বিহপুৰীয়াত অনুশীলন নাট সমাৰোহ ২০২৩ : মৃনাল দত্তক 'অনুশীলন সন্মান' বটাঁ প্ৰদান

বিহপুৰীয়াত অনুশীলন নাট সমাৰোহ ২০২৩ : মৃনাল দত্তক 'অনুশীলন সন্মান' বটাঁ প্ৰদান

author-image
Asomiya Pratidin
New Update
বিহপুৰীয়াত অনুশীলন নাট সমাৰোহ ২০২৩ : মৃনাল দত্তক 'অনুশীলন সন্মান' বটাঁ প্ৰদান

ডিজিটেল সংবাদ,বিহপুৰীয়া: ১০ ছেপ্টেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বিহপুৰীয়া জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত হৈছে অনুশীলন নাট সমাৰোহ - ২০২৩৷ বিহপুৰীয়াৰ অন্যতম নাট্য চৰ্চাৰ অনুষ্ঠান 'অনুশীলন'ৰ উদ্যোগত অনুষ্ঠিত হোৱা ডাঃ যতীন্দ্ৰ মোহন বৰা সোৱঁৰণী নাট সমাৰোহত প্ৰথম দিনা শংকৰী কলা কৃষ্টিৰ একান্ত সাধক তথা কৃতী শিক্ষক লক্ষেশ্বৰ কেওটৰ স্মৃতিত নিপন পূজাৰীৰ ৰচনা পৰিচালনা আৰু পৰিকল্পনাত “মাধ্যাকৰ্ষণ” নামৰ নাট খনি মঞ্চস্থ কৰা হয়৷

নাটকৰ আৰম্ভণিতে প্ৰয়াত ডা° যতীন্দ্ৰ মোহন বৰাৰ প্ৰতিচ্ছবিত বন্তী প্ৰজ্বলন কৰে তেখেতৰ সহধৰ্মিনী ৰুবি বৰাই আৰু লক্ষেশ্বৰ কেওটৰ প্ৰতিচ্ছবিত বন্তী প্ৰজ্বলন কৰে তেখেতৰ পুত্ৰ তথা 'অনুশীলন'ৰ সভাপতি প্ৰশান্ত কুমাৰ বৰুৱাই। ইয়াৰ পাছতে ঋজু শৰ্মাৰ সম্পাদনাত প্ৰকাশিত সমাৰোহৰ স্মৃতি গ্ৰন্থ খনি উন্মোচন কৰে প্ৰাক্তন বিধায়ক দেবানন্দ হাজৰিকাই৷

অনুষ্ঠানত প্ৰতিষ্ঠিত নাট্যকাৰ, পৰিচালক তথা অভিনেতা মৃণাল দত্তক ২০২৩ বৰ্ষৰ 'অনুশীলন সন্মান' বটাঁ প্ৰদান কৰা হয়৷ উল্লেখযোগ্য যে, ২০১৭ বৰ্ষৰ পৰা অনুশীলনে প্ৰদান কৰি অহা ডা° যতীন্দ্ৰ মোহন বৰা সোৱঁৰণী 'অনুশীলন সন্মান' বটাঁ ইতিমধ্যে বিশিষ্ট সমাজকৰ্মী, স্মৃতিসূৰ্য গোলোক হাজৰিকা(২০১৭), নাট্যকাৰ, অভিনেতা তথা শিক্ষাবিদ তৰুণ চন্দ্ৰ নেওগ(মৰনোত্তৰ ভাৱে- ২০১৯ ) আৰু শিশুমহীয়ান, শিক্ষাবিদ ভৱ শৰ্মা ভড়ালী(মৰনোত্তৰ ভাৱে-২০২১) ক বটাঁ প্ৰদান কৰা হৈছিল৷

দুষ্মন্ত হাজৰিকাই আতঁ ধৰা অনুষ্ঠানতে নাট্যকাৰ পৰিচালক জিন্টু ভট্টাচাৰ্য আৰু ফটো সাংবাদিক অনুপম হাজৰিকাক অনুশীলনৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয় ৷ ইয়াৰ পাছতে মঞ্চস্থ কৰা হয় অনুশীলনৰ ২০২৩ বৰ্ষৰ নিবেদন 'মাধ্যাকৰ্ষণ' ৷ নাটখনিত মৃদুল বৰা, মাধৱ কেওঁট, পংকজ জ্যোতি ভূঞা, অসীম জ্যোতি ফুকন, তিলক বৰা, দূর্লভ নাৰায়ণ বিদ্যার্থী, পৰিস্মিতা বিদ্যার্থী (আইনু), যুগল মেধী, গীতাৰ্থ শৰ্মা, আৰু বুলবুল ভড়ালীৰ অভিনয়ে দৰ্শকক আপ্লুত কৰে ৷ নাট খনিৰ সংগীত ব্যৱস্থাপনা অভিজিত ভূঞা(পাপু) ৰ, মঞ্চ সজ্জা নিপন পূজাৰী আৰু হীৰক ৰক্তিম বৰা (টুকু)ৰ, আলোক সজ্জা ৰাতুল বৰা (বোকাখাত), প্রযোজনা নিয়ন্ত্রক গুণিন্দ্ৰ মোহন বৰা, নগেন শইকীয়া, বুলবুল ভৰালী, ৰূপসজ্জা নাৰায়ণ শইকীয়া আৰু দেৱব্ৰত কাকতিৰ, আৰু সাজসজ্জা ৰূপালী বৰা ঘোষৰ ৷

সমাৰোহৰ দ্বিতীয় নিশা অৰ্থাৎ ১১ ছেপ্টেম্বৰত জিন্টু ভট্টাচাৰ্যৰ ৰচনা আৰু গুনাকৰ দেৱ গোস্বামীৰ পৰিচালনাত “ যাকেৰি নাহিকে উপাম ” (পূৰ্বৰঙ্গ,গুৱাহাটী) নাটক খন মঞ্চস্থ কৰা হ’ব ৷

bihpuria