অমৃত কলহ যাত্ৰাত ৰাজ্যৰ ২০ লক্ষাধিক মহিলাৰ অংশগ্ৰহণ

অমৃত কলহ যাত্ৰাত ৰাজ্যৰ ২০ লক্ষাধিক মহিলাৰ অংশগ্ৰহণ

author-image
Asomiya Pratidin
New Update
অমৃত কলহ যাত্ৰাত ৰাজ্যৰ ২০ লক্ষাধিক মহিলাৰ অংশগ্ৰহণ

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ লগতে অসমতো উলহ মালহৰে এক উৎসৱমুখৰ পৰিবেশত ‘মেৰা মাটি মেৰা দেশ’ অভিযানৰ অংশ হিচাবে অমৃত কলহ যাত্ৰাৰ বিভিন্ন কাৰ্য্যক্ৰম আয়োজনৰ কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা এই কাৰ্য্যক্ৰমত অসমৰ গাৱে ভূয়ে ব্যাপক জনসমৰ্থনৰ মাজত উদযাপিত হৈছে৷

চৰকৰী তথ্যমতে বৰ্তমান সময়লৈকে অমৃত কলহ যাত্ৰাত ৰাজ্যখনৰ ২০ লাখতকৈ অধিক মহিলাই ইতিমধ্যে প্ৰত্যক্ষ ভাৱে অংশগ্ৰহণ কৰিছে৷ দলমত নিবিৰ্শেষে নাৰী সমাজৰ এনে অংশগ্ৰহণক অভূতপূৰ্ব আৰু অবিস্মৰণীয় বুলি বৰ্ণনা কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে৷ দলৰ মুখ্য কায্যৰ্লয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত দলৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শমাৰ্ই অমৃত কলহ যাত্ৰাক এনেদৰে বৰ্ণনা কৰি কয় “এই যাত্ৰাই দেশবাসীৰ মনত একাত্মতাৰ মনোভাৱ জাগ্ৰত কৰাৰ লগতে সমাজত ভাতৃত্ববোধৰ বিকাশ ঘটোৱাতো অগ্ৰনী ভূমিকা পালন কৰিব৷ ”

উল্লেখযোগ্য যে অমৃত কলহ যাত্ৰাৰ জৰিয়তে চৰকাৰে সাম্য মৈত্ৰীৰ বাণীৰে সমাজক শক্তিশালী কৰি গঢ়ি তোলাৰ বাবে প্ৰয়াস কৰাৰ লগতে দেশৰ বীৰ-বিৰাংগনা, অমৰ শ্বহীদ সকলোৰে প্ৰতি শ্ৰদ্ধাঞ্জলি অপৰ্নৰ বাবে দেশবাসীক উদ্বুব্ধ কৰি তুলিছে৷ এই কাৰ্য্যক্ৰমে এক ভাৰত শ্ৰেষ্ঠ ভাৰত তথা একাত্ম ভাৰতীয় সমাজৰ ভেটিকো মজবুত কৰি তুলিব বুলি শ্ৰী শমাৰ্ই কয়৷

উল্লেখযোগ্য যে ৭ অক্টোবৰৰ পৰা জিলাভেদে নিৰ্দিষ্ট এটা দিনত গাও পঞ্চায়তৰ পৰা উন্নয়ন খণ্ডলৈ অমৃত কলহ শোভাযাত্ৰা আৰম্ভ হৈছে৷ এই কাৰ্য্যক্ৰমৰ অংশ হিচাবে দেওবাৰে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শমাৰ্ই কমলপুৰ বিধান সভা সমষ্টিৰ বিহদিয়াত আৰু দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৰঙিয়াত আয়োজিত অমৃত কলহ যাত্ৰাত অংশ গ্ৰহণ কৰে৷ দুয়োটা যাত্ৰাতেই হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণে এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি কৰে৷

Also Read: ৰাজুমনি শইকীয়ালৈ 'সন্মানীয় দিগ্বিজয় সাহিত্য সন্মান' আৰু 'শিৱশংকৰ দে স্মৃতি সাহিত্য সন্মান'

অমৃত কলহ যাত্ৰা