হায় অসম আৰক্ষী! কনিষ্টবলক মৰিয়াই মৰিয়াই আহত কৰিলে অচি উৎপল বৰাই

ঢকুৱাখনা সদৰ থানাত ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত এই গৰাকী আৰক্ষী বিষয়াৰ এতিয়া গুণ্ডাৰাজ চলিছে থানাখনত।

author-image
Asomiya Pratidin
New Update
হায় অসম আৰক্ষী! কনিষ্টবলক মৰিয়াই মৰিয়াই আহত কৰিলে অচি উৎপল বৰাই

ডিজিটেল সংবাদ, ঢকুৱাখনা: অসম আৰক্ষীৰ এজন পৰিদর্শক পৰ্যায়ৰ বিষয়া । নাম উৎপল বৰা । ঢকুৱাখনা সদৰ থানাত ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত এই গৰাকী আৰক্ষী বিষয়াৰ এতিয়া গুণ্ডাৰাজ চলিছে থানাখনত।

অসম আৰক্ষীৰ এইগৰাকী মতলবী আৰক্ষী বিষয়াৰ বাবে ঢকুৱাখনাত গণবিচ্ছিন্ন হৈ পৰিছে আৰক্ষী বিভাগতো । কলংকৰ দাগ লাগিছে ১৮৫৭ চনতে স্থাপিত থানাখনৰ শতিকা জোৰা গৰিমাত । শেহতীয়া ভাৱে এইগৰাকী আৰক্ষী বিষয়াই থানাখনত কৰ্তব্যৰত কমল বৈশ্য নামৰ এজন কনিষ্টবলক নিৰ্মম ভাৱে প্ৰহাৰৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

অসম আৰক্ষীক পুনৰবাৰ বিতৰ্কিত কৰি তোলা এই ঘটনা সংঘটিত হৈছে যোৱা ১৬ জুলাইৰ নিশা । উক্ত নিশা ১২ বজাৰ পৰা সদৰ থানাৰ চন্তৰীৰ কৰ্তব্যৰ দায়িত্বত আছিল কনিষ্টবল কমল বৈশ্য। নিষ্ঠাৰে কৰ্তব্য পালন কৰি থকা অৱস্থাতে এইগৰাকী আৰক্ষী কনিষ্টবলক উক্ত নিশা প্ৰায় ১ বজাত বিনা কাৰণত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বৰাই নিৰ্মম ভাৱে প্ৰহাৰ কৰে ।

ভুক্তভোগী আৰক্ষী কনিষ্টবল কমল বৈশ্যই সংবাদ মাধ্যমৰ আগত ঘটনাৰ বিৱৰণি দি কয় উক্ত দিনা কনিষ্টবলজনৰ কৰ্তব্যৰত অৱস্থাতে অচি বৰা থানালৈ আহে মাজনিশা প্ৰায় ১ বজাত ।অসামৰিক পোছাকত থানাত উপস্থিত হৈ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে কনিষ্টবলজনক থানাৰ নিজৰ কোঠালৈ মাতি নিয়ে। ইয়াৰ পাছতে কনিষ্টবলজনৰ পৰা অস্ত্ৰটো কাঢ়ি লৈ নিজৰ টেবুলত থৈ বিনা কাৰণত উপৰ্যুপৰি প্ৰহাৰ কৰে ।

মূৰ-পিঠি আদি সমগ্ৰ শৰীৰত নিৰ্মমভাৱে প্ৰহাৰ কৰি কনিষ্টবলজনক মৃত্যুৰ ভাবুকিও দিয়ে অচি বৰাই। তহঁতৰ দৰে কত কনিষ্টবল মাৰিছোঁ বুলি দাম্ভিক মন্তব্য কৰি অচি বৰাই কৰা প্ৰহাৰৰ ফলত কনিষ্টবলজন গুৰুতৰ ভাবে আহত হয় । তৎস্বত্তেও উপৰ্যুপৰি প্ৰহাৰ কৰি অচি বৰাই কাৰ্য্যালয়ৰ পৰা ওলাই যায় ।ইয়াতে ক্ষান্ত নাথাকি বৰাই পিছদিনা লখিমপুৰ আৰক্ষী চাউনিলৈ প্ৰেৰণ কৰে কনিষ্টবল বৈশ্যক ।

গুৰুতৰভাৱে আহত কনিষ্টবলজনে মঙ্গলবাৰে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্য পৰীক্ষা কৰে। সৰ্ব শৰীৰত আঘাতপ্ৰাপ্ত কনিষ্টবলজনক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে পৰামৰ্শ দিছে । উল্লেখযোগ্য যে পূৰ্বে এইগৰাকী অচিৰ বিৰুদ্ধে বিহপুৰীয়া থানাত কৰ্মৰত প্ৰেমধৰ নৰহ নামৰ এজন কনিষ্টবলক সামান্য কথাত নিৰ্মমভাৱে মাৰপিট কৰাৰ অভিযোগ আছে । ভুক্তভোগী কনিষ্টবল বৈশ্যৰ জিলা আৰক্ষী অধীক্ষকৰ ওচৰত আহ্বান উদণ্ড আৰক্ষী বিষয়া বৰাৰ ওচৰত নিৰাপদ নহয় তলতিয়া আৰক্ষী ।

এই অমানৱীয় ঘটনাৰ উচিত তদন্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰক অভিযুক্ত অচি বৰাক। কাৰণ যিয়েই নহওঁক আইন হাতত তুলি আইনৰ ৰক্ষকেই যেতিয়া ভক্ষক হয় এনে আইন বিৰুদ্ধ কাণ্ডৰ নায়কক লেকাম লগোৱাটো সময়ৰো আহ্বান । ঐতিহ্যপূৰ্ণ ঢকুৱাখনা আৰক্ষী থানাৰ মজিয়া কলংকিত কৰা এই জঘন্য ঘটনাৰ কি উচিত বিচাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কৰে তালৈ ভুক্তভোগী কনিষ্টবলজনৰ লগতে সমগ্ৰ ঢকুৱাখনাবাসীয়ে আগ্ৰহেৰে বাট চাইছে । কাৰণ বিষয়াজনৰ দাম্ভিক আৰু কৰ্কশ আচৰণত থানাখনৰ সকলো বিষয়া, কনিষ্টবল গৃহৰক্ষী বাহিনীৰ জোৱান অতিষ্ঠ । এই ক্ষেত্ৰত অচি বৰাৰ মতামত অদ্যপি জানিব পৰা হোৱা নাই।

Also Read: আজিৰে পৰা তিনিদিনীয়াকৈ কলাক্ষেত্ৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানি...

Assam police