ডিজিটেল ডেস্ক : অনলাইন ট্ৰেডিঙৰ ঘটনাৰে জড়িতৰ অভিযোগত সম্প্ৰতি পলাই থকা তাৰ্কিক বৰাৰ ভাতৃক গ্ৰেপ্তাৰ কৰিছে বিহাৰ আৰক্ষীয়ে। বিহাৰৰ মুজ্জাফৰপুৰত গ্রেপ্তাৰ কৰিছে অভিযুক্ত তাৰ্কিকৰ ভাতৃক।
বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তাৰ্কিকৰ ভাতৃগৰাকীৰ নাম হৈছে অম্লান বৰা। উল্লেখযোগ্য যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ তথ্যৰ ভিত্তিত অম্লানক গ্রেপ্তাৰ কৰিছে বিহাৰ আৰক্ষীয়ে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে অম্লানৰ ম’বাইল ফোনৰ লোকেশ্যনৰ ভিত্তিত সন্ধান পাইছিল অসম আৰক্ষীয়ে। সম্পৰ্কীয় ভায়েক অম্লানে তাৰ্কিক আৰু চুমি বৰাক পলায়ন কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছিল।
জানিব পৰা মতে শীঘ্রেই মহানগৰ আৰক্ষীৰ দল ৰাওনা হ’ব বিহাৰলৈ। বিহাৰ আৰক্ষীৰ জিন্মাৰ পৰা অনাৰ পাছতহে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
Also Read: সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন মুখ্য সাংগঠনিক সম্পাদক ইনামূল হক আৰু নাই : ধুবুৰীত শোকৰ ছাঁ