মধ্যযুগীয় অসমীয়া লিপি সম্পৰ্কীয় বক্তৃতানুষ্ঠান সম্পন্ন...

‘মধ্যযুগীয় অসমীয়া লিপি: ঐতিহাসিক পটভূমি আৰু প্ৰায়োগিক দিশ’ সম্পৰ্কীয় এক বিদ্যায়তনিক আলোচনা শনিবাৰে মৰিগাঁও মহাবিদ্যালয়ত সফলভাৱে অনুষ্ঠিত হৈ যায়‌

author-image
Asomiya Pratidin
New Update
মধ্যযুগীয় অসমীয়া লিপি সম্পৰ্কীয় বক্তৃতানুষ্ঠান সম্পন্ন...

বক্তৃতানুষ্ঠান সম্পন্ন

ডিজিটেল সংবাদ, বেবেজীয়াঃ ‘মধ্যযুগীয় অসমীয়া লিপি: ঐতিহাসিক পটভূমি আৰু প্ৰায়োগিক দিশ’ সম্পৰ্কীয় এক বিদ্যায়তনিক আলোচনা শনিবাৰে মৰিগাঁও মহাবিদ্যালয়ত সফলভাৱে অনুষ্ঠিত হৈ যায়‌ । মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত আয়োজন হয় অনুষ্ঠানটি ।

উক্ত অনুষ্ঠানটিৰ আঁত ধৰে মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক সমুজ্জ্বল শইকীয়াই‌ । অনুষ্ঠানটিত সমলব্যক্তি হিচাপে উপস্থিত থাকে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° চন্দ্ৰ কমল চেতিয়া । সভাত উপস্থিত থাকি চেতীয়াই অসমীয়া লিপিৰ ঐতিহাসিক প্ৰেক্ষাপট তথা মধ্যযুগীয় অসমীয়া লিপিৰ লিপিগত বৈশিষ্ট্যৰাজিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰি মধ্যযুগীয় অসমীয়া লিপি পঠন আৰু লিখনৰ ক্ষেত্ৰত প্ৰায়োগিকভাৱে কিছু কথা অৱগত কৰে‌ ।

ড° চেতিয়াই এই বিষয়টি অধ্যয়নৰ যোগেদি অসমীয়া জাতিৰ জাতীয় চেতনাৰ উদ্বেগ ঘটাবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়‌ ৷ সভাখনিত উপস্থিত থাকি বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° চাহিন জাফ্ৰি আৰু প্ৰিয়ংকা ভাগৱতীয়ে বিশ্ববিদ্যালয়খনে কৰি অহা বৌদ্ধিক কাম-কাজসমূহৰ বিষয়ে অবগত কৰে ৷

শেষত মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান ড° নিবেদিতা শইকীয়াই সকলোকে শলাগৰ শৰাই আগবঢ়াই ৷

Also Read: ভকত পমুৱাত বিহু নাচ কৰ্মশালাৰ সফল সামৰণি...

বেবেজীয়া বক্তৃতানুষ্ঠান