ডিজিটেল ডেস্কঃ আৰক্ষী নে গুণ্ডা ? অথলে গ'ল আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ সকীয়নি। হাজোৰ ৰামদিয়া আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ।
অভিযোগ অনুসৰি হাজোৰ ৰামদিয়া আৰক্ষীয়ে কোবাই ভাঙিলে নিৰীহ যুৱকৰ হাত।থানাত সাক্ষী দিবলৈ যোৱা যুৱকক নিৰ্মম অত্যচাৰ আৰক্ষীৰ।
নৱজ্যোতি ডেকা নামৰ যুৱকজনক সাক্ষী দিবলৈ মাতি নি এক প্ৰকাৰ আৰক্ষীয়ে চলাই নিৰ্মম অত্যাচাৰ। অভিযোগ অনুসৰি কোঠাৰ ভিতৰত সোমাই লৈ ৰামদিয়া আৰক্ষী চকীৰ কেইবাজনো আৰক্ষীয়ে চলাই এই আক্ৰমণ।
যাৰফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱকজন। শৰীৰৰ কেইবাঠাইতো আঘাত পাই যুৱকজনে। ইতিমধ্যে যুৱক জনে শুৱালকুচি মেডিকেলত চিকিৎসা লৈছে।
আৰক্ষীৰ বিৰুদ্ধে বহু সময়ত এনে অভিযোগ উত্থাপন হয়। এই ক্ষেত্ৰত জিপি সিঙেও আৰক্ষী বিষয়াসকলৰ সকিয়নী দি আহিছে। তাৰমাজতে এনে অমানৱীয় ঘটনাক ধিক্কাৰ দিছে একাংশই।
Also Read: নতুন কিতাপ...