অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ'ব 'অমৃত বন'

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ'ব 'অমৃত বন'

author-image
Asomiya Pratidin
New Update
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ'ব 'অমৃত বন'

ডিজিটেল সংবাদ, মঙলদৈঃ দেওবাৰে মঙলদৈত 'মোৰ মাটি মোৰ দেশ' অভিযানত অংশগ্ৰহণ কৰি সাংসদ দিলীপ শইকীয়াই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে, দিল্লীৰ অমৃত উদ্যানৰ লগতে গুৱাহাটী নিৰ্মাণ কৰা হ'ব অমৃত বন।

অমৃত কলহ যাত্ৰাত সংগ্ৰহ হোৱা মাটিৰে দেশৰ প্ৰধান মন্ত্ৰী মোদীৰ নেতৃত্বত দিল্লীত নিৰ্মাণ হ'বলৈ গৈ আছে অমৃত উদ্যান। ইয়াৰ সমান্তৰালকৈ অসমতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অমৃত বন নিৰ্মাণ হ'ব বুলি দিলীপ শইকীয়াই দেওবাৰে মঙলদৈত মন্তব্য কৰে।

মঙলদৈৰ গোসাইগাওঁ কমাৰপাৰাত দৰং জিলা বিজেপিৰ শতাধিক কৰ্মকৰ্তাৰ লগত সাংসদ দিলীপ শইকীয়াই নাম-কীৰ্তন কৰি অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰে।এই অমৃত কলহ যাত্ৰাত মঙলদৈৰ কেন্দ্ৰীয় বিদ্যালয়েও অংশগ্ৰহণ কৰে।

লগতে এই অভিযানত অংশগ্ৰহণ কৰি দিলীপ শইকীয়াই কয় যে, এই পদক্ষেপৰ দ্বাৰা ভৱিষ্যত প্ৰজন্মৰ শ্ৰদেশ প্ৰেমৰ ধাৰনা উজ্বল হ'ব। শ্ৰীমন্ত শংকৰদেৱৰ ভাৰত সন্দৰ্ভত যি ধাৰনা এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ সংকল্প, সেইটো ধাৰনা লৈয়েই প্ৰধানমন্ত্ৰীৰ আগবঢ়িছে।

আনহাতে একাংশ সংবাদ মাধ্যমে ভাল কথা বোৰ নেদেখুৱাই আধৰুৱা কৈ দেখুৱাই বুলি সাংবাদিকৰ সন্মুখত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় মঙলদৈৰ সাংসদগৰাকীয়ে ।

Also Read: ৬বছৰীয়া পুত্ৰসহ নিৰুদ্দেশ মহিলা