াই বিচাৰিছিল বিৰোধী ঐক্যবদ্ধভাৱে থাকি ২০২৬ ৰ নিৰ্বাচনত আমি জয় হ'ব লাগে। গৌৰৱ গগৈয়ে বিচাৰিছে কংগ্ৰেছ দলৰ ভিতৰৰ ক্ষমতা তেওঁৰ হাতলৈ আহিব লাগে আৰু ভূপেন বৰা আঁতৰিব লাগে। ক্ষমতাৰ অৰিয়াঅৰিত এই মিত্ৰতা ভাঙিছে। টকা পইচাৰো কথা ওলাইছে।সেইবোৰ হ'বও পাৰে, মই নাজানো। আচল কথা হৈছে গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজৰ সংঘাতৰ বাবেহে এই মিত্ৰতা ভাঙিছে।

উল্লেখ্য যে, বিহালী সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাক্ষী আছিল জয়ন্ত বৰা। ২০২১ ৰ বিধানসভা নিৰ্বাচনতো জয়ন্ত বৰাই বিজেপিৰ পৰা টিকট বিচাৰিছিল। সেইবাৰ বিজেপিয়ে তেওঁক টিকট প্ৰদান নকাৰ নিৰ্দলীয় ভাৱে প্ৰতিদ্বন্দিতা কৰে। পাছত পুনৰ বিজেপিলৈ ঘূৰি আহিছিল যদিও উপ নিৰ্বাচনত টিকট বঞ্চিত হোৱাত বিকল্পৰ সন্ধানত নামে।

বিজেপিৰ পৰা পদত্যাগ কৰাৰ পূৰ্বৰে পৰা তেওঁ গৌৰৱ গগৈৰ জৰিয়তে কংগ্ৰেছৰ টিকটত নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰো চেষ্টা চলায়। কংগ্ৰেছত যোগদান নকৰাকৈয়ে বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জয়ন্ত বৰাৰ নাম চৰ্চিত হোৱাত বিশ্বনাথ কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰে।

সমান্তৰালকৈ অসম সন্মিলিত মৰ্চাক বিহালী সমষ্টি কংগ্ৰেছে এৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াত চি পি আই এম এলৰ পৰা বিবেক দাসে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰাৰ বিষয়ে চৰ্চা হয়। কিন্তু দিল্লীত ৰাষ্ট্ৰীয় নেতাৰ ওচৰত থকা প্ৰভাৱৰ বাবেই গৌৰৱ গগৈয়ে জয়ন্ত বৰাকে বিহালীৰ প্ৰাৰ্থী হিচাপে টিকট দিয়াত সক্ষম হয়।

ইফালে বিহালীক লৈ সৃষ্টি হোৱা বিতৰ্কৰ সময়তে কংগ্ৰেছে বিবেক দাসৰ পৰিবৰ্তে আন কোনো শক্তিশালী প্ৰাৰ্থী সমষ্টিটোৰ বাবে নিৰ্বাচিত কৰিবলৈয়ো অসম সন্মিলিত মৰ্চালৈ আহ্বান জনায়। বিবেক দাসেও বিৰোধী ঐক্যৰ স্বাৰ্থতে অনিশ্চা স্বতেও প্ৰতিদ্বন্দিতা কৰাৰ পৰা বিৰত থকাৰ কথা ঘোষণা কৰে আৰু বিকল্পৰো সন্ধানত বৈঠক হয়।

এনে বৈঠকৰ মাজতেই বুধবাৰে বিৰোধী মিত্ৰ দলক চূড়ান্ত অৱজ্ঞা আৰু বিশ্বাসঘাটকতা কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই বিহালীৰ বাবে জয়ন্ত বৰাক দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। আজি জয়ন্ত বৰাই গৃহ জিলা বিশ্বনাথৰ পৰিৱৰ্তে তেজপুৰত গৌৰৱ গগৈৰ জৰিয়তেই কংগ্ৰেছত যোগদান কৰে। এই যোগদান কাৰ্যসূচীত উপস্থিত নাথাকিল কংগ্ৰেছৰ আন কোনো জ্যেষ্ঠ নেতা। সমান্তৰালভাৱে উপস্থিত নাথাকিল বিশ্বনাথ কংগ্ৰেছৰ নেতৃত্ব।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো নিজৰ অসহায় অৱস্থাৰ কথা স্বীকাৰ কৰি দলৰ শীৰ্ষ নেতাৰ সিদ্ধান্তই তেওঁৰ সিদ্ধান্ত বুলি মানি লৈছে। অৱশ্যে তেওঁ ইয়াৰ পাছতো ২০২৬ লৈ বিৰোধী ঐক্য়বদ্ধ হৈ থকাৰ কথা কৈ অসমৰ ৰাইজে সকলো দেখি আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

ইফালে অখিল গগৈৰ পূৰ্বেই অসম জাতীয় পৰিষদেও কংগ্ৰেছৰ এনে সিদ্ধান্তত ক্ষোভত বিৰোধী ঐক্যৰ পৰা ওলাই অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কংগ্ৰেছ দলে কৰা এনে অসন্মান দলটোৱে সহ্য নকৰে বুলিও কয়। পৰৱৰ্তী কাৰ্যপন্থা কি হ'ব সেই বিষয়ে আলোচনা কৰিবলৈ আজি দলটোৰ কৰ্ণধাৰ বৈঠকো অনুষ্ঠিত হৈছে।

দলৰ ক্ষমতা দখলৰ যুঁজত ভূপেন বৰা উফৰি গৈছে, গৌৰৱ গগৈ প্ৰতিষ্ঠিত হৈছে...
তেজপুৰত গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগদান বিহালীৰ প্ৰাৰ্থী জয়ন্তৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in