আলাগজাৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ দিৱস উদযাপন...

বাক্সা জিলাৰ টিহু-বৰমা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত আলাগজাৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ দিৱস উদযাপন।

author-image
Asomiya Pratidin
New Update
আলাগজাৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ দিৱস উদযাপন...

ডিজিটেল সংবাদ, বৰমা: বাক্সা জিলাৰ টিহু-বৰমা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত আলাগজাৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ দিৱস উদযাপন। বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্ম দিন উপলক্ষে অসম চৰকাৰে ঘোষণা কৰা ছাত্ৰ দিৱস সমগ্ৰ অসনৰ লগতে উক্ত বিদ্যালয় খনতো উদযাপন কৰা হয়।

বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী ববিতা বড়োৰ সঞ্চালনাৰ মুকলি সভাত বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উপ সভাপতি ভাৰত বড়োই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বডোফাৰ জীৱনৰ ওপৰত ভাষণ প্ৰদান কৰে। আনহাতে আলাগজাৰ প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ নিজৌম বড়োয়ে সভাৰ উদ্দেশ্য বাখ্যা কৰে।

উক্ত সভাত বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি উমেশ চন্দ্ৰ বড়োয়ে বক্তা হিচাপে অংশগ্ৰহণ কৰি ভাষণ দিয়াৰ লগতে ২নং কালজাৰ ক্লাষ্টাৰৰ সমল ব্যক্তি অমিত শৰ্মাই ভাষণ ৰাখে। সভাত বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উপ সভাপতি শ্যামল বসুমতাৰী, সহকাৰী সাধাৰণ সম্পাদক মোহিনী মোহন বড়ো, উপদেষ্টা তুনু বড়ো, সমাজ সেৱক ৰামসিং বড়ো, বৰমা ক্লাষ্টাৰৰ সমল ব্যক্তি অৰুপ চৌধুৰী, কনক বড়ো সকলে অংশগ্ৰহণ কৰে।

পুৱা আলাগজাৰ প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মন্তু বড়োই বডোফাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি মল্যাৰ্পন কৰে। সভাত অঞ্চলৰ পিতৃ-মাতৃ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলে উপস্থিত থাকে।

Also Read: Wildlife Sanctuaries in Assam: পৰ্যটকক আকৰ্ষিত কৰা অসমৰ বন্যপ্ৰাণী অভয়াৰণ্য

bodofa