ডিজিটেল সংবাদ,মথুৰাপুৰঃ চৰাইদেউ জিলাৰ মথুৰাপুৰৰ নিবাসী,ধৰ্মপ্ৰাণা মহিলা অণু বৰঠাকুৰ আৰু নাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছেল ৯২ বছৰ। সকলোকে শোকৰ সাগৰত পেলাই সোমবাৰে নিশা প্ৰায় ১০-০০ বজাত অণু বৰঠাকুৰে শেষ নিশ্বাস ত্যাগ কৰে।
সকলোৰে প্ৰিয়ভাজন,অতিথিপৰায়ণ আৰু এগৰাকী সৰল মনৰ মহিলা হিচাপে সুপৰিচিত আছিল প্ৰয়াত বৰঠাকুৰ। তেওঁৰ মৃত্যুত সমগ্ৰ মথুৰাপুৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যু সময়ত তেওঁ ৪জনকৈ পুত্ৰ-বোৱাৰীসহ নাতি- নাতিনী ইহসংসাৰ এৰি থৈ যায় ৷