আজি আলি-আয়ে-লৃগাংঃ গুমৰাগত মতলিয়া ডেকা-গাভৰু….

আজি আলি-আয়ে-লৃগাংঃ গুমৰাগত মতলিয়া ডেকা-গাভৰু….
Published on
Updated on

ডিজিটেল ডেস্কঃ আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ। ফাগুনৰ এই প্ৰথমটো বুধবাৰেই ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় লোকসকলে পালন কৰে কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাং। সেয়েহে মিচিং জনগোষ্ঠীয় লোকসকলৰ মাজত ৰাজ্যজুৰি সৃষ্টি হৈছে উখল-মাখল পৰিৱেশ।

উল্লেখ্য যে মিচিং জনগোষ্ঠীয় লোকসকলে বুধবাৰৰ দিনটোক অথি মাংগলিক হিচাপে বিবেচনা কৰি আহিছে। পূৰ্বতে হাবি কাটি জুম পদ্ধতিৰে খেতিৰ বিস্তাৰ আৰম্ভ কৰিছিল মিচিংসকলে। ফাগুন মাহৰ প্ৰথমটো বুধবাৰৰ পৰাই তেওঁলোকে শস্যৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিছিল। এই দিনটোতেই ঘৰৰ মূৰব্বীজনে পথাৰত আৰু ৰাইজে সমূহীয়াকৈ এটা নিৰ্দিষ্ট ঠাইত নিৰ্মাণ কৰি মুৰংঘৰৰ চোতালত আলি আয়ে লৃগাংৰ বীজ সিঁচা কাৰ্যৰ শুভাৰম্ভ কৰিছিল।

লৃগাঙৰ লৃগদ বা বীজ সিঁচা কাৰ্যৰ বাবে প্ৰস্তুত কৰা নিৰ্দিষ্ট ঠাইডোখৰৰ চাৰিওফালে চাৰিডাল পিঃৰ (মেখেলা বন) চাৰিটা দিশত সংস্থাপন কৰা হয়। এই পিঃৰ বা মেখেলা বনত কপাহ চাৰি কোছা, কেঁচা সূতা দিয়া হয়। বীজ সিঁচাৰ বাবে ঠিক কৰা মাটিডোখৰ চহোৱা হয়। ইয়াৰ পিচত শস্যৰ বীজ ৰোপণৰ বাবে শিপাজাতীয় ছটা ফল, গুটিজাতীয় বীজ পাঁচটা ৰোপণ কৰিব লাগে। বীজ সিঁচা কাৰ্যৰ বাবে যুগুত কৰা সকলোবোৰ সামগ্ৰী তিৰোতাগৰাকীয়ে হোৰাত ভৰাই লৈ কান্ধত বা মূৰত ওলমাই আনিব লাগে। পুৰুষগৰাকীয়ে মিট দা আৰু দাঃ নৃগ আনিব।

বীজ সিঁচা স্থানত পুৰুষ আৰু মহিলাগৰাকী উপস্থিত হোৱাৰ পিচত পূবফালে মুখ কৰি থিয় হৈ মাংগলিক কার্য সম্পাদন কৰিব। শস্যৰ বীজবোৰ উলিয়াই সৰু সৰু গাতত ৰোপণ কৰিব। এই শস্যবোৰ ৰোপণ কৰাৰ সময়ত আশিস বচন ক্রমে সূর্যই শুনহ, চন্দ্ৰই শুনহ, চেদি মেঃল, মৰা মৃত্যুসকল সকলোৱে শুনহ আজি আমি সকলোৱে আলি-আয়ে-লৃগাং উদযাপন কৰিছো। এইদৰে আশিস বচন মাতি শেষ হোৱাৰ পিচত ৰোপণ কৰা বীজবোৰৰ ওপৰত মাটিৰ গুৰি চপাই দি ঢাকি দিয়া হয়। ইয়াৰ পিচতে গুমৰাগ নৃত্য সমূহীয়াকৈ প্ৰদৰ্শন কৰি স্ফূৰ্তি কৰা পৰিলক্ষিত হয়। এই গুমৰাগৰ মাত শুনিলেই বীজ অংকুৰিত হয় বুলি এক লোকবিশ্বাসআছে।

মিচিং জনগোষ্ঠীটোৰ প্ৰধান উৎসৱৰ আজি উৰকাৰ দিনা মাছ, মাংস, কুকুৰা, পোৰাং আপিন, বিভিন্ন শস্য, গুটিজাতীয় বীজ, শিপাজাতীয় ফল আদি খাদ্যৰ বাবে সংগ্ৰহ কৰাৰ লগতে সমূহীয়াকৈ উদযাপন হ'ব লগা লৃগাংথলীত নিৰ্মাণ হৈছে মুৰংঘৰ। তদুপৰি গুমৰাগ নৃত্য তথা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত অংশ লোৱাৰ বাবে মচাং এগে-গাচৰ, পেঃৰ, বিবি, গাচেং, এৰকংক, গনঃৰ উগন, মিবু গালুক, টঙালি আদি বিভিন্ন সাজপাৰ প্ৰস্তুত কাৰ্য ইতিমধ্যে সম্পন্ন কৰি তুলিছে মিচিং গাভৰুসকলে।

সমান্তৰালভাৱে ঢোল, তাল আদি বাদ্য যন্ত্ৰসমূহৰো পুনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ পিচত গাঁৱে গাঁৱে গুমৰাগ নৃত্যৰ আখৰা, ঢোলৰ শব্দ, ঐ নিঃতমৰ সুৰৰ লহৰ বাজি উঠিছে। মাজুলীৰ বিভিন্ন গাঁও তথা চুবুৰি হিচাপে প্রায় তিনি শতাধিক ঠাইত মাজুলীৰ আৰু সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন জিলাৰ মিচিং জনগোষ্ঠীয় সমাজত এই লৃগাং উদযাপনৰ বাবে সকলোধৰণৰ প্ৰস্তুতিকার্য সম্পূৰ্ণ হৈ উঠিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in