অসম এৰি বিহাৰলৈ আনন্দ মিশ্ৰ

অসম এৰিলে আনন্দ মিশ্ৰা। ডেপুটেশ্যনত বিহাৰলৈ

author-image
Asomiya Pratidin
New Update
আনন্দ মিশ্ৰৰ মুখ বন্ধ ! সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলিব পাৰিব ASP য়েহে...

anand mishra

ডিজিটেল ডেস্ক: অসম এৰিলে বহু চৰ্চিত Ips আনন্দ মিশ্ৰই। অসম-মেঘালয় কেডাৰ এৰি বিহাৰ কেডাৰলৈ আনন্দ মিশ্ৰ।

নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই যোৱা আনন্দ মিশ্ৰই এক এনকাউন্টাৰক কেন্দ্ৰ কৰি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদন্তৰ পাছতেই তেওঁক হেড কোৱাৰ্টাৰলৈ বদলি কৰা হৈছিল যদিও কোনো দায়িত্ব অৰ্পন কৰা হোৱা নাছিল।

ইয়াৰ কিছুদিন পাছতেই ব্যক্তিগত অসুবিধাৰ বাবে ডেপুটেশ্যনৰ বাবে আবেদন কৰিছিল মিশ্ৰই। আৰু অৱশেষত এন অ চি দিলে অসম চৰকাৰে। ইয়াৰ পূৰ্বে ধুবুৰীৰ লগতে অসমৰ আন ঠাইতো নিযুক্তি পাইছিল মিশ্ৰই।

বিহাৰৰ বাসিন্দা আনন্দ মিশ্ৰই অনতি পলমে বিহাৰ কেডাৰত যোগদান কৰিব।

assam anand mishra