ডিজিটেল সংবাদ, মুছলপুৰ : বাক্সাত হাজাৰ হাজাৰ মহিলাৰ প্ৰতিবাদ। বাক্সা জিলাৰ মুছলপুৰত শুকুৰবাৰে বাক্সা জিলা অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকাসকলে একগোট হৈ বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰচণ্ড গৰমকো নেওচি মহিলাসকলে প্ৰাপ্য বিচাৰি ৰাজপথলৈ ওলাই আহে ।
অঙ্গনবাড়ী কর্মী আৰু সহায়িকাসকলক মাননিৰ সলনি মজুৰি প্ৰদান ,মজুৰি দিব নোৱাৰালৈকে মাহিলি মাননি অতি কমেও ১০ হাজাৰ টকা আদায় দিয়াৰ বাজেট প্রস্তাৱ গ্ৰহণ,নতুন শিক্ষানীতিৰ আধাৰত প্ৰাক প্ৰাথমিক শিক্ষা সংযোগ কৰিলে প্ৰতিগৰাকী কৰ্মী-সহায়িকাক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি দিয়াৰ ব্যৱস্থা,মিনি কেন্দ্রসমূহ পূর্ণাঙ্গ কেন্দ্ৰলৈ ৰূপান্তৰ কৰি মিনি কৰ্মীক পূৰ্ণাঙ্গ কৰ্মীৰ মৰ্যদা প্ৰদান কৰাকে ধৰি কৰ্মী-সহায়িকা সকলে বিভিন্ন দাবী জনায় ।
আনহাতে দাবী মানি নল'লে চাৰিদিনীয়া কৰ্মবিৰতি আৰু মাহজোৰা প্ৰতিবাদী কাৰ্যসূচী লোৱা হ'ব বুলি হুংকাৰ দিয়ে ।
Also Read: ধেমাজিত অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ বিশাল প্ৰতিবাদ