সদৌ অসম খণ্ড সমল ব্যক্তি ফৰামৰ বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি

সদৌ অসম খণ্ড সমল ব্যক্তি ফৰামৰ বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্যৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ মান উন্নত আৰু শিক্ষাৰ্থীসকলক উৎকৃষ্ট মানৱ সম্পদ হিচাবে গঢ়ি তোলাৰ এক নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখি আহিছে ৰাজ্যখনৰ খণ্ড সমল ব্যক্তিসকলে। চৰকাৰী খণ্ডৰ প্ৰতিখন বিদ্যালয়ৰ শৈক্ষিক,বিদ্যায়তনিক আৰু পৰিচালনা ব্যৱস্থাৰ নিখুঁত পৰ্যবেক্ষণ কৰি গুণগত শিক্ষা প্ৰদান অভিযানত নিৰন্তৰ ব্ৰতী হোৱা এই খণ্ড সমল ব্যক্তিসকলৰ প্ৰতিনিধিত্বকাৰী সংগঠন "সদৌ অসম খণ্ড সমল ব্যক্তি ফৰাম" ।

সমগ্ৰ শিক্ষা অভিযানৰ অধীনত কৰ্মৰত ৰাজ্যখনৰ ৩৩খন জিলাৰ ২শতাধিক খণ্ড সমল ব্যক্তি (বি আৰ পি)ৰ উমৈহতীয়া প্ৰতিনিধিত্বকাৰী সংগঠন এই ফৰামৰ বাৰ্ষিক অধিবেশনখন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। গুৱাহাটীৰ দিছপুৰস্থিত লোকনিৰ্মান বিভাগৰ প্ৰেক্ষাগৃহত অহা ১৮ জুলাই মঙ্গলবাৰে অনুষ্ঠিতব্য এই এদিনীয়া অধিবেশনৰ সৈতে সংগতি ৰাখি এখন মনোজ্ঞ শৈক্ষিক অভিবৰ্তন আৰু প্রদর্শনৰো আয়োজন কৰা হৈছে ।

ফৰামৰ সভাপতি মুকুল সূতে জানিবলৈ দিয়া মতে ৰাজ্যখনৰ ২ শতাধিক খণ্ড সমল ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হ'ব লগা বাৰ্ষিক অধিবেশনৰ পুৱা পতাকা উত্তোলন ,শ্বহীদ তৰ্পণ আদি কাৰ্যসূচীৰ পাছতে দুপৰীয়া জিলাসমূহৰ দ্বাৰা অধিবেশনথলীত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা মিছনৰ শিক্ষণ আৰু শিকন সামগ্ৰীৰ নমুনা প্রদর্শনৰ এক ব্যতিক্ৰমী প্ৰদৰ্শনী অনুষ্ঠিত হ'ব। শিক্ষাৰ্থীসকলৰ শিকন প্ৰক্ৰিয়াক ব্যৱহাৰিক শিক্ষা পদ্ধতিলৈ কি দৰে উত্তৰণ ঘটাব পাৰি তাক বাস্তৱিক ৰূপত উপস্থাপন কৰি অনুষ্ঠিত এই শৈক্ষিক অভিবৰ্তন আৰু প্ৰদৰ্শনীখন ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে উদ্বোধন কৰিব।

নিপুণ অসমৰ স্বকীয়তা আৰু সাৱলীলতাৰ চিত্ৰায়ন ঘটা এই প্ৰদৰ্শনীৰ পাছতে অনুষ্ঠিত হ'ব মুকলি সভা । শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। আনহাতে,সমগ্ৰ শিক্ষা অভিযান অসমৰ পৰিচালন সঞ্চালক ডঃ ওম প্ৰকাশ, ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমৰ সঞ্চালক ডঃ নিৰদা দেৱী আদি উপস্থিত থাকিব লগীয়া সভাৰ পাছতেই বিয়লি ফৰামৰ সাংগঠনিক সভা অনুষ্ঠিত কৰা হ'ব ।

জানিবলৈ দিয়া মতে এই সাংগঠনিক সভাতেই অনাগত কাৰ্যকালৰ বাবে এখন নতুন সমিতি গঠন কৰা হ'ব । নিয়োজিত বিদ্যায়তনিক কৰ্তব্যৰ লগতে নিজ নিজ খণ্ডৰ বিদ্যালয় পৰিদর্শন, শৈক্ষিক পাঠদান ,শিক্ষক প্ৰশিক্ষণ , বিদ্যালয় সমূহৰ নিয়মানুৱৰ্তীতা পালনৰ ইতিবাচক দিক নিৰ্দেশনা প্ৰদানেৰে শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত মেটমৰা অৱদান আগবঢ়াই অহা ৰাজ্যখনৰ বি আৰ পিসকলক অদ্যপি চৰকাৰ তথা শিক্ষা বিভাগে ভ্ৰমণ বানচ কিম্বা অন্যন্য প্ৰয়োজনীয় ভাট্টা প্ৰদান কৰা নাই । এই ক্ষেত্ৰত শিক্ষা মন্ত্ৰী ডাঃ পেগু আৰু পৰিচালন সঞ্চালক ডঃ ওম প্ৰকাশে যথোচিত গুৰুত্ব প্ৰদান কৰাটো উত্তৰণমুখী শৈক্ষিক ক্ষেত্ৰখনৰ বাবেও কাম্য বুলি উল্লেখ কৰে।

সদৌ অসম খণ্ড সমল ব্যক্তি ফৰামৰ বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি
মহিলাক চুৰিকাঘাত কৰি লুটি নিলে আ-অলংকাৰসহ নগদ ধন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in