এপেক্স বেংক কেলেংকাৰীত বিশ্বজিত ফুকন জড়িত থকাৰ অভিযোগ অখিল গগৈৰঃ CBI ৰ তদন্ত দাবী...

এপেক্স বেংক কেলেংকাৰীত বিশ্বজিত ফুকন জড়িত থকাৰ অভিযোগ অখিল গগৈৰঃ CBI ৰ তদন্ত দাবী...
এপেক্স বেংক কেলেংকাৰীত বিশ্বজিত ফুকন জড়িত থকাৰ অভিযোগ অখিল গগৈৰঃ CBI ৰ তদন্ত দাবী...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজ্যত সংঘটিত হোৱা চাঞ্চল্যকৰ বেংক জালিয়াতি সন্দৰ্ভত আজি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে এক সংবাদ মেল সম্বোধন কৰি এই জালিয়াতিৰ তদন্ত চি বি আইলৈ হস্তান্তৰ কৰাৰ দাবী উত্থাপন কৰে। ইয়াৰোপৰি তেওঁ বেংকটোত সংঘটিত হোৱা ২০ কোটি ৩০ লাখ টকীয়া কেলেংকাৰীত বেংকটোৰ পৰিচালন সঞ্চালক আৰু অধ্যক্ষ বিশ্বজিত ফুকনো জড়িত থকা বুলি দাবী কৰে।

সংবাদ মেলৰ আৰম্ভণিতে বিধায়ক গগৈয়ে এই কেলেংকাৰী অভূতপূৰ্ব আৰু নজিৰবিহীন আখ্যা দিয়ে। তেওঁ কয়, এপেক্স বেংক অসমৰ মানুহৰ এটা বুকুৰ কুটুম বেংক। এপেক্স বেংকক অসমৰ মানুহে নিজৰ বেংক বুলি অনুভৱ কৰে। এই বেংকটোৰ গ্ৰাহকবোৰ মূলতঃ অসমৰ থলুৱা খিলঞ্জীয়া লোক। অসমৰ থলুৱা খিলঞ্জীয়া মানুহে ধন জমা ৰখা এই বেংকত যি কেলেংকাৰী সংঘটিত হ'ল সেয়া অভূতপূৰ্ব, নজিৰবিহীন।

ৰাজাশ বাজাজ নামৰ এগৰাকী ব্যৱসায়ীয়ে সংঘটিত কৰা এই কেলংকাৰী সন্দৰ্ভত প্ৰকাশিত বাতৰিৰ আধাৰত ৰাইজৰ দলে নিজা ববিয়াকৈ তদন্ত কৰি সমগ্ৰ কাণ্ডৰ সৈতে বেংকটোৰ উৰ্ধতম কৰ্তৃপক্ষ জড়িত থকাৰ কথা উল্লেখ কৰে। তেওঁ কয়, এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিত ফুকনে কেইদনমানৰ পূৰ্বে ঘোষণা কৰিছিল কোনোধৰণৰ মডগেজ নোহোৱাকৈ যি ২০ কোটি ৩০ লাখ টকাৰ ধন মুকলি কৰি দিয়া হ'ল এই ক্ষেত্ৰত কেৱল দিছপুৰৰ বেংক মেনেজাৰ জনহে জড়িত। কেৱল আৰু কেৱল দিছপুৰৰ বেংক মেনেজাৰ জনক এই ঘটনাৰ সৈতে জড়িত বুলি কৈ সমগ্ৰ বিষয়টোৰ তদন্ত কৰিবলৈ বেংকটোৰ পৰিচালন সঞ্চালকগৰাকীক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে।

HCL

কিন্তু এই কেলেংকাৰী সৈতে এই পৰিচালন সঞ্চালকগৰাকী নিজেই জড়িত হৈ আছে বুলি অভিযোগ উত্থাপন কৰিছে গগৈয়ে। তেওঁ কয়, গোটেই ঋণ অনুমোদন দিয়াৰ প্ৰক্ৰিয়াটোত আচলতে বেংকটোৰ মেনেজিং ডাইৰেক্টৰজনেই জড়িত হৈ আছে। তেওঁ ঋণ দিবলৈ লিখিতভাৱে অনুমোদন দিয়াৰ তথ্য আমাৰ হাতত ইতিমধ্যে আহি পৰিছে।

তেওঁ কয়- নৰ্থ ইষ্ট প্ৰীণ্টাৰ্ছ প্লেণ্টেশ্যন এণ্ড প্ৰাইভেট লিমিটেডৰ সঞ্চালক আৰ বাজাজে ৩ এপ্ৰিল ২০২৩ ত এপেক্স বেংকৰ মেনেজিং ডাইৰেক্টৰ ডম্বৰু শইকিয়ালৈ এখন চিঠি দিছিল। চিঠিখনৰ জৰিয়তে তেওঁ ডি বি পি সুবিধাৰ অধীনত ১৫ কোটি টকা বিচাৰে। কেৱল এয়াই নহয়, ইয়াৰ পূৰ্বেও যে তেওঁ এই বেংকটোৰ পৰা ডি বি পিৰ মাধ্যমেৰে টকা উলিয়াই নিছে সেই কথাও চিঠিখনত স্পষ্ট হৈ আছে।

ইয়াৰোপৰি তেওঁ কয়, পৰৱৰ্তী সময়ত এপেক্স বেংকে যেতিয়া বাজাজক দিয়া ধন ঘূৰাই পোৱা নাই, তেতিয়া দেখা গ'ল তেওঁ যিখন চেক বেংকত জমা কৰি ডি বি পিৰ জৰিয়তে ২০ কোটি ৩০ লাখ টকা লৈছিল সেই চেকখনৰ একাউণ্টত মাত্ৰ ৮০ হাজাৰ টকাহে জমা আছিল। অৰ্থাৎ তেওঁ ৮০ হাজাৰ টকাৰ চেক জমা কৰি ২০ কোটি ৩০ লাখ টকা এপেক্স বেংকৰ পৰা উলিয়াই লৈ গ'ল।

বিধায়ক অখিল গগৈৰ মতে এপেক্স বেংকত সংঘটিক হোৱা এই কেলেংকাৰী নীৰৱ মোডী, বিজয় মালিয়াই সংঘটিত কৰা কেলেংকাৰীত কৈ ডাঙৰ কেলেংকাৰী এয়া। তেওঁৰ মতে নীৰৱ মোডী আৰু বিজয় মালিয়াই গেৰাণ্টি দি বেংকৰ ঋণ লৈছিল। কিন্তু এপেক্স বেংকত আৰ বাজাজে ঋণ নহয়, এখন চেক দিছে আৰু ধন লৈ গৈছে।

ইফালে এই কেলেংকাৰী পোহৰলৈ অহাৰ পাছতে বেংকটোৰ অধ্যক্ষ বিশ্বজিত ফুকনে বেংকটোৰ দিছপুৰ ব্ৰাঞ্চৰ মেনেজাৰজনৰ লগতে প্ৰৱঞ্চক ব্যৱসায়ীজনৰ বিৰুদ্ধে গোচৰ তৰা হ'ব বুলি কৈছিল। তেওঁ কৈছিল এই কেলেংকাৰী সন্দৰ্ভত বেংক কৰ্তৃপক্ষ একেবাৰে অজ্ঞ। বিধায়ক ফুকনৰ এই ভাষ্য উল্লেখ কৰি অখিল গগৈয়ে বিজেপি দলৰ আন এগৰাকী বিধায়ক মৃণাল শইকীয়াই উল্লেখ কৰা এক ভাষ্যও টানি আনে।

বিধায়ক গগৈয়ে কয়, বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই কৈছিল এনে বেংক জালিয়াতিৰ ক্ষেত্ৰত সাধাৰণতে এজনক বলিৰ পঠা সজোৱা হয় আৰু ইয়াৰ আঁৰত থকা প্ৰকৃত মানুহবোৰ লোকাই থাকি যায়। প্ৰকৃত কেলেংকাৰী ধৰা নপৰে। মৃণাল শইকীয়াৰ বক্তব্যই ১০০ শতাংশ শুদ্ধ বুলি আমি লাভ কৰা নঠিত স্পষ্ট হৈছে।

ব্যৱসায়ী আৰ বাজাজে এপেক্স বেংকৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়ালৈ যি চিঠি লিখিছিল তাত ডি বি পি উপায়েৰে ১৫ কোটি টকা বিচাৰিছিল। তাৰ পৰৱৰ্তী সময়ত ২০ কোটি ৩০ লাখ টকা মুকলাই দিয়া হৈছে। অখিল গগৈয়ে কেয়, মেনেজিং ডাইৰেক্টৰ জন এই ঘটনাৰ সৈতে পোনে পোনে জড়িত। মেনেজিং ডাইৰেক্টৰজনে দিছপুৰ বেংক মেনেজাৰজনক ধন মুকলাই দিবলৈ নিৰ্দেশ দিছিল। এই ঘটনাৰ সৈতে দিছপুৰ বেংক মেনেজাৰেই জড়িত থকা নাই বেংকটোৰ উৰ্ধতম কৰ্তৃপক্ষও জড়িত হৈ আছে।

বিধায়ক গগৈয়ে কয়, আমি জনা মতে এপেক্স বেংকত অধ্যক্ষ বিশ্বজিত ফুকনৰ বিনা অনুমতিত পাত এখিলাও লৰিব নোৱাৰে। এপেক্স বেংকৰ কৰ্মচাৰীয়ে জনোৱা মতে অধ্যক্ষ বিশ্বজিত ফুকনে নকলে পিয়ন বহি থকা বেঞ্চৰ ধুলিও মচিব নোৱাৰে। অৰ্থাৎ বিশ্বজিত ফুকনৰ অনুমতি অবিহনে এজন বেংক মেনেজাৰ, যিয়ে কেৱল কৃষকক ৫০ হাজাৰ টকা, আত্মসহায়ক গোটক ১ লাখ টকা ঋণ দিব পাৰে,দিছপুৰ আৰু পাণ বজাৰ শাখাৰ বেংক মেনেজাৰে এজন ব্যৱসায়ীক সৰ্বোচ্চ ১০ লাখ টকা ঋণ দিব পাৰে তেনে এজন মেনেজাৰে ৰিজাৰ্ভ বেংকৰ গাইড লাইন অমান্য কৰি ২০ কোটি ৩০ লাখ টকা ঋণ দিয়াটো কল্পনাৰ বাহিৰত।

সংবাদ মেলখনত অখিল গগৈয়ে স্পষ্টকৈ কয়, আমি জনা মতে এই গোটেই কেলেংকাৰীত প্ৰকৃত পক্ষে জড়িত হৈ আছে বেংকটোৰ অধ্যক্ষজন নিজেই। আমাক জনোৱা অনুসৰি বেংকটোৰ অধ্যক্ষই ফোনৰ জৰিয়তে এম ডিক এই ঋণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। অধ্যক্ষ জনে এই কেলেংকাৰিত জড়িত আছেনে নাই সেয়া এম ডিয়ে কেতিয়াও তদন্ত কৰিব নোৱাৰে।এই তদন্তৰ বাবে সঠিক তদন্তকাৰী গোটটোৱেই হল চি বি আই।

HCL

ইয়াৰোপৰি তেওঁ কয়, যদিহে এই কেলেংকাৰীৰ সৈতে বিশ্বজিত ফুকন জড়িত নহয় তেন্তে প্ৰত্যাহ্বান জনাইছো এই গোটেই কেলেংকাৰীটোৰ তদন্ত চি বি আইৰ হাতলৈ হস্তান্তৰৰ সাহস কৰক। যদি চি বি আইৰ হাতলৈ গোটেই গোচৰটো তেওঁলোকে নিদিয়ে তেন্তে জানিবলৈ বাকী নাথাকিব যে, কেলেংকাৰীৰ পৰা বাচিবৰ কাৰণে এই কাম বিজেপিৰ নেতাজনে কৰিলে।

ইফালে বেংকোটৰ জালিয়াত সন্দৰ্ভত অসম আৰক্ষীত এফ আই আৰ দাখিল কৰা সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে কয়, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বিধায়ক বিশ্বজিত ফুকনক এই তদন্তলৈ অসম আৰক্ষীয়ে আনিবনে? যি বেংকত হিমন্ত বিশ্ব শৰ্মা নিজেই অধ্যক্ষ আছিল। বিশ্বজিত ফুকনক সেই আসন এৰি দিছে। এতিয়াও হিমন্ত বিশ্ব শৰ্মা এই বেংকৰ ডাইৰেক্টৰ হৈ আছে। গতিকে মুখ্যমন্ত্ৰীৰ এনেকুৱা এজন বিধায়কক অসম আৰক্ষীয়ে নিশ্চয় কেতিয়াও জেৰা নকৰিব বা তদন্তৰ আওঁতালৈ আনি গ্ৰেপ্তাৰৰ ব্যৱস্থা নকৰিব।

এপেক্স বেংক কেলেংকাৰীত বিশ্বজিত ফুকন জড়িত থকাৰ অভিযোগ অখিল গগৈৰঃ CBI ৰ তদন্ত দাবী...
তেলংগানাত ৰাহুল, প্ৰিয়ংকাৰ নিৰ্বাচনী অভিযানঃ প্ৰসিদ্ধ মন্দিৰত আগবঢ়ালে পূজা অৰ্চনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in