ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে সোমবাৰে অসমৰ চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে উদযাপন কৰিলে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। দিনজোৰা কাৰ্যসূচীৰে ঠায়ে ঠায়ে উদযাপন কৰা এই দিৱসত দেখা গ'ল ব্যতিক্ৰমী পদক্ষেপ। গান্ধী জয়ন্তীৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কি কি কাৰ্যসূচী সমাপন হ'ল সেই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ সবিশেষ বাতৰি...
ভাৰতবৰ্ষৰ দুজন মহান নেতা মহাত্মা গান্ধী আৰু শাস্ত্ৰী জয়ন্তীৰ উপলক্ষে নগাঁও লায়ঞ্চ ক্লাৱে অনুষ্ঠিত কৰে এখনি চিত্ৰাংকন প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত নগাঁও বিভিন্ন বিদ্যালয়ৰ প্ৰায় ৪০গৰাকী ১৩ বছৰ অনুৰ্ধ্বৰ শিক্ষাৰ্থীয়ে ভাগ লয়। অনুষ্ঠানত দুগৰাকী চিত্ৰাংকন বিচাৰক ক্ৰমে ময়ুৰ ফুকন আৰু সিদ্ধাৰ্থ শংকৰ বৰাৰ লগতে লায়ঞ্চ ক্লাবৰ সভাপতি ৰূপ ৰঞ্জন দাস, সাৰাংগ বল্লভ গোস্বামী, মনিকা সাহা, বিশ্বজিৎ মহন্ত, প্ৰলয় সাহা, গুৰুচৰন সিং, হৰদৰ্শন সিং, গৌৰী সেনগুপ্তা, স্বপনা নেওগী, নন্দিতা দাস, ইনামূল মজিদ, মালচন্দ আগৰৱালা, মহৰ্ষি বৰদলৈ, মধুৰ আগৰৱালাসহ কেইবাজনো ব্যক্তি উপস্থিত থাকে।
সদৌ অসম গ্রাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগতো উদযাপন গান্ধী জয়ন্তী
নগাঁৱত ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত পূৰ্বৰ বছৰসমূহৰ দৰে এই বছৰো জাতিৰ পিতা মহাত্মাগান্ধীৰ ১৫৪তম ওপজা দিন 'গান্ধী জয়ন্তী' উদযাপন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি পুৱা স্বচ্চভাৰত অভিযান, গছপুলি ৰোপণ আৰু গান্ধী প্রার্থনাৰ আয়োজন কৰা হয়। অনুষ্ঠানত ‘কলংপাৰ’ কাকতৰ সম্পাদক ভৱেন বৰা আৰু সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাই বিশিষ্ট অতিথি হিচাবে অংশগ্রহণ কৰি মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্য অর্পন তথা বন্তি প্ৰজ্বলন কৰে। উল্লেখ্য যে, এই কাৰ্যসূচীত ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগ, সামাজিক ন্যায় আৰু শক্তি মন্ত্ৰালয় আৰু অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সহযোগত পৰিচালনা কৰা জ্যেষ্ঠ নাগৰিক আবাস গৃহ, দুর্দশাগ্রস্ত মহিলাৰ স্বধাৰ গৃহ আৰু শিশু গৃহৰ আবাসী আৰু কৰ্মচাৰীসকলেও অংশ গ্ৰহণ কৰে।
নগাঁও চহৰৰ মাজেৰে জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত শান্তি সমদল
মহাত্মা গান্ধীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত উলিওৱা হয় এটি শান্তি সমদল। নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বিদ্যালয়ৰ প্ৰাংগনৰ পৰা পুৱা ১০ বজাত আৰম্ভ হোৱা শান্তি সমদলৰ দলটিয়ে নগাঁও চহৰৰ মাজেৰে যাত্ৰা কৰে ৷ শান্তি সমদলটো শুভাৰাম্ভ কৰে চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বসন্ত কুমাৰ গোস্বামীয়ে ৷ এই সমদলটোত বিদ্যালয়ৰ অধ্যক্ষকে প্ৰমুখ্যে কৰি বিদ্যালয়ৰ শিক্ষকসকল, অৰ্ধ শতাধিক ছাত্ৰৰ লগতে জিলা আইন সেৱা প্ৰাধিকৰণৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে ৷ সমদলটোৰ নেতৃত্ব প্ৰদান কৰে নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এন চি চি বিষয়া ছাইফুল ইছলামে ৷ নগাঁও চহৰৰ মাজেৰে উলিওৱা শান্তি সমদলটি নগাঁও ন্যায়িক আদালত ভৱনৰ প্ৰাংগনত সামৰণি পৰে ৷
বিহপুৰীয়াৰ বদতি জামুগুৰিত গান্ধী জয়ন্তী আৰু মুক্তিযুজাৰু প্ৰয়াত হৰিচন্দ্ৰ বৰুৱাৰ জন্ম শতবৰ্ষ উদযাপন
অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ সৌজন্যত, লখিমপুৰ, বিহপুৰীয়া-নাৰায়ণপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু বদতি জামুগুৰি অঞ্চলৰ স্থানীয় ৰাইজ আৰু লখিমপুৰ জিলা মুক্তি যুঁজাৰু সন্মিলনৰ প্ৰাক্তন সভাপতি স্বাধীনতা সংগ্ৰামী প্ৰয়াত হৰিচন্দ্ৰ বৰুৱাৰ পৰিয়াল বৰ্গৰ সহযোগত সোমবাৰে ১৫৪ সংখ্যক গান্ধী জয়ন্তীৰ লগতে প্ৰয়াত হৰিচন্দ্ৰ বৰুৱাৰ জন্ম শতবৰ্ষ উদযাপন কৰা হয় ৷ প্ৰয়াত বৰুৱাৰ বাসগৃহ বদতি জামুগুৰিৰ স্নেহতীৰ্থত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা প্ৰয়াত হৰিচন্দ্ৰ বৰুৱাৰ সহধৰ্মিনী আৰু জোৱাই ক্ৰমে বিণাপানী বৰুৱা, কৰুণা প্ৰসাদ দাস আৰু স্থানীয় জ্যেষ্ঠ নাগৰিক যতিন বৰুৱাৰ দ্বাৰা গছপুলি ৰোপণ, বিহপুৰীয়া নাৰায়ণপুৰ জিলা মুক্তি যুজাৰু সন্মিলনৰ সভাপতি মদন ভূঞাৰ দ্বাৰা পতাকা উত্তোলন, শতায়ু গৰকা মুক্তিযোদ্ধা ৰাধানন্দ বৰাৰ দ্বাৰা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন, প্ৰয়াত মুক্তিযুজাৰু পূৰ্ণকান্ত তামুলীৰ সহধৰ্মিনী লোকদা তামুলীৰ দ্বাৰা বিশিষ্ট মুক্তিযুজাৰু প্ৰয়াত হৰিচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তীপ্ৰজ্বলনৰ পিছতে হৰিচন্দ্ৰ বৰুৱাৰ ডায়েৰীৰ পৰা সংগৃহীত কথাৰে অংকিত এখনি চিত্ৰকল্প উন্মোচন কৰে বিহপুৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° ৰাজেন্দ্ৰ নাথ সভাপণ্ডিতে ৷ প্ৰয়াত বৰুৱাৰ জন্ম শতবৰ্ষৰ স্মাৰকগ্ৰন্থ “বৰেণ্য” উন্মোচন কৰে প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰাই ৷ মৃদুস্মিতা বৰুৱাৰ সম্পাদনাত প্ৰকাশ পোৱা গ্ৰন্থখনিৰ সম্পৰ্কত সম্পাদনা সমিতিৰ সভাপতি ড° প্ৰবিণ শইকীয়াই বক্তব্য আগবঢ়ায়৷
দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হোৱা স্মৃতিচাৰণ সভাখনি এটি সমবেত সংগীতেৰে শুভাৰম্ভণি কৰে অসমী মহিলা সমিতিৰ শিল্পীসকলে ৷ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° গৌতম কাকতিয়ে উদ্বোধন কৰা সভাখনত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি যুগল চন্দ্ৰ কলিতাই ৷ সভাত বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞা, ধেমাজী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° পুস্প বৰা, নগাঁৱৰ চিত্তৰঞ্জন বৰা, বিহপুৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জয় প্ৰকাশ মহন্ত, প্ৰাক্তন বিধায়ক কেশৰাম বৰা, অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া কনকেশ্বৰ ডেকা ৰাজকোঁৱৰ, নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ধৰণি শৰ্মা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক খগেন দত্ত, ধনেশ্বৰ ৰাজখোৱা, শিক্ষক মনোৰঞ্জন শৰ্মা, কবি পংকজ সভাপণ্ডিত আদি বহুকেইগৰাকী ব্যক্তিয়ে প্ৰয়াত মুক্তিযুজাৰুগৰাকীৰ স্মৃতিচাৰণ কৰে ৷ উদযাপন সমিতিৰ সম্পাদক জগত বৰাই আঁত ধৰা অনুষ্ঠানত কেইবাগৰাকীও শিল্পীয়ে গীত পৰিবেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷
তিতাবৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান(ডায়েট)য়ে যোৰহাটত গান্ধী জয়ন্তী উপলক্ষে শান্তি সমদল আৰু বাটৰ নাট প্ৰদৰ্শন কৰে
তিতাবৰস্থিত ডায়েট যোৰহাটৰ শিক্ষক প্ৰশিক্ষাৰ্থী আৰু প্ৰতিষ্ঠানৰ প্ৰবক্তা মণ্ডলীৰ লগতে কৰ্মচাৰীবৃন্দৰ দ্বাৰা সোমবাৰে প্ৰতিষ্ঠানৰ চৌহদৰ পৰা তিতাবৰ তিনিআলিলৈ পদব্ৰজে এক শান্তি সমদল সমাপন কৰা হয়। প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা ৰীতা চলিহা, ড° বিষ্ণুপ্ৰিয়া শইকীয়া, মুকুল ফুকন, জুৰি নেওগ, প্ৰবক্তা কল্পনা হাজৰিকা গগৈ, নেত্ৰ গগৈ, ৰিজুমণি পায়েং, ড° কস্তুৰী কটকী, এন এচ এচৰ তত্ত্বাৱধায়ক প্ৰবক্তা সুমিত কুমাৰ থাপা, ধ্ৰুৱজ্যোতি বৰাৰ লগতে কৰ্ম অভিজ্ঞতাৰ শিক্ষক শৈলেন্দ্ৰ বৰ্মনে অংশগ্ৰহণ কৰে। সমদলত শান্তিৰ সুৰ সমলয় "ৰামধুন"ৰ তালে তালে খোজ দিয়াৰ সমান্তৰালভাৱে মহাত্মা গান্ধীৰ জীৱন্ত অভিনয় কৰা এগৰাকী প্ৰশিক্ষাৰ্থীক লৈ সত্যাগ্ৰহ আন্দোলনৰ সম্পৰ্কিত একাধিকবাৰ সুন্দৰ বাটৰ নাটো মঞ্চায়ন কৰা হয়। সমদলত
প্ৰশিক্ষাৰ্থীসকলে ৪টা নিৰ্দিষ্ট হাউচ ক্ৰমে গামোছা, বিহু, চ্যুকাফা আৰু মহাবাহু নামেৰে বিভাজিত হৈ গান্ধী দৰ্শন আধাৰিত বিষয়বস্তু লৈ বিভিন্ন প্লে-কাৰ্ড প্ৰদৰ্শন আৰু বেশভূষা পৰিধান কৰে। সুদৃশ্যকৈ সজোৱা এখন বাহনত খদ্দৰ বস্ত্ৰৰ বাবে প্ৰয়োজনীয় যঁতৰত সূতা কটাৰ জীৱন্ত প্ৰক্ৰিয়াৰ প্ৰৰ্দশন আছিল অতিকৈ দৃষ্টিনন্দন। শান্তিৰ সমদলৰ পৰা ঘূৰি আহি জলযোগ আৰু লঘু আহাৰৰ পাছত শান্তিৰ সংগীত সমলয়ত জাতিৰ পিতাগৰাকীৰ প্ৰিয় ৰামধুনৰ সমবেত সংগীত, আধ্যাত্মিকতাৰ অন্যতম নিদৰ্শন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা সৃষ্ট বৰগীত, দেশপ্ৰেমমূলক সংগীত, লোকগীতৰ লগতে বহুকেইটা সুন্দৰ গীতেৰে শান্তিৰ সমলয় সংগীত (Peace concert) সম্পাদন কৰা হ'য়। ৪অক্টোবৰলৈকে নিদ্ধাৰিত চৰকাৰী নিৰ্দেশনা অনুসাৰে আগন্তুক দুটা দিনতো সাধাৰণ শ্ৰেণী অনুষ্ঠিত হোৱাৰ পিছত বিয়লি ২বজাৰ পৰা গান্ধী দৰ্শন আধাৰিত চুটি নাট, একক অভিনয়, গীত- কবিতাৰ লগতে চাফাই কাৰ্যসূচীও চলি থাকিব। দেশজুৰি স্বাধীনতাৰ অমৃতকালৰ কাৰ্যসূচী হিচাপে ডায়েট যোৰহাটে ইতিমধ্যে প্ৰতিটো দিনতে বিভিন্ন কাৰ্যসূচী সম্পাদন কৰি আহিছে, য'ত শিক্ষক প্ৰশিক্ষাৰ্থীসকলৰ সক্ৰিয় অংশগ্ৰহণ আৰু দায়বদ্ধতা অতিশয় লক্ষনীয় হিচাপে দেখা গৈছে ।
ওৱাকাথন, চাফাই কৰ্মীক পুৰস্কাৰ প্ৰদানেৰে বি ভি এফ চি এলৰ গান্ধী জয়ন্তী উদযাপন
এক শক্তিশালী ৱাকাথন আৰু গান্ধীৰ স্বচ্ছতা তথা ঐক্যৰ নীতিক সৰোগত কৰি সোমবাৰে বিভিএফচিএলত চিআইএছএফ ইউনিটৰ সহযোগত গান্ধী জয়ন্তী উদযাপন কৰা হয়। পুৱা গান্ধী ময়দানত সমবেত উদ্যোগ কৰ্তৃপক্ষ, কেন্দ্ৰীয় উদ্যোগিক নিৰাপত্তাৰক্ষী বাহিনী, ছাত্ৰ-ছাত্ৰীৰ সহিত পুষ্পাঞ্জলিৰে বাপুজীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ৰামধুন গাই সন্মান প্ৰদৰ্শন কৰে। গান্ধীজীৰ দৃষ্টিভংগীক অনুসৰণ কৰি চাফাই কৰ্মীসকলৰ কামৰ স্বীকৃতি স্বৰূপে কৰ্মীসকলক পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু উৎকৃষ্ট গৃহ পৰিচালনাৰ প্ৰতি নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ বাবে পুৰস্কাৰ প্ৰদান কৰা হয়। তদুপৰি আনুষ্ঠানিকভাৱে স্বচ্ছতা বিশেষ অভিযান ৩.০ আৰম্ভ কৰি, বিভিন্ন স্থানত চাফাই অভিযান ৰূপায়ন কৰে আয়োজকে। ইয়াৰ পিছতে বিভিএফচিএল চিকিৎসালয়টো স্বচ্ছতা অভিযান ৰূপায়ন কৰে। সেৱা আৰু ঐক্যৰ মনোভাৱ বজাই ৰাখি পৰিষ্কাৰ, সুস্থ ভৱিষ্যতৰ বাবে সকলোৱে সক্ৰিয়ভাৱে অৰিহনা আগবঢ়াই মহাত্মা গান্ধীৰ দৃষ্টিভংগীক আগুৱাই লৈ এখন পৰিষ্কাৰ, অধিক সুসম পৃথিৱীৰ পোষকতা কৰে। অনুষ্ঠানতে বি ভি এফ চি এলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডঃ শিৱ প্ৰসাদ মহান্তি, চি আই এছ এফৰ সহকাৰী কমাণ্ডেণ্ট আতিশ কুমাৰ আৰু পৰিদৰ্শক দীনেশ কুমাৰ, এ এছ আই ৰামানুন চাংগা আদি উপস্থিত থাকে।
গান্ধীজয়ন্তী উপলক্ষে আপ ৰঙিয়া বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত ৰঙিয়া নগৰৰ বিভিন্ন স্থানত অন্নদান কাৰ্যসূচী
সোমবাৰে গান্ধীজয়ন্তী উপলক্ষে আপ ৰঙিয়া বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত, ৰঙিয়া নগৰখনৰ বিভিন্ন স্থানত থকা "পদ-পথৰ লোক সকলৰ উপৰি শাৰিৰীকভাবে অক্ষম লোকসকলক অন্নদান কৰাৰ বাবে এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত ৰঙিয়া নগৰ অঞ্চলৰ প্ৰায় ৪শতাধিক লোকক খাদ্য যোগান ধৰা হয়। আপ যুৱশক্তি অসমৰ যুটীয়া সাংগঠনিক সম্পাদক হাচিব ইকবাল, ৰঙিয়া বিধানসভা সমষ্টি সমিতিৰ সভাপতি ৰূপক দাস, সম্পাদক মাচুম মুনতাকিম আহমেদ, সুভাস কাকতি, কমল কলিতা, তফাজুল আলি, চিন্ময় কলিতাৰ লগতে বিভিন্ন পঞ্চায়ত সমিতি আৰু ৱাৰ্ড সমিতিৰ বিষয়ববীয়া আৰু স্বেচ্ছাসেৱক সকলৰ উপস্থিতি আৰু সহায়-সহযোগিতাৰে এই অন্নদান কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰা হয়।
গান্ধী জয়ন্তীৰ দিনটোতে ১২ টাকৈ অভিলাষী আঁচনি ঘোষণা বিটিচি চৰকাৰৰ
জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জন্ম জয়ন্তীৰ দিনটোতে বিটিচি চৰকাৰে ১২ টাকৈ অভিলাষী আঁচনি ঘোষণা কৰিছে ৷ এই উপলক্ষে কোকৰাঝাৰ চহৰৰ চান্দামাৰীস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত বিটিচি প্ৰধান প্ৰমোদ বড়োয়ে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যপৰ্ণ আৰু পুষ্পাৰ্ঘ অৰ্পণৰে গান্ধী জয়ন্তী পালন কৰি বিটিআৰ অঞ্চলত জনহিতকৰ সুবিৰ্ধাথে ১২ টাকৈ অভিলাষী আঁচনি মুকলি কৰে ৷ ইয়াৰ ভিতৰত বিটিচি চৰকাৰ আৰু চেলকো ফাউণ্ডেছনৰ সৈতে উমৈহতীয়া চুক্তি স্বাক্ষৰিত কৰি বিটিআৰৰ ৫০০ টা স্বাস্থ্যকেন্দ্ৰত সৌৰশক্তি ব্যৱস্থা কৰা, বিটিআৰ অঞ্চলত কৰ্কট ৰোগীৰ সমূহীয়া সুবিধাৰ্থে "বড়োলেণ্ড কেন্সাৰ কেয়াৰ ন্যাস" গঠন কৰা আৰু গৰ্ভৱতী মহিলাৰ বাবে ১০০০ টকাৰ অৰ্থ সাহাৰ্যৰে "আই অনচাই বিথাংকি " আঁচনি ঘোষণা কৰে প্ৰমোদ বড়োয়ে ৷
আনহাতে গান্ধী জয়ন্তীৰ দিনটোতে বিটিচি চৰকাৰে উদ্যোগিক আৰু বাণিজ্যিক বিভাগৰ "বড়োলেণ্ড গ্ৰাম্য উদ্যোগ কেন্দ্ৰ" আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দুটাকৈ প্ৰকল্প "লাখপতি মহিলা ইনিচিয়েটিভ "আৰু " পিপুলচ হ’প পিপুলচ প্লান" আঁচনি ঘোষণা কৰে ৷ একেদৰে কৃষি বিভাগৰ দ্বাৰা প্ৰধানমন্ত্ৰী ফছল বীমা যোজনাৰ অধীনত কৃষকক শালি ধানৰ বাবদ প্ৰতি হেক্টৰত ৬৭,৯০০ টকাৰ বীমা আঁচনি প্ৰদান আৰু বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ পৰা "বড়োলেণ্ড স্পৰ্টচ এক্সেলেঞ্চ এৱাৰ্ড"ত বিটিআৰ অঞ্চলৰ ১০০ গৰাকী খেলুৱৈক এক লাখ টকাৰ অনুদান আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰে ৷ লগতে ক্ৰীড়া বিভাগৰ পৰা কোকৰাঝাৰ আৰু বাগছাত "বিনোদ ব্ৰহ্ম স্পৰ্টচ একাডেমি" স্থাপনৰ ঘোষণা কৰিছে বিটিচি চৰকাৰে ৷
অনুষ্ঠানতে প্ৰমোদ বড়োৱে বিটিআৰৰ নাগৰিকৰ মাটি বাৰীৰ সমস্যাক লৈও "মিচন বৈসুমুথি" ৱেব পৰ্টেল, কৃষকৰ তথ্য সম্বলিত "ফাৰ্মাৰ ডাটাবেচ পৰ্টেল আৰু এচ.অ.পি.ডি আচঁনিৰ অগ্ৰগতিৰ কাম কাজকলৈ "দ্যা চি ই এম দাসবোৰ্ড" পৰ্টেল তিনিটা আজি আনুষ্ঠানিকভাৱে মুকলি কৰে ৷ ইয়াৰোপৰি অনুষ্ঠানৰ সতে সংগতি ৰাখি ৰাষ্ট্ৰীয় ঘাইপথৰ খাচ মাটিত দোকান-পোহাৰ দিয়া উচ্ছেদিত ২৮৮ গৰাকী পৰিয়ালক অসম চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা এক লাখ টকাৰ আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰে প্ৰমোদ বড়োৱে ৷ অনুষ্ঠানত বিটিচি বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, উপাধ্যক্ষ অভিৰাম মহানায়ক ,বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে- ৰঞ্জিত বসুমতাৰী, অৰূপ কুমাৰ দে, দাওবৈচা বড়ো, নিলুৎ স্বৰ্গীয়াৰী, উকীল মুছাহাৰী, বিজিতগৌৰা নাৰ্জাৰী,ৰেওৰেৱা নাৰ্জাৰী আৰু পাৰিষদ ক্ৰমে- সজল সিংহ, মাধৱ ছেত্ৰী , ৰাজীৱ কুমাৰ ব্ৰহ্ম, বিটিচিৰ সচিবকে ধৰি বিটিচি সচিবালয়ৰ বহু বিষয়া- কৰ্মচাৰী উপস্থিত থাকে ৷
উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাতিপুৱা কোকৰাঝাৰ চহৰৰ গান্ধী পাৰ্কত জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে । গান্ধী জয়ন্তীৰ সতে সংগতি ৰাখি কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে অহিংসাৰ ওপৰত এক বাটৰ নাট প্ৰৰ্দশন কৰে ৷ গান্ধী জয়ন্তী উদযাপনৰ কাৰ্যসূচীত অংশ লৈ বিটিচি প্ৰধান প্ৰমোদ বড়োৱে কয় যে- পূৰ্বৰ হিংসাজৰ্জৰ অঞ্চল বড়োলেণ্ডলৈ শান্তি ঘূৰি আহিছে। জীৱনৰ প্ৰতিটো খোজত অহিংসা নীতিৰে চলিলে সফল হ'ব পাৰি । মহাত্মা গান্ধীৰ নীতি আদৰ্শ সমুহ আমি সকলোৱে মানি চলা উচিত বুলি মন্তব্য কৰে তেওঁ । ইপিনে সাংবাদিকৰ এক প্ৰশ্নোত্তৰত প্ৰমোদ বড়োয়ে কোকৰাঝাৰৰ হেলেনা গাইডে বসুমতাৰী নাৰ্ছিং বিদ্যালয়ত ছাত্ৰীক মানসিক নিৰ্যাতনৰ চলোৱা ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলি সদৰী কৰিছে । আনহাতে বিটিআৰৰ ১০খন মহাবিদ্যালয় অতিশীঘ্ৰে প্ৰাদেশীকৰণ হ'ব বুলিও মন্তব্য কৰে প্ৰমোদ বড়োই ।
ইপিনে গান্ধী জয়ন্তীৰ দিনটোতে কোকৰাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত তিনালী- চাৰিআলি ভিচিডিচিৰ উদ্যোগত বালাজান তিনালীৰ সমবায় সমিতিৰ পৰা তিনালী চাৰিআলিৰ ভিচিডিচি কাৰ্যালয়লৈ উলিওৱা ''মেৰি দেশ মেৰি মিত্তি'' শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে । উক্ত শোভাযাত্ৰাত খণ্ড উন্নয়ন বিষয়া সমিৰ বসুমতাৰী , বালাজান তিনালী সমবায় সমিতিৰ অধ্যক্ষ ৰবিনচন মুছাহাৰী আদিকে ধৰি আন বহু বিশিষ্টই অংশগ্ৰহণ কৰে।