অসমত এতিয়া কেৱল এজন মানুহৰ হিটলাৰৰাজ চলিছে: অখিল গগৈ

অসমত এতিয়া কেৱল এজন মানুহৰ হিটলাৰৰাজ চলিছে: অখিল গগৈ
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙাঃ শান্তি আলোচনাত বহিবলৈ আলফা স্বাধীনৰ সেনাধক্ষ্যক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতিক্ৰিয়া শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ ৷ ৭০-৮০ দশকৰ অসমৰ পৰিস্থিতিতকৈ বৰ্তমান অসমৰ ৰাজনৈতিক,সামাজিক,অৰ্থনৈতিক ব্যৱস্থা অতি ভয়াবহ বুলি উল্লেখ কৰে গগৈয়ে ৷

লগতে তেওঁ কয় যে সাতদিন নালাগে,এটা দিনৰ বাবে যদি অসমলৈ আহে অসমৰ ৰাজনীতি,দুৰ্নীতি,ভ্ৰষ্টাচাৰ,কেলেংকাৰী,আত্মসমৰ্পণৰ ৰাজনীতি প্ৰত্যক্ষ কৰাৰ পাছত যিকোনো এজন মানুহ বিদ্ৰোহী হৈ উঠিবলৈ বাধ্য হৈ পৰিব ৷ আজিৰ দিনটোত অসমত গণতন্ত্ৰ নাই,অসমৰ ৰাইজৰ মানৱ অধিকাৰ,বাক স্বাধীনতা নাই ৷ আজিৰ দিনত অসমৰ ৰাইজক ধৰ্ম বা জাত পাতৰ ভিত্তিতহে গণ্য কৰা হয় ৷

তেওঁ কয় যে, অসমত এতিয়া কেৱল জংঘলৰাজ চলিছে৷ অসমত এতিয়া কেৱল এজন মানুহৰ হিটলাৰৰাজ চলিছে৷ আলফাৰ যুৱক-যুৱতীয়ে অসমত চাকৰি লাভ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত গগৈয়ে কয় যে এক লাখ চাকৰিটো এটা পানীমিঠৈ ৷ এবছৰত দিম কোৱা এক লাখ চাকৰি আজি আঢ়ৈ বছৰত পঞ্চাশ হাজাৰ দিছে ৷ এইয়া ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দৰে হৈছে। দৈনিক ধাৰ লোৱা চৰকাৰখনে উপায়হীন হৈ এতিয়া চাকৰি বিলুপ্ত কৰিছে ।ৰাতি সাত হাল বাই ৰাতিপুৱা এহাল বোৱা স্থিতি বৰ্তমান বিজেপি চৰকাৰৰ ৷

অসমত এতিয়া কেৱল এজন মানুহৰ হিটলাৰৰাজ চলিছে: অখিল গগৈ
হোষ্টেলৰ ৰান্ধনীত প্ৰহাৰ ছাত্ৰৰঃ ৩ নিৰাপত্তাৰক্ষীক নিলম্বন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in