ডিজিটেল ডেস্ক : স্থান লাভেৰে জিলিকি উঠিছে বৰপেটাৰ পাঠশালাস্থিত আনন্দৰাম বৰুৱা একাডেমী। আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত তিনিগৰাকী ছাত্ৰীয়ে ৰাখিলে বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমীৰ নাম। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণাৰ লগে লগে ৰাজ্যত দেখা গৈছে উখল-মাখল পৰিৱেশ। বৰপেটাতো দেখা পোৱা গৈছে আনন্দমুখৰ পৰিৱেশ।
বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমীতো আজি উৎসৱমুখৰ পৰিৱেশ। বিদ্যালয়খনৰ তিনিগৰাকীকৈ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কলা শাখাত অষ্টম স্থান লাভ কৰিছে বিদ্যালয়খনৰ প্রতীক্ষা ভূঞা আৰু দৃষ্টি এন জি বৰ্মনে। দুয়োগৰাকী ছাত্ৰীয়ে লাভ কৰিছে মুঠ ৪৭৯। আনহাতে বিদ্যালয়খনৰ আন এগৰাকী ছাত্ৰী কাব্যশ্রী দাসে লাভ কৰিছে নৱম স্থান।
যাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়খনত এতিয়া আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। এই ফলাফলে বৰপেটাবাসীক গৌৰান্বিত কৰাৰ লগতে বিদ্যালয়খনকো গৌৰান্বিত কৰিছে।
Also Read: উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত কলা শাখাৰ শীৰ্ষ দহত কোন কোন...