ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ শিক্ষাবিভাগে গ্ৰহন কৰা চৰকাৰী বিদ্যালয়বোৰৰ একত্ৰীকৰণ প্ৰক্ৰিয়াৰে বিদ্যালয় বিলুপ্তিকৰণৰ নীতি সম্পৰ্কে অসমৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ৰাইজৰ মতামত আৰু পৰামৰ্শ বিচাৰি প্ৰকাশ কৰা জাননীৰ প্ৰতি সহাৰি জনাই , অল ইণ্ডিয়া ছেভ এডুকেচন কমিটিৰ অসম ৰাজ্যিক কমিটিৰ পক্ষৰ পৰা পৰামৰ্শ আগবঢ়োৱাই। ৰাজ্যিক কমিটিখনে কয় যে, মহাশয় জাননীত উল্লেখ কৰাৰ দৰে আমাৰ অভিমত বিশেষ কোনো চৰকাৰী বিদ্যালয় সম্পৰ্কিত নহয়।
বৰং অল ইণ্ডিয়া ছেভ এডুকেচন কমিটিৰ অসম ৰাজ্যিক কমিটিয়ে চৰকাৰী বিদ্যালয়ৰ একত্ৰীকৰণ নীতিৰ সামগ্ৰিক বিৰোধীতাৰে সমগ্ৰ চৰকাৰী খণ্ডৰ শিক্ষাব্যৱস্থাক দুৰাবস্থাৰ পৰা উত্তৰণ ঘটোৱাৰ উদ্দেশ্যে অবিলম্বে কিছুমান পদক্ষেপ গ্ৰহনৰ বাবে পৰামৰ্শ আগবঢ়াইছো।
মহাশয়, আমি দৃঢ়তাৰে বিশ্বাস কৰো যে, গণতান্ত্ৰিক দেশ এখনত, য'ত চৰকাৰ হৈছে জনসাধাৰণৰ, জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত আৰু জনসাধাৰণৰ বাবেই চৰকাৰ, তাত দেশৰ প্ৰতিজন মানুহক শিক্ষাদানৰ মূল দায়িত্ব চৰকাৰৰ। আমি চৰকাৰী বিদ্যালয়ৰ একত্ৰীকৰণৰ বিৰোধীতা কৰো।
কাৰণ ইয়াৰ অৰ্থ হৈছে জনসাধাৰণৰ কষ্টোপাৰ্জিত ধনেৰে প্ৰতিষ্ঠা কৰা বিদ্যালয় বিলুপ্ত কৰা। জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰক এনে কাৰ্য কৰাটো অন্যায় আৰু অনৈতিক। এই প্ৰক্ৰিয়াত চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থা বিলুপ্ত হ'লে জনসংখ্যাৰ ৭০ শতাংশ দুখীয়া মানুহৰ লৰা-ছোৱালী শিক্ষাৰ সুযোগৰ পৰা বঞ্চিত হ'ব।
সেয়েহে একত্ৰীকৰণৰ নামত চৰকাৰী বিদ্যালয় বিলুপ্ত কৰাৰ পৰিবৰ্তে চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী হ্ৰাস পোৱা আৰু ফলাফল বেয়া হোৱাৰ প্ৰকৃত কাৰণ নিৰ্ধাৰণ কৰি তাক দূৰ কৰাৰ উপযুক্ত পদক্ষেপ গ্ৰহন কৰা উচিত। এই উদ্দেশ্যে আমি নিন্মোল্লেখিত পদক্ষেপ গ্ৰহনৰ বাবে পৰামৰ্শ আগবঢ়াইছো-
১) চৰকাৰী বিদ্যালয়ত ১ম শ্ৰেণীৰ পৰা ৮ম শ্ৰেণীলৈ পাছ-ফেইল প্ৰথা পুনৰ প্ৰৱৰ্তন কৰক।
২) মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰাই গুৰুত্ব সহকাৰে ইংৰাজী ভাষা শিক্ষা দিয়াৰ ব্যৱস্থা কৰক।
৩) চৰকাৰী বিদ্যালয়ত প্ৰয়োজনীয় সংখ্যক প্ৰশিক্ষিত শিক্ষক নিয়োগৰ ব্যৱস্থা কৰক।
৪) বিদ্যালয়ত উপযুক্ত শৈক্ষিক পৰিবেশ সৃষ্টিৰ বাবে উন্নত আন্তঃগাথনি গঢ়ি তোলক।
গতিকে, একত্ৰীকৰণৰ মাজেৰে বিদ্যালয় বিলুপ্তিকৰণ প্ৰক্ৰিয়া বন্ধ কৰি আমাৰ পৰামৰ্শ সমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰক।
ইয়াৰ জৰিয়তে চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নিশ্চিত ৰূপে বৃদ্ধি পাব বুলি উল্লেখ কৰে ৰাজ্যিক কমিটি খনে।