বিহালী শিক্ষাখণ্ডত অৰাজকতা : শিক্ষকে পালন নকৰে চৰকাৰী নীতি- নিৰ্দেশনা

বিহালী শিক্ষাখণ্ডত অৰাজকতা : শিক্ষকে পালন নকৰে চৰকাৰী নীতি- নিৰ্দেশনা

Published on

ডিজিটেল সংবাদ,বিহালী : সম্প্ৰতি বিহালীৰ শিক্ষা ব্যৱস্থা ধ্বংসৰ দিশে গতি কৰিছে ! আনকি চূড়ান্ত বিদ্যায়তনিক অৰাজকতাই গ্ৰাস কৰিছে বিহালীত ৷ একাংশ শিক্ষকৰ দৌৰাত্ম্যত লুন্ঠিত হৈছে শিশুৰ শিক্ষা অধিকাৰ আইন ৷

অভিযোগ অনুসৰি দীৰ্ঘদিনৰে পৰা বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত দিচিৰি মণ্ডলৰ জ্যোতিপুৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সৰ্বেশ্বৰ বৰাই সময়ত উপস্থিত নহয় বিদ্যালয়ত ৷ ঘৰত দুটি পানী কেঁচুৱা থকাৰ লগতে কেঁচুৱা ৰখীয়া মানুহ গৰাকী অহাত পলম হোৱাৰ অজুহাত দেখুৱাই শিক্ষক সৰ্বেশ্বৰ বৰাই ৷

আনকি,কথাত পানী নসৰকা, কথাৰ সদাগৰ দিচিৰি মণ্ডলৰ চিআৰচিচি নিপন শৰ্মাও বুজে শিক্ষক সৰ্বেশ্বৰ বৰাৰ অনিয়মীয়া উপস্থিতি দুখ-বেদনা ৷ যিহেতু চি আৰ চি চিজন নিপন শৰ্মাৰ দ্বায়িত্ব একাডেমীক চাপৰ্ট কৰা ‌,অনলাইন উপস্থিতি ব্যৱস্থা আছে সেয়ে শিক্ষক পলম কৈ আহিলেও কোনো কৰণীয় নাই চিআৰচিচি নিপন শৰ্মাৰ ৷ দৰাচলতে বিহালী শিক্ষাখণ্ডৰ মূৰৰ পৰা এফালৰ পৰা গেলিছে ৷ যাৰ বাবে চূড়ান্ত অৰাজাকতাই বিৰাজ কৰিছে ৷

বিহালী শিক্ষাখণ্ডত অৰাজকতা : শিক্ষকে পালন নকৰে চৰকাৰী নীতি- নিৰ্দেশনা
আমি খোৱা মিঠাইতো আছে নেকি গৰু-গাহৰিৰ চৰ্বি ?
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in