কৃষিমন্ত্ৰী অতুল বৰাৰ ভাতৃৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

কৃষিমন্ত্ৰী অতুল বৰাৰ ভাতৃৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
কৃষিমন্ত্ৰী অতুল বৰাৰ ভাতৃৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰ শিঙৰীজান চাহ বাগিছাৰ পৰিচালক ভাস্কৰ বৰাৰ বিৰুদ্ধে দুষ্কাৰ্যৰ অভিযোগ তুলিছে বাগিছাখনৰ শ্ৰমিকে। শ্ৰমিকসকলে পৰিচালক ভাস্কৰ বৰাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি বৰাৰ বাসগৃহত ওলমালে তলা।

সম্প্ৰতি শ্ৰমিকৰ ভয়ত ভাস্কৰ বৰাই বাগিছাৰ কোৱাটাৰ এৰি নিৰাপদ স্থানলৈ পলায়ন কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, কৃষিমন্ত্ৰী অতুল বৰাৰ ভাতৃ ভাস্কৰ বৰাৰ বিৰুদ্ধে বাগিছাৰ শ্ৰমিকৰ ধন কৌশলগতভাৱে আত্মসাৎ কৰাৰ অভিযোগ তুলিছে আটছাই। চাহ মজদুৰ সংঘ, তিতাবৰৰ সদস্য আৰু বাগিছাখনৰ পৰিচালক ভাস্কৰ বৰাই লগলাগি দাবী-ধমকিৰে শ্ৰমিকসকলৰ লাখ লাখ টকা আত্মসাৎ কৰাৰ পোহৰলৈ অহাৰ লগে লগেই সৰৱ হৈ উঠিছে আটছা। এই পৰিপ্ৰেক্ষিতত এতিয়া যিকোনো সময়তে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে তিতাবৰৰ শিঙৰীজান চাহ বাগিছাত।

বাগিচাখনৰ পৰিচালক ভাস্কৰ বৰাই মৃত শ্ৰমিক জিতেন মাহিলীৰ ১ লাখ ৭ হাজাৰ টকা এটিএম ৰ জৰিয়তে উলিয়াই নিয়াৰ অভিযোগ তুলিছে জিতেন মহিলীৰ পৰিয়ালবৰ্গই।জিতেন মাহিলীৰ মৃত্যুৰ পিছত ভগ্নী সুনিতা মহিলীৰ বেংক একাউণ্টত সোমাইছিল ধনখিনি। কিন্তু বাগিছাখনৰ পৰিচালক গৰাকীয়ে চল চাতুৰীৰে সুনিতা মাহিলীৰ পৰা এটিএম কাৰ্ড লৈ সমগ্র টকা উলিয়াই অনাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে।

মৃত শ্ৰমিক ৰূপেশ্বৰী তাঁতীৰ ভৱিষ্যনিধিৰ ৯০ হাজাৰ টকাও পঞ্জাৱ নেচনেল বেংকৰ পৰা কৌশলেৰে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে পৰিচালক গৰাকীৰ বিৰুদ্ধে।

শ্ৰমিক সুচিত্ৰা তাঁতীৰ এল আই চি প্ৰিমিয়ামৰ ধনো বিগত ১৫ বছৰে জমা নিদিয়াকৈ ১ লাখ ৬০ হাজাৰ টকা পৰিচালক গৰাকীয়ে আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন কৰিছে শ্ৰমিক গৰাকীয়ে।

বিগত কেইদিনত বাগিছাখনৰ কেবাগৰাকীও শ্ৰমিকৰ কষ্টোপাৰ্জিত ধন পৰিচালক গৰাকীয়ে আত্মসাৎ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই প্ৰতিবাদ মুখৰ হৈ পৰিছে শ্ৰমিকসকল। বাগিছাৰ শ্ৰমিকসকলে কাম বন্ধ কৰি পৰিচালক গৰাকীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে।

চাহ মজদুৰ সংঘৰ তিতাবৰ শাখাৰ সম্পাদক নগেন কুৰ্মী আৰু বাগিছাখনৰ স্বত্বাধিকাৰী নাৰায়ণ গট্টানীয়ে পৰিচালক গৰাকীক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ নিৰক্ষৰ তুলিছে বাগিছাখনৰ শ্ৰমিকসকলে।

আনহাতে পৰিচালক ভাস্কৰ বৰাৰ সকলো সম্পত্তি জব্দ কৰি হ'লেও শ্ৰমিকসকলৰ প্ৰাপ্য ধন উভতাই দিয়াৰ বাবে আৰক্ষী আৰু প্ৰসাশনক দাবী জনাইছে আটছাই। অনথ্যা এই জংগী আন্দোলন গঢ়ি তোলাৰ সকয়নী দিছে আটছাৰ সদস্যসকলে।

সপ্ৰতি বাগিছা পৰিচালকৰ এই কৰ্মকাণ্ডত এতিয়া উত্তপ্ত হৈ আছে তিতাবৰ শিঙৰীজান চাহ বাগিচা। শাৰদীয় দুৰ্গোৎসৱৰ সময়তে যিকোনো মূৰ্হুত্তত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনাত এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে বাগিছাখনৰ ভিতৰত ।

Also Read: মেৰাপানীত গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱৰ লাইখুঁটা স্থাপন

SINGORIJAAN TEA ESTATE BHASKAR BORA