আজিৰে পৰা ১৫ আগষ্টলৈকে 'অমৃত বৃক্ষ আন্দোলন'

ইয়াৰ লক্ষ্য হৈছে বাণিজ্যিক গছপুলি ৰোপণত নাগৰিকক জড়িত কৰোৱাৰ এক গণ আন্দোলন।

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা ১৫ আগষ্টলৈকে 'অমৃত বৃক্ষ আন্দোলন'

ডিজিটেল ডেস্ক : ‘এজুপি গছ মাৰ নামত।’ – এই বাণীৰে ৰাজ্য চৰকাৰৰ উদ্যোগত তথা পৰিৱেশ আৰু বন বিভাগৰ সহযোগত ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে অমৃত বৃক্ষ আন্দোলনৰ এক পদক্ষেপ গ্ৰহণ কৰিছে। এই আন্দোলনৰ জৰিয়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰোপণ কৰা হ’ব গছপুলি।

বৃক্ষ অৰ্থনীতি সম্প্ৰাসাৰণক মূল লক্ষ্য হিচাপে লৈ এই কাৰ্য্যসূচী হাতত লৈছে অসম চৰকাৰে। ইয়াৰ লক্ষ্য হৈছে বাণিজ্যিক গছপুলি ৰোপণত নাগৰিকক জড়িত কৰোৱাৰ এক গণ আন্দোলন।

ইয়াৰোপৰি অসমৰ সেউজ আৱৰণ বৃদ্ধি কৰা, বনাঞ্চলৰ বাহিৰৰ বৃক্ষ ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি কৰা। একেদৰে বাণিজ্যিক বৃক্ষ ৰোপণৰ প্ৰসাৰ কৰা, ৰাজ্যৰ সেউজ অৰ্থনীতি আৰু কৃষি বনানীকৰণ খণ্ডৰ উন্নয়ন সাধন কৰা। বহনক্ষম উন্নয়নৰ গতি খৰতকীয়া কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে এই কাৰ্য্যসূচী গ্ৰহণ কৰিছে।

নাগৰিকৰ সুবিধাৰ্থে নিকটৱৰ্তী বিতৰণ কেন্দ্ৰৰ পৰা গছপুলিসমূহ সংগ্ৰহ কৰিব পৰাৰ ব্যৱস্থাৰ কথা পৰিৱেশ আৰু বন বিভাগে উল্লেখ কৰিছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজনীয় যে অমৃত বৃক্ষ আন্দোলনৰ দ্বাৰা ৩কোটি বাণিজ্যিকভাৱে উপযোগী গছপুলি ৰোপণ কৰা হ’ব।

Also Read: ভূমি পট্টা প্ৰদানৰ দাবীত গেৰুকামুখৰ পাচনি কেম্পত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট...

assam govt Amrit Brikshya Andolan