ডিজিটেল ডেস্কঃ অংগবাড়ী কৰ্মী আৰু সহায়িকাসকলে দীৰ্ঘদিন ধৰি নিজ প্ৰাপ্যৰ বাবে প্ৰতিবাদ কৰি আছে। চৰকাৰে বাৰে বাৰে এই কৰ্মীসকলক বিভিন্ন প্ৰতিশ্ৰুতি দি আহিছে যদিও আজি পৰ্যন্ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে লাভ কৰা নাই নিজৰ প্ৰাপ্য। মঙলবাৰৰ পৰা সমগ্ৰ ৰাজ্যজুৰি অংগনবাড়ী কৰ্মী-সহায়িকাসকলে গঢ়ি তুলিছে অসহযোগ আন্দোলন।নিজৰ প্ৰাপ্য বিছাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অংগনবাড়ী কৰ্মী-সহায়িকাসকলে সাব্যস্ত কৰা প্ৰতিবাদ সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ সবিশেষ বাতৰি...
সাকোমঠা প্রকল্প কাৰ্যালয়ৰ সন্মুখত অঙ্গনৱাড়ী কর্মী-সহায়িকাৰ অসহযোগ আন্দোলন
বুধবাৰে বিশ্বনাথৰ সাকোমঠা প্রকল্প কাৰ্যালয়ৰ সন্মুখত অসম ৰাজ্যিক কৰ্মী আৰু সহায়িকা সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত অঙ্গনৱাড়ী কর্মী-সহায়িকাসকলৰ নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া, মাননিৰ সলনি মজুৰি দিব নোৱাৰালৈকে চৰকাৰৰ প্ৰতিশ্ৰুতি মতে কর্মী-সহায়িকাক ১২ হাজাৰ টকা মাননি আদায় দিয়া, গ্রেচুইটি আদায় দিয়া, অৱসৰপ্ৰাপ্ত কর্মী-সহায়িকা আৰু মিনি কৰ্মীক এককালীন সাহায্যৰ ধন ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়াৰ দাবীত অসহযোগ আন্দোলন কৰে। উল্লেখ্য যে ৩ অক্টোবৰৰ পৰা৭ অক্টোবৰ ২০২৩ লৈ ৰাজ্যজোৰা অসহযোগ কার্যসূচী পালন কৰিব বুলিও জানিব দিয়ে প্ৰতিবাদকাৰীসকলে।
মুকালমুৱাত অংগনবাড়ী কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ
অংগনবাড়ী কৰ্মী-সহায়িকাৰ অসহযোগ আন্দোলনত উত্তাল হৈ পৰিছে নলবাৰী ৷ চৰকাৰে অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগত আৰু বিভিন্ন দাবীৰ ভিত্তিত ৰাজ্যজুৰি অনুষ্ঠিত কৰা অসহযোগ আন্দোলনৰ প্ৰভাৱ পৰিছে মুকালমুৱাতো৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ অংগনবাড়ী কৰ্মী-সহায়িকাসকলে মঙ্গলবাৰৰ পৰা অনুষ্ঠিত কৰা অসহযোগ আন্দোলনত বুধবাৰে অৰ্থাৎ দ্বিতীয় দিনাও উত্তাল হৈ পৰে মুকালমুৱা৷ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী- সহায়িকাই জনোৱা আহ্বানৰ প্ৰতি সহাঁৰি জনাই বুধবাৰে বৰক্ষেত্ৰী অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাই মুকালমুৱাস্থিত বৰক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ সন্মুখত প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে ৷
বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তৰ ৪ শতাধিক অংগনবাড়ী কৰ্মী-সহায়িকাই চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান আৰু কৰ্মী-সহায়িকাৰ বিভিন্ন দাবীৰে উত্তাল কৰি তোলে সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়৷ প্ৰতিবাদকাৰীসকলে "বিজেপি চৰকাৰ নিপাত যাওক", "এই চৰকাৰ হায়-হায়", "মাননিৰ সলনি মজুৰি দিয়ক", "চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পালন কৰক", "আমাৰ দাবী নায্য দাবী", "এই সংগ্ৰাম চলিছে চলিবই", "অংগনবাড়ী কৰ্মী-সহায়িকা সন্থা জিন্দাবাদ", "অৱসৰপ্ৰাপ্ত কৰ্মী সহায়িকাক এককালীন সাহায্য মোকোলাই দিয়ক", "বিজেপি চৰকাৰ লেই-লেই চেই-চেই", "কৰ্মী-সহায়িকাসকলক চৰকাৰী স্বীকৃতি প্ৰদান কৰক" ইত্যাদি ধ্বনি প্ৰদান কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে বৰক্ষেত্ৰীৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত৷
তদুপৰি অংগনবাড়ী কেন্দ্ৰৰ শিশুসকলক উপযুক্ত খাদ্য-সামগ্ৰী যোগান ধৰা, কৰ্মী-সহায়িকাক উপযুক্ত পোচাক আৰু ব্যৱহাৰৰ বাবে উপযোগী মোবাইল ফোন যোগান ধৰাৰো দাবী উত্থাপন কৰে ৷ কৰ্মী-সহায়িকাসকলৰ অসহযোগ আন্দোলনৰ ফলত বৰক্ষেত্ৰীৰ ৪৬৬ টা অংগনবাড়ী কেন্দ্ৰত পাঠদান স্থবিৰ হৈ পৰে৷ প্ৰতিবাদী কাৰ্যসূচীত বৰক্ষেত্ৰী অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাৰ সভাপতি ৰেখা দাস, সম্পাদক জাহানাৰা বেগম, চি.আই.টি.ইউ নলবাৰী জিলাৰ নেতা জয়নাল আলী আহমেদকে ধৰি বৰক্ষেত্ৰীৰ ৪০০টা অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকাসকলে অংশগ্ৰহণ কৰি অসহযোগ আন্দোলন তীব্ৰতৰ কৰি তোলে ৷
Also Read: আলফ(স্বা)লৈ জিপি সিঙৰ আহ্বানঃ আমাক জনাওক মৃতদেহ ক'ত এৰি থৈ গৈছে, আমি ঘূৰাই আনিম
২০০টকাৰ হাজিৰাৰে কাম কৰিছে কৰ্মচাৰীয়ে : নগাঁৱত চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ
২০০ টকাৰ দিন হাজিৰা লৈ অংগনবাড়ী কৰ্মী-সহায়িকাই কাম কৰি থাকিবলগীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰে অংগনাবাড়ী কৰ্মী আৰু সহায়িকা সংস্থা নগাঁও জিলা সমিতিৰ সম্পাদিকাই৷ অংগনবাড়ী কৰ্মী-সহায়িকাসকলক ৰাজ্য চৰকাৰে নিয়ামীয়া কৰ্মচাৰী হিচাপে নিয়ুক্তি দিব লাগে বুলি দাবী উত্থাপন কৰে নগাঁও জিলাৰ অংগনবাড়ী কৰ্মী-সহায়িকাসকলে৷
তদুপৰি চাকৰি নিয়মীয়াকৰণ নকৰা পৰ্যন্ত ১১ হাজাৰকৈ আদায় দিবলৈ আহ্বান জনোৱাৰ লগতে ৰাজ্যৰ প্ৰায় ২০০০ কৰ্মী সহায়িকাই অৱসৰৰ পিছত পাব লগা ধন আদায় নোপোৱাত ক্ষোভ প্ৰকাশ কৰে সংগঠনটোয়ে ৷ অংগনাবাড়ী কৰ্মী - সহায়িকা সংস্থাই বুধবাৰে প্ৰাপ্য আদায়ৰ বাবে নগাঁৱত ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷ মাৰ্চ মাহৰ পৰা ধাৰাবাহিকভাৱে সংগঠনটোয়ে চলাই অহা প্ৰতিবাদ দাবী পূৰণ নোহোৱা পৰ্যন্ত অব্যাহত থাকিব বুলি সংগঠনটোয়ে স্পষ্ট কৰে ৷