৫০ টা পুখুৰীৰে বানপানী শেষ কৰাৰ কথাৰে অসমক অপমান কৰিছে- অখিল গগৈ

অসমৰ বানপানী সমস্যা সমাধানক লৈ কেন্দ্ৰৰ কোনো গুৰুত্ব নাই
৫০ টা পুখুৰীৰে বানপানী শেষ কৰাৰ কথাৰে অসমক অপমান কৰিছে- অখিল গগৈ
৫০ টা পুখুৰীৰে বানপানী শেষ কৰাৰ কথাৰে অসমক অপমান কৰিছে- অখিল গগৈ
Published on
Updated on

ডিজিটেল সংবাদ কাজিৰঙাঃ 'মতগৰ্বী পীযুষ হাজৰীকাৰ সকলো দম্ভ-অহংকাৰ জেঠ-আহাৰৰ বানে ধুই পেলালে৷ পঞ্চাশটা পুখুৰীৰে অসমৰ বানপানী সমস্যা সমাধান কৰিব খোজাটো অসমৰ মানুহৰ প্ৰতি এক অপমান৷' এই মন্তব্য শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ ৷

বিজেপি চৰকাৰখন অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত আছলতে যে চিৰিয়াছ নহয়,গৃহমন্ত্ৰী অমিত চাহৰ কথাই প্ৰমান কৰিলে৷ কেন্দ্ৰ প্ৰতিখন চৰকাৰেই মাহীআইৰ দৃষ্টিৰে চাই অসমক। পঞ্চাশটা পুখুৰী খান্দি বানমুক্ত অসমৰ কথা যেতিয়া কৈছে তেতিয়াই বুজি উঠিছে সকলোৱে যে কেন্দ্ৰই বানপানী সমস্যাৰ ক্ষেত্ৰত অলপো একো ভবাই নাই ৷

তেওঁ পুনৰ কয়, অসমৰ ৰাইজৰ দাবী আছিল যে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা হ'ব লাগে৷ তাৰ বিপৰীতে কৰা এনে মন্তব্যই অসমৰ ৰাইজক চূড়ান্তভাৱে অপমান, তাচ্ছিল্য,উপলুঙা কৰিছে ৷ নৰেন্দ্ৰ মোডী,অমিত চাহ,জে পি নাড্ডা,সৰ্বানন্দ সোণোৱাল,হিমন্ত বিশ্ব শৰ্মাৰ লগতে অহংকাৰী মন্ত্ৰী পীযুষ হাজৰীকাই কৈছিল অসম বানমুক্ত হ'ব ৷কিন্তু অমিত চাহৰ কথাই প্ৰমান কৰিলে যে তেওঁলোকৰ কাৰোৰে কথাৰ গুৰুত্ব নাই৷

ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয় যে বাৰিষাৰ আৰম্ভণিতে বানপানী-ভূমিস্খলনত বৰ্তমানলৈকে ৩৯ জন লোকৰ যদিহে মৃত্যু ঘটিব লাগে তেনেস্থলত জলসম্পদ বিভাগ, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰখনৰ কোনো কাম নাই ৷ কেৱল মাত্ৰ অসমৰ সমস্যাক লৈ তেওলোকে ঢোল বজাই,ঘৰিয়ালৰ চকুপানী টেকে ৷বানমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত দীৰ্ঘম্যাদি কোনো আঁচনি নাই ৷ বৰ্তমানলৈ অসমৰ বান সমস্যাক লৈ গৱেষণাৰ বাবে গৱেষণা কেন্দ্ৰই নাই ৷ কেইটামান মঠাউৰি বনাই পীযুষ হাজৰীকাই গৰ্ব অনুভৱ কৰি কৈ আছে যে বানপানী সমস্যা সমাধান কৰিছোঁ।

৫০ টা পুখুৰীৰে বানপানী শেষ কৰাৰ কথাৰে অসমক অপমান কৰিছে- অখিল গগৈ
মাজবাটত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ভাং জব্দ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in